মুখ্যপৃষ্ঠা »খবৰ »ইম্ফল »Explosion in Manipur : মণিপুৰৰ ৰাজধানী ইম্ফলত ফেশ্বন শ্ব'ৰ আয়োজনস্থলীত বিস্ফোৰণ

Explosion in Manipur : মণিপুৰৰ ৰাজধানী ইম্ফলত ফেশ্বন শ্ব'ৰ আয়োজনস্থলীত বিস্ফোৰণ

Explosion in fashion show venue : অনুষ্ঠানৰ শ্ব’ ষ্টপাৰ হিচাপে বলীউড অভিনেত্ৰী ছানি লিয়নীয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল।

Explosion in fashion show venue : অনুষ্ঠানৰ শ্ব’ ষ্টপাৰ হিচাপে বলীউড অভিনেত্ৰী ছানি লিয়নীয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল।

  • Share this:

মণিপুৰৰ ৰাজধানী ইম্ফলত বিস্ফোৰণ। আজি পুৱা প্ৰায় ৬.০৫ বজাত ইম্ফল ইষ্টৰ হাপ্তা কাংজেইবুঙত ফেশ্বন শ্ব’ আয়োজন স্থলীত এই বিস্ফোৰণ হয়। বিস্ফোৰণটো অহা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ফেশ্বন শ্ব'ৰ সৈতে জড়িত বুলি অনুমান কৰা হৈছে।


এই ফেশ্বন শ্ব'ত অংশ লোৱাৰ কথা আছিল বলীউডৰ অভিনেত্ৰী ছানী লিয়নী (Bollywood actor Sunny Leone)। হাউছ অৱ আলী ( House of Ali)য়ে হেণ্ডলুমৰ প্ৰচাৰৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ শ্ব’ ষ্টপাৰ হিচাপে বলীউড অভিনেতা ছানি লিয়নীয়ে অংশগ্ৰহণ কৰাৰ কথা আছিল।


মণিপুৰ আৰক্ষী (Manipur Police)ৰ খবৰ অনুসৰি মঞ্চৰ সমীপত হেণ্ড গ্ৰেনেড বিস্ফোৰণত সভাস্থলীৰ ক্ষতি হয়। সৌভাগ্যক্ৰমে কোনো লোকৰ হতাহতি হোৱা নাই। প্ৰশাসনে আইন-শৃংখলাৰ স্বাৰ্থত এই ফেশ্বন শ্ব' (Fashion Show) বাতিল কৰিছে। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও কোনো লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

শেহতীয়া বাতৰি