• Home
  • »
  • News
  • »
  • imphal
  • »
  • Tejasvi Surya in Manipur: ''মণিপুৰৰ চি এমক ফুটবলতো পৰাজিত কৰিব নোৱাৰি, নোৱাৰি নিৰ্বাচনতো''– তেজস্বী সূৰ্য 

Tejasvi Surya in Manipur: ''মণিপুৰৰ চি এমক ফুটবলতো পৰাজিত কৰিব নোৱাৰি, নোৱাৰি নিৰ্বাচনতো''– তেজস্বী সূৰ্য 

মণিপুৰত বিজেপিয়ে ফুটবলেৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ মুখ্যমন্ত্ৰী একাদশ বনাম যুৱ মৰ্চা একাদশৰ খেলত জিকিল কোন?

মণিপুৰত বিজেপিয়ে ফুটবলেৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ মুখ্যমন্ত্ৰী একাদশ বনাম যুৱ মৰ্চা একাদশৰ খেলত জিকিল কোন?

মণিপুৰত বিজেপিয়ে ফুটবলেৰে আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷ মুখ্যমন্ত্ৰী একাদশ বনাম যুৱ মৰ্চা একাদশৰ খেলত জিকিল কোন?

  • Share this:

সন্মুখত দেশৰ পাঁচখনকৈ ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচন (Assembly Elections), য'ত আছে দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা উত্তৰ প্ৰদেশো ৷ উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, পঞ্জাৱ আৰু আমাৰ চুবুৰীয়া ৰাজ্য মণিপুৰত ২০২২ৰ আৰম্ভণিতে অনুষ্ঠিত হ'ব নিৰ্বাচন৷ ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকে পাঁচোখন ৰাজ্যৰ বাবে পৃথকে পৃথকে প্ৰস্তুত কৰিছে নিৰ্বাচনী ৰণকৌশল ৷


মণিপুৰ (Manipur)ত সম্প্ৰতি আগন্তুক নিৰ্বাচনৰ বাবে বাহৰ পাতিছেহি বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তথা পশ্চিম বাংগালুৰু সমষ্টিৰ সাংসদ তেজস্বী সূৰ্যই ৷ অকল বাহৰ পতাই নহয়, মণিপুৰত খেলক যি ধৰণে গুৰুত্ব দিয়া হয় সেই গুৰুত্বৰ কথা অনুধাৱন কৰি সোমবাৰে পাটচৈ পাৰ্ট টুৰ পামিয়াল গ্ৰাউণ্ডত এখন বন্ধুত্বসুলভ ফুটবল (Football) খেল খেলিলে মুখ্যমন্ত্ৰী একাদশৰ সৈতে বিজেপি যুৱ মৰ্চা একাদশে ৷


খেলখন ৩-৩ত ড্ৰ হ'লেও এই খেলৰ মাধ্যমেৰেই বিজেপি যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্যই (Tejasvi Surya)ক'লে,  "মণিপুৰত পুনৰ হ'ব বিজেপিৰে চৰকাৰ ৷ মুখ্যমন্ত্ৰী এন বীৰেন সিঙক ফুটবলতো পৰাজিত কৰিব নোৱাৰি, পৰাজিত কৰিব নোৱাৰি নিৰ্বাচনত ৷ এইবাৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে পুনৰ জয়ী হ'ব এন বীৰেন সিঙৰ নেতৃত্বত বিজেপি৷ বিজেপিয়ে পাহাৰ বা ভৈয়ামৰ বাবে বেলেগকৈ উন্নয়নৰ কথা নাভাবে৷ বিজেপি চৰকাৰে 'সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস'ৰ নীতিতহে বিশ্বাস কৰে৷"


অকল ইমানেই নহয় এসময়ত বাতৰি কাকতত মণিপুৰ অকল উগ্ৰপন্থীৰ ঘাটি বুলিহে গম পাইছিল বুলি কৈ তেজস্বী সূৰ্যই লগতে ক'লে ক্ৰীড়া আৰু আন সকলো দিশতে মণিপুৰৰ এতিয়া চিনাকিয়েই সুকীয়া ৷ 


"মই এই প্ৰথম আহিলোঁ মণিপুৰলৈ ৷ কিন্তু এয়া মোৰ শেষ যাত্ৰা নহয় ৷ মণিপুৰ দিল্লীৰ পৰা একেবাৰেই দূৰত নহয় ৷ আনকি বাংগালুৰুও এতিয়া মণিপুৰৰ কাষ চাপিল ৷ বাংগালুৰুত আপোনালোকৰ ভাই-ভনী যি আছে কিবা বিপদ হ'লে মোক ক'ব, মই সহায়ৰ বাবে সাজু ৷" —তেজস্বী সূৰ্যই লগতে কয়।


উল্লেখ্য যে যুৱ মৰ্চা একাদশত আছিল অসম প্ৰদেশ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাংকু  অংকুৰ বৰুৱা, ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাজু বিচটা, ৰাষ্ট্ৰীয় সম্পাদক অৰুণজ্যোতি হাজৰিকা, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উপসভাপতি জয়ন্ত শইকীয়া, ৰাজ্যিক সম্পাদক ঈশান ভ‍ৰালী৷ 

Published by:Gautam Barman
First published: