টকিঅ' অলিম্পিকৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে মেগনিফিচেন্ট এম চি মেৰীকমে। অলিম্পিক গেমছৰ তৃতীয় দিনা দ্বিতীয় হাফত অনুষ্ঠিত মহিলাৰ ৫১ কেজি শাখাৰ প্ৰথম ৰাউন্ডৰ খেলত ভাৰতীয় তাৰকা বক্সাৰ এম চি মেৰীকমে ডমিনিকান ৰিপাব্লিকৰ খেলুৱৈক ৪-১ ব্যৱধানত পৰাস্ত কৰে।
মেৰীকমে পৰাস্ত কৰে ডমিনিকান ৰিপাব্লিকৰ প্ৰতিভাৱান মহিলা বক্সাৰ হাৰ্নান্ডেজ গ্ৰেছিয়া মিগুলিনাক ৪-১ ব্যৱধানত পৰাজিত কৰে। লন্ডন অলিম্পিকৰ পদক বিজয়ী এম চি মেৰীকমে খেলুৱৈ জীৱনৰ অন্তিমখন অলিম্পিকত স্বৰ্ণপদকৰ লক্ষ্যৰে দেওবাৰে ৰিঙত নামে। ৰাজীৱ গান্ধী বঁটা বিজয়ী তাৰকা বক্সাৰ মেৰীকমক লৈ আশাবাদী ভাৰতীয় বক্সিং ফেডাৰেচনৰ লগতে সমগ্ৰ দেশবাসী।
দেশবাসীয়ে মেৰীকমে টকিঅ'ত স্বৰ্ণ পদক জয় কৰিব পাৰিব বুলিয়েই আশীৰ্বাদ কৰিছে। উল্লেখযোগ্য যে টকিঅ' অলিম্পিক গেমছত মনপ্ৰীত সিং সান্ধুৰ সৈতে লগ হৈ ভাৰতীয় দলৰ পতাকা বহন কৰিছিল এম চি মেৰীকমে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|