সুদীৰ্ঘ ৪১ বছৰ পিছত ভাৰতীয় পুৰুষ হকী দলে ব্ৰঞ্জৰ পদক নিশ্চিত কৰে টকিঅ' অলিম্পিকত । ১৯৮০ চনৰ মস্কো অলিম্পিকৰ পিছত ভাৰতীয় পুৰুষ হকী দলে পদক দখল কৰিবলৈ সক্ষম হয় এইবাৰ। ব্ৰঞ্জৰ পদক দখলৰ যুঁজত জাৰ্মানীক ৫-৪ ব্যৱধানত পৰাস্ত কৰে ভাৰতীয় পুৰুষ হকী দলে। ভাৰতৰ এই জয়ৰ এগৰাকী অন্যতম খেলুৱৈ আছিল মণিপুৰৰ নীলকান্ত শৰ্মা।
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ( N Biren Singh) মণিপুৰত জন্মগ্ৰহণ কৰা ভাৰতীয় মিডফিল্ডাৰ নীলাকান্তৰ বাবে চাকৰিৰ আশ্বাস আৰু ৭৫ লাখ টকা প্ৰদানৰ কথা ঘোষণা কৰে।
ঐতিহাসিক জয় সাব্যস্ত কৰাৰ পিছত মুখ্যমন্ত্ৰীৰ সৈতে মুখামুখি ভিডিঅ' বাৰ্তালাপত মুখ্যমন্ত্ৰীয়ে ৭৫ লাখ নগদ পুৰষ্কাৰৰ বাহিৰে তেওঁ ৰাজ্য চৰকাৰৰ ফালৰ পৰা কি বিচাৰে বুলি সোধাত চাংলাকপামে উত্তৰত কয় যে তেওঁক উপযুক্ত চৰকাৰী চাকৰি প্ৰদান কৰিব পাৰি। কিয়নো তেওঁ বৰ্তমান ৰে'লৱেত জ্যেষ্ঠ টিকট সংগ্ৰাহক হিচাপে কাম কৰি আছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।