உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • imphal
    • »
    • বিপদৰ বন্ধু! ট্ৰাক চালকলৈ সহায়ৰ হাত মীৰাবাই ছানুৰ, ক'লে-'মোৰ বিপদৰ সময়ত তেওঁলোকে বহুত সহায় কৰিছিল'

    বিপদৰ বন্ধু! ট্ৰাক চালকলৈ সহায়ৰ হাত মীৰাবাই ছানুৰ, ক'লে-'মোৰ বিপদৰ সময়ত তেওঁলোকে বহুত সহায় কৰিছিল'

    বিপদৰ বন্ধুক সহায়ৰ বাবে আগবাঢ়ি অহা তাৰকা খেলুৱৈগৰাকীয়ে জয় কৰিলে সকলোৰে হৃদয়।

    বিপদৰ বন্ধুক সহায়ৰ বাবে আগবাঢ়ি অহা তাৰকা খেলুৱৈগৰাকীয়ে জয় কৰিলে সকলোৰে হৃদয়।

    বিপদৰ বন্ধুক সহায়ৰ বাবে আগবাঢ়ি অহা তাৰকা খেলুৱৈগৰাকীয়ে জয় কৰিলে সকলোৰে হৃদয়।

    • Share this:
    টকিঅ' অলিম্পিকত ৰূপৰ পদক জয় কৰা চাইখোম মীৰাবাই ছানুৱে পুনৰ এবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। বিপদৰ বন্ধুক সহায়ৰ বাবে আগবাঢ়ি অহা তাৰকা খেলুৱৈগৰাকীয়ে জয় কৰিলে সকলোৰে হৃদয়। শুকুৰবাৰে মীৰাবাইয়ে সন্মান জনাই মণিপুৰৰ ট্ৰাক চালকসকলক। লগতে উল্লেখ কৰে যে, বিপদৰ সময়ত সেইসকল লোকে তেওঁক যথেষ্ট সহায় কৰিছিল।

    মীৰাবাইয়ে প্ৰায়ে উল্লেখ কৰি আহিছিল যে,  কেনেদৰে ট্ৰাক চালকসকলে তেওঁক খুমান লাম্পাকত উপস্থিত হোৱাত সহায় কৰি আহিছিল। প্ৰায় ৩০ কিলোমিটাৰ দূৰত থকা ক্ৰীড়া অনুষ্ঠানত অনুশীলনৰ বাবে যাবলগীয়া হৈছিল মীৰাবাই। আৰু প্ৰতিদিনাই ট্ৰাক চালকসকলে এই ক্ষেত্ৰত সহায় কৰিছিল তাৰকা খেলুৱৈগৰাকীক।



    শুকুৰবাৰে ট্ৰাক চালকসকলক লগ পোৱাৰ পিছতে কান্দোনত ভাঙি পৰে মীৰাবাই। লগতে তেওঁৰ কাৰণে কৰা সহায়ৰ বাবে ট্ৰাকচালকসকলক ধন্যবাদ জনায়। আজি ট্ৰাক চালকসকলক বিভিন্ন উপহাৰো প্ৰদান কৰে মীৰাবাইয়ে।

    উল্লেখ্য যে, মীৰাবাইৰ গাঁৱখন ইম্ফলৰ খুমান লাম্পাকৰ পৰা ৩০ কিলোমিটাৰ দূৰত অৱস্থিত। এটা সময়ত ক্ৰীড়া একাডেমীলৈ যাবলৈ কোনো উপায় নাছিল মীৰাবাইৰ। আৰু এই ক্ষেত্ৰত প্ৰতিদিনাই সহায় কৰিছিল ট্ৰাক চালকসকলে।
    Published by:Himangshu Bhuyan
    First published: