உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • imphal
    • »
    • মণিপুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিদ্ৰোহী সংগঠন UNLFৰ শক্তি প্ৰদৰ্শন, ৰাজহুৱা কৰিলে কেম্পৰ ভিডিঅ'

    মণিপুৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিদ্ৰোহী সংগঠন UNLFৰ শক্তি প্ৰদৰ্শন, ৰাজহুৱা কৰিলে কেম্পৰ ভিডিঅ'

    ভিডিঅ' ৰাজহুৱা কৰি কি ক'ব বিচাৰিছে UNLFয়ে?

    ভিডিঅ' ৰাজহুৱা কৰি কি ক'ব বিচাৰিছে UNLFয়ে?

    ভিডিঅ' ৰাজহুৱা কৰি কি ক'ব বিচাৰিছে UNLFয়ে?

    • Share this:
    মণিপুৰ বিধান সভাৰ আসন্ন নিৰ্বাচনৰ পূৰ্বে মণিপুৰৰ আটাইতকৈ পুৰণি বিদ্ৰোহী সংগঠন UNLFয়ে ৰাজহুৱা কৰিছে এটা ভিডিঅ' ৷ ভিডিঅ'ত দেখা গৈছে সশস্ত্ৰ বিদ্ৰোহী সংগঠন UNLFৰ সামৰিক গোট MPAৰ ফ্ৰণ্ট লাইন গোটৰ কেম্পৰ কেতবোৰ আগতে কোনেও নেদেখা দৃশ্য ৷ বিদ্ৰোহী সংগঠনটোৰ সামৰিক গোট MPAৰ ২৯৩ নং বেটেলিয়নৰ ডেল্টা-ৱানৰ কেম্পত এজাক সশ্স্ত্ৰ গেৰিলাক দেখা গৈছে ৷ ভিডিঅ'টোত কোনোবাই ভাত ৰান্ধিছে, কোনোবাই পহৰা দিছে আৰু কোনোবাই বিশ্ৰাম লৈছে অস্থায়ী স্থানত ৷

    দুটা পৰ্যায়ত মণিপুৰ বিধানসভাৰ ১৩ সংখ্যক নিৰ্বাচন অনুষ্ঠিত হ'ব (Manipur Legislative Assembly election) ৷ ডেৰ কুৰিতকৈ অধিক সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰে ভৰি থকা মণিপুৰত ২৭ ফেব্ৰুৱাৰী আৰু ৩ মাৰ্চত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ নিৰ্বাচনৰ বাবে ইতিমধ্যে সমগ্ৰ পাহাৰীয়া ৰাজ্যখনত বিশেষ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী (security forces) ৷

    উল্লেখযোগ্য ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্যখনত সঘনে বিভিন্ন বিদ্ৰোহী সংগঠনে কূটাঘাতমূলক কাৰ্য সংঘটিত কৰি আহিছে ৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তত সেনা আৰু আছাম ৰাইফলছৰ ওপৰত সঘনে এইসমূহ বিদ্ৰোহী সংগঠনে এম্বুছ সংঘটিত কৰি আহিছে ৷  সমান্তৰালকৈ সেনা আৰু আছাম ৰাইফলছেও অব্যাহত ৰাখিছে বিদ্ৰোহী বিৰুদ্ধে কঠোৰ অভিযান ৷
    Published by:Gautam Barman
    First published: