টকিঅ' অলিম্পিকত ৰূপৰ পদক জিকি ইতিহাস সৃষ্টি কৰা মণিপুৰৰ মীৰাবাঈ চানুৱে কয় যে যদি বলীউড জগতে তেওঁৰ জীৱন কাহিনীৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লয়, তেন্তে তেওঁ সন্মানিত হ'ব। এই প্ৰশ্নটো সাক্ষাৎকাৰ লওঁতাই তেওঁৰ বায়'পিক নিৰ্মাণৰ প্ৰসংগত কৰাৰ পিছত তেওঁ এনেদৰে প্ৰকাশ কৰে। মীৰাবাঈক প্ৰশ্নটো কৰা হৈছিল মেৰীকমৰ বায়'পিক চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰসংগক লৈ, য'ত প্ৰিয়ংকা চোপ্ৰাক অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয়ী এম চি মেৰী কমৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল।
তেতিয়া বিশেষকৈ মণিপুৰত এক বিতৰ্ক হৈছিল যে মেৰী কমৰ চৰিত্ৰত প্ৰিয়ংকা চোপ্ৰাক দিয়াতকৈ তেওঁৰ দেহাৱয়বৰ লগত মিলা অভিনেত্ৰীক এই চৰিত্ৰ প্ৰদান কৰিব পাৰিলে হয়। এই দাবী উত্থাপন কৰিছিল মণিপুৰত সোমা লাইশ্ৰামৰ দৰে স্থানীয় চলচ্চিত্ৰ তাৰকা আৰু আন এগৰাকী বলিউড অভিনেতা লিন লাইশ্ৰামে। সোমা লাইশ্ৰামে কৈছিল– "যেতিয়া উত্তৰ-পূব অঞ্চলৰ বহুতো শিল্পীয়ে চেহেৰা আৰু আচৰণৰ বাবে চৰিত্ৰটো পালন কৰিবলৈ উপযুক্ত হয়, তেতিয়া প্ৰিয়ংকা চোপ্ৰাক মেৰী কমৰ চৰিত্ৰটো দিয়াৰ যুক্তি কি?"
উল্লেখ্য, অতি নম্ৰ পৃষ্ঠভূমিৰ পৰা অহা মীৰাবাঈ চানুৱে অলিম্পিকত ৰূপৰ পদক লাভ কৰাৰ পিছতে তেওঁ সংবাদ মাধ্যমৰ মনোযোগ আকৰ্ষণ কৰে। খেলুৱৈগৰাকীয়ে লগতে সকলো ভাৰতীয়কে তেওঁক সমৰ্থন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। মীৰাবাই চানুৱে জীৱনজোৰা পিজ্জা আগবঢ়োৱাৰ বাবে ডমিনোজৰ কোম্পানীকো ধন্যবাদ জনায়, কিয়নো তেওঁ পিজ্জা বহুত ভাল পায়। উল্লেখ্য ৰূপৰ পদক জয় কৰাৰ পিছত তেওঁ পিজ্জা খোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল আৰু ডমিনোজ কোম্পানীয়ে লগে লগে মণিপুৰী ভাৰোত্তোলকগৰাকীক আজীৱন পিজ্জা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|