লণ্ডন অলিম্পিক গেমছৰ পদক বিজয়ী বিশ্ববিখ্যাত বক্সাৰ মাংটে চুংনেজাং মেৰী কম। এম চি মেৰী কমৰ স্বামী কে অনলেৰ কম সকলোৰে মাজত অনলেৰ নামেৰে পৰিচিত। তেওঁ আগন্তুক ২০২২ বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হ'বলগীয়া মণিপুৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
কে অনলেৰে মণিপুৰৰ চুড়াচান্দপুৰ জিলাৰ ৫৯নং চাইকোট বিধান সভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। বিশ্ব চেম্পিয়ন বক্সাৰ মেৰীকমৰ স্বামী অনলেৰে কিছুদিন পূৰ্বে চুড়াচান্দপুৰ জিলাৰ চুমুলামলান গাঁওৰ এখন সভাত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে।
তেওঁ এই মুহূৰ্তত অৱশ্যে কোনো দলত যোগ দিব নে নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেই কথা ৰাজহুৱা কৰা নাই। অনলেৰে আশা কৰিছে যে চাইকোট সমষ্টিত তেওঁৰ প্ৰতিদ্বন্দ্বী হ'ব মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক টেলছিং নাঙামজাং হাওকিপ।
উল্লেখ্য যে বিগত ২০১৭ চনৰ মণিপুৰ বিধানসভা নিৰ্বাচনত টি এন হাওকিপে তেওৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ পোৱাখিলাল হাওকিপক প্ৰায় ৫ হাজাৰ ভোটত পৰাস্ত কৰে। ৰাজ্যসভাৰ মনোনীত সাংসদ মেৰী কমৰ স্বামীয়ে জয় লাভৰ লক্ষ্যৰে ইতিমধ্যে সমষ্টিত নামি পৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|