মুখ্যপৃষ্ঠা »খবৰ »ইম্ফল »Manipur: মণিপুৰৰ জিৰিবাম জিলাত এশ শতাংশ কোভিড টিকাকৰণ, হ্ৰাস পাইছে কোভিডৰ ত্ৰাস

Manipur: মণিপুৰৰ জিৰিবাম জিলাত এশ শতাংশ কোভিড টিকাকৰণ, হ্ৰাস পাইছে কোভিডৰ ত্ৰাস

Ahanthem Bishworjit Meitei, Imphal East

Ahanthem Bishworjit Meitei, Imphal East

Ahanthem Bishworjit Meitei, Imphal East

  • Share this:

মণিপুৰৰ জিৰিবাম জিলা ১০০ শতাংশ কোভিড টিকাকৰণ প্ৰাপ্ত কৰা প্ৰথম জিলা হিচাপে পৰিগণিত হৈছে। মণিপুৰৰ ১৬খন জিলাৰ ভিতৰত জিৰিবাম জিলা মণিপুৰৰ প্ৰথম সম্পূৰ্ণ এশ শতাংশ কোভিড-১৯ টিকাকৰণ কৰা জিলা হিচাপে পৰিগণিত হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে বুধবাৰে এক অনুষ্ঠানত ঘোষণা কৰিছে যে জিলাখনক এই সাফল্যৰ বাবে পূৰ্বে প্ৰকাশ কৰা মতে ২০ লাখ টকা প্ৰদান কৰা হ'ব।


তেওঁ লগতে কয় যে ৰাজ্যখন যিকোনো তৃতীয় ঢৌৰ সন্মুখীন হ'বলৈ সাজু। ৰাজ্যখনে ইতিমধ্যে ইয়াৰ স্বাস্থ্য সেৱা কেন্দ্ৰ আৰু আন্তঃগাঁথনি উন্নত কৰিছে আৰু মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ জনশক্তি বৃদ্ধি কৰিছে।


উল্লেখ্য, অসমৰ সীমান্তৱৰ্তী জিলা জিৰিবামত টিকাকৰণ অভিযান ৯ ফেব্ৰুৱাৰী ২০২১ তাৰিখে স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীৰ সহযোগত আৰম্ভ কৰা হৈছিল। জিলা স্বাস্থ্য কৰ্তৃপক্ষই ৪৩১টা টিকাকৰণ অভিযানৰ পৰিকল্পনা কৰিছিল, যি অভিযানে কালিলৈকে ৪২৩ৰ ঘৰ স্পৰ্শ কৰিছে। এই অভিযানৰ ভিতৰত আছে দূৰৱৰ্তী গাঁও অঞ্চলসমূহো।


২০২১ চনৰ ভোটাৰ ৰোল অনুসৰি, জিলাখনত মুঠ ২৭,৩৯২গৰাকী ভোটাৰ আছে আৰু মুঠ যোগ্য ২৭৪২৯গৰাকীয়ে প্ৰথম পালি টিকা লৈছে, ইয়াৰে ৫০১৫গৰাকীয়ে তেওঁলোকৰ দ্বিতীয় জেব লাভ কৰিছে। ইফালে, ৰাজ্যখনত যোৱা সপ্তাহত কোভিড সংক্ৰমণৰ ঘটনা কমি আহিছে। পৰীক্ষা কৰা ৪৩৬০টা নমুনাৰ ভিতৰত কেৱল ৩৮২গৰাকীৰ দেহত কোভিড ধৰা পৰে।


আনহাতে আৰোগ্যৰ হাৰ ৯৫ শতাংশতকৈ ওপৰলৈ বৃদ্ধি হৈছে। ৰাজ্যখনত এতিয়ালৈ  মুঠ ১৫,৩১,৭২৮গৰাকীৰো অধিক ব্যক্তিৰ টিকাকৰণ হৈছে, য'ত ১১,৮৮,২৮১ গৰাকীয়ে তেওঁলোকৰ প্ৰথম পালি গ্ৰহণ কৰিছে আৰু ৩,৪৩,৪৪৭ গৰাকীয়ে দ্বিতীয় পালি গ্ৰহণ কৰিছে।

শেহতীয়া বাতৰি