মণিপুৰত বিজেপি নেতাক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। দৃৰ্বৃত্তৰ গুলীত প্ৰাণ হেৰুওৱা বিজেপি নেতগৰাকী মণিপুৰ বিজেপিৰ প্ৰাক্তন সেনাবাহিনী কোষৰ সাধাৰণ সম্পাদক (Manipur BJP ex-servicemen cell general secretary) লাইশ্ৰম ৰামেশ্বৰ সিং (৫০) বুলি জানিব পৰা গৈছে।
মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত থৌবালস্থিত (Thoubal Kshetri leikai) তেওঁৰ আৱাসগৃহত অচিনাকি লোকে গুলীয়াই হত্যা কৰে। স্থানীয় লোকে জনোৱা মতে, নিজৰ বাসগৃহ থকা অৱস্থাতে দুৰ্বৃত্তই সিঙক লক্ষ্য কৰি কেইবাজাঁই গুলীচালনা কৰি পলাই যায়। গুৰুতৰভাৱে আহত কৰে সিঙক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও দুৰ্ভাগ্যবশতঃ তেওঁৰ (Laishram Rameshwor Singh) মৃত্যু হয়।
আৰক্ষীয়ে সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰিছে আৰু গোচৰটোৰ সকলো কোণৰ পৰা তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাক গৰিহণা দি বিজেপি দলে মৃত নেতা গৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে দলটোৱে বিষয়টোৰ সম্যক তদন্তৰ দাবী জনাইছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল’বলৈ কৰ্তৃপক্ষক আহ্বান জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|