মুখ্যপৃষ্ঠা »খবৰ »ইম্ফল »Manipur: মণিপুৰত দুটা দিনত জব্দ প্ৰায় ১৯ কেজি চোৰাং সোণ

Manipur: মণিপুৰত দুটা দিনত জব্দ প্ৰায় ১৯ কেজি চোৰাং সোণ

এয়াৰ ফিল্টাৰ কম্পাৰ্টমেণ্টত সোণৰ বিস্কুটবোৰ আঠা লগাই অনা হৈছিল।

এয়াৰ ফিল্টাৰ কম্পাৰ্টমেণ্টত সোণৰ বিস্কুটবোৰ আঠা লগাই অনা হৈছিল।

  • Share this:
শুল্ক বিভাগে ইম্ফলত ৮.৩ কিলোগ্ৰাম ওজনৰ ৫০খন সোণৰ বিস্কুট জব্দ কৰে। ইয়াৰ মূল্য ৪,৪৩,৯৫,২০০ কোটি হ'ব বুলি জানিব পৰা গৈছে।

সোমবাৰে আবেলি চান্দেল জিলাৰ থামনাপোকপিত দুজন যুৱকৰ দ্বাৰা সোণৰ চোৰাং সৰবৰাহ কৰাৰ সময়ত ইম্ফলৰ শুল্ক বিভাগে (Customs Imphal Division) তালাচী অভিযান চলায় দুয়োকে সোণসহ গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত চোৰাং ব্যৱসায়ী দুজনক খোমজঙৰ ২৬ বছৰীয়া এছ হেমচন্দ্ৰ, থৌবাল আৰু চান্দেলৰ ২৮ বছৰীয়া চাৰাঙ্গা ফুমটিল মাৰিং বুলি চিনাক্ত কৰা হৈছে (Customs Imphal Division seized 50 gold biscuits)।

তেওঁলোক দুয়োকে শুল্ক আইন, ১৯৬৫ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

কাষ্টম ইম্ফল ডিভিজনৰ সহকাৰী আয়ুক্ত এইচ এল চংগেটে কয় যে সীমান্তৱৰ্তী চহৰ মোৰেহৰ পৰা চোৰাং সোণ লৈ ইম্ফল অভিমুখে আহি আছিল দুই যুৱক। বাহনখনৰ এয়াৰ ফিল্টাৰ কম্পাৰ্টমেণ্টত সোণৰ বিস্কুটবোৰ আঠা লগাই অনা হৈছিল।

উল্লেখ্য, দেওবাৰে শুল্ক বিভাগে ইম্ফল বিমানবন্দৰৰ পৰা প্ৰায় ৬ কোটি টকাৰ ১০ কিলোগ্ৰামৰো বেছি সোণ জব্দ কৰিছিল।

শেহতীয়া বাতৰি