পুনৰ ম্যানমাৰে ভাৰতৰ হাতত গতালে পাঁচ বিদ্ৰোহী নেতাক। ম্যানমাৰত ২০১৯ৰ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল RPFৰ এই পাঁচ নেতা ৷ ইয়াৰ পূৰ্বেও ম্যানমাৰে (Myanmar) মণিপুৰ আৰু অসমৰ বহুকেইজন বিদ্ৰোহীক গতাই দিছিল ভাৰতৰ হাতত ৷
বুধবাৰে ভাৰতীয় বায়ু সেনাৰ এখন বিমানেৰে মান্দালয় বিমান বন্দৰৰ পৰা কঢ়িয়াই আনে RPFৰ নেতাকেইজনক ৷ ম্যানমাৰে গতাই দিয়া RPFৰ নেতাকেইজন হ'ল ক্ৰমে ডেভানী ওৰফে নোৰা, কৈৰেং, বান্নাৰ, আংগাম আৰু আবি ৷ বৰ্তমান ইম্ফল কাৰাগাৰত আটাইকেইজন ৷
ম্যানমাৰৰ ছাগায়িং প্ৰদেশত থকা ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠন ULFA-I, NSCN-K, NDFB-S, KLO, UNLF, RPF/PLA, KLKY, PrePRAK, আদিৰ বিৰুদ্ধে ভাৰত চৰকাৰৰ নিৰন্তৰ হেঁচাত ম্যানমাৰৰ সেনাই অভিযান চলাইছিল, যাৰ ফলত ভাৰতীয় মূলৰ সকলো বিদ্ৰোহী সংগঠনে নিজ নিজ শিবিৰসমূহ ত্যাগ কৰি গভীৰ অৰণ্যলৈ যাবলগীয়া হৈছিল ৷
ম্যানমাৰ সেনাৰ সেই অভিযানত NSCN-K, UNLF, RPF, NDFB-Sৰ বহু নেতা-কেডাৰক সেনাই আটক কৰি ম্যানমাৰ আৰক্ষীৰ হাতত গটাই দিছিল ৷ ইয়াৰে বহু কেইজনক ইতিমধ্যে ম্যানমাৰ চৰকাৰে ভাৰতৰ হাতত গতাই দিছে ৷
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মণিপুৰৰ ম্যানমাৰ সীমান্তৱৰ্তী চূড়াচাণ্ডপুৰত RPFৰ সামৰিক গোট PLAয়ে MNPFৰ সহযোগত আছাম ৰাইফলছৰ ওপৰত এক এম্বুছ সংঘটিত কৰিছিল ৷ সেই এম্বুছত আছাম ৰাইফলছৰ এজন কৰ্নেল, কৰ্নেলৰ পুত্ৰ-পত্নীসহ আছাম ৰাইফলছৰ আন চাৰিজন জোৱান নিহত হৈছিল ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseঅসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|