Manipur Congress: মণিপুৰত আজিৰ ভিতৰত অন্তৰ্ৱৰ্তীকালীন সভাপতি নিশ্চিত কৰাৰ নিৰ্দেশ হাইকমাণ্ডৰ

News18 Assam | News18-Assam
Updated:July 22, 2021, 8:18 PM IST
Manipur Congress: মণিপুৰত আজিৰ ভিতৰত অন্তৰ্ৱৰ্তীকালীন সভাপতি নিশ্চিত কৰাৰ নিৰ্দেশ হাইকমাণ্ডৰ
মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গোবিন্দাছ কন্থুজামে বুধবাৰে পদ  ত্যাগ কৰে।

মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গোবিন্দাছ কন্থুজামে বুধবাৰে পদ  ত্যাগ কৰে।

  • Share this:

কংগ্ৰেছ হাইকমাণ্ডে বিচৰাধৰণে মণিপুৰত কংগ্ৰেছৰ আজি অন্তৰ্ৱৰ্তীকালীন সভাপতি বাছনি কৰাটো নিশ্চিত। এইক্ষেত্ৰত এআইচিচি মণিপুৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ভক্ত চৰণ দাসে কালিৰ পৰা ৰাজ্যৰ ৰাজধানীৰ কংগ্ৰেছ ভৱনত চিএলপি নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰাম ইবোবি সিঙকে ধৰি কংগ্ৰেছ বিধায়কসকলৰ সৈতে এখন বৈঠকত বহে।


কালি ছোনিয়া গান্ধীৰ নিৰ্দেশত ততাতৈয়াকৈ ভক্তচৰণ দাস ইম্ফলত উপস্থিত হৈছিল। ইম্ফলৰ হোটেল ক্লাছিকত তেওঁ কংগ্ৰেছৰ  বিধায়ক কে আলফ্ৰেড কানঙ্গম আৰু প্ৰাক্তন মন্ত্ৰী ড০ খ ৰতনকুমাৰৰ লগতে কংগ্ৰেছৰ আন নেতাৰ সৈতে কেইবাখনো বৈঠক কৰে।   ভক্ত চৰণ দাসে কয়- হাইকমাণ্ড মণিপুৰ কংগ্ৰেছৰ এনে আভ্যন্তৰীণ বিষয়ত অতি সংবেদনশীল হৈ আছে। আমাৰ সৈতে তেখেতসকলে যোগাযোগত আছে।'


আনহাতে  মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গোবিন্দাছ কন্থুজামে তেওঁৰ পদ    ত্যাগ কৰাক লৈ দাসে কয় য়ে পাৰ্টি এৰিছে ঠিকে আছে, কিন্তু তেওঁ কেৱল অপেক্ষা আৰু নীৰৱে চাবলৈ এৰি থৈছে।



উল্লেখ্য, মণিপুৰ প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গোবিন্দাছ কন্থুজামে বুধবাৰে পদ  ত্যাগ কৰে। সভাপতিগৰাকীৰ লগতে কংগ্ৰেছৰ ৮ বিধায়কে বিজেপিত যোগদানৰ কুচকাৱাজ চলি থকা বুলি জানিব পৰা গৈছে। এয়া বিধানসভা নিৰ্বাচনৰ আগেয়ে কংগ্ৰেছৰ বাবে মোক্ষম আঘাত ৰূপে বিবেচিত হৈছে।

Published by: Gautam Barman
First published: July 22, 2021, 8:18 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি