শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা
দেওবাৰে মণিপুৰত বিজেপিৰ শীৰ্ষ নেতৃত্ব উপস্থিত হৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পিছত সোমবাৰে এন বীৰেন সিঙে ইম্ফলৰ ৰাজভৱনত (Raj Bhawan, Imphal) একেৰাহে দ্বিতীয়বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
বীৰেন সিঙে (N Biren Singh) ৰাজ্যৰ ৰাজ্যপাল লা গণেশন আৰু অন্যান্য ৰাজনৈতিক নেতাসকলৰ উপস্থিতিত আন পাঁচজন বিধায়কৰ সৈতে শপত গ্ৰহণ কৰে। মণিপুৰৰ মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত হোৱা পাঁচজন বিধায়ক হৈছে থ বিশ্বজিৎ, ৱাই খেমচান্দ, গোবিন্দাস কন্থৌজাম, নেমচা কিপগেন আৰু আৱাংবৌ নিউমাই।
শপতগ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা (JP Nadda), মণিপুৰ বিজেপিৰ সভাপতি এ সাৰদা দেৱী, কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সশক্তিকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভূমিক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱ আৰু নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী যন্থুঙ্গো পেটনৰ লগতে অন্যান্যসকলে অংশগ্ৰহণ কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|