মুখ্যপৃষ্ঠা » খবৰ

» ইম্ফল

»Black Fungusত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু মণিপুৰত, আক্ৰান্ত হৈছিল দুগৰাকী

Black Fungusত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু মণিপুৰত, আক্ৰান্ত হৈছিল দুগৰাকী

News18 Assam | News18-Assam
Updated:June 2, 2021, 8:19 PM IST
Black Fungusত প্ৰথমগৰাকী ৰোগীৰ মৃত্যু মণিপুৰত, আক্ৰান্ত হৈছিল দুগৰাকী
চুবুৰীয়া ৰাজ্যখনতো কোভিডৰ সংক্ৰমণ অব্যাহত আছে, ৰাজ্যখনত মুঠ ৮২৫গৰাকী লোকে কোভিডত মৃত্যুবৰণ কৰিছে।

চুবুৰীয়া ৰাজ্যখনতো কোভিডৰ সংক্ৰমণ অব্যাহত আছে, ৰাজ্যখনত মুঠ ৮২৫গৰাকী লোকে কোভিডত মৃত্যুবৰণ কৰিছে।

  • Share this:

ব্লেক ফাংগাছৰ সংক্ৰমণত মৃত্যুৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে চুবুৰীয়া ৰাজ্য মণিপুৰত। খবৰ অনুসৰি ৰাজ্যখনত দুগৰাকী লোকৰ দেহত ব্লেক ফাংগাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰে এগৰাকী পশ্চিম ইম্ফলৰ ৪৬ বছৰীয়া লোক, যি এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন অৱস্থাত কালি মৃত্যুমুখত পৰে। একেখন জিলাৰে আনগৰাকী ৪৯ বছৰীয়া লোক বৰ্তমান RIMS হাস্পতালত চিকিৎসাধীন হৈ আছে।


উল্লেখ্য, মণিপুৰত সম্প্ৰতি ৮৯৪২গৰাকী লোক কোভিডত আক্ৰান্ত হৈ আছে আৰু মুঠ আক্ৰান্ত হৈছে এতিয়ালৈ ৫১,৫৪৯গৰাকী। ৰাজ্যখনত মুঠ ৮২৫গৰাকী লোকে কোভিডত মৃত্যুবৰণ কৰিছে।

Published by: Gautam Barman
First published: June 2, 2021, 8:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি