মুখ্যপৃষ্ঠা » খবৰ

» ইম্ফল

»Mob Sets on Fire Moreh: মণিপুৰৰ সীমান্ত চহৰ মোৰেহত কমাণ্ডো কমপ্লেক্স জ্বলাই দিলে খঙাল জনতাই

Mob Sets on Fire Moreh: মণিপুৰৰ সীমান্ত চহৰ মোৰেহত কমাণ্ডো কমপ্লেক্স জ্বলাই দিলে খঙাল জনতাই

News18 Assam | News18-Assam
Updated:July 27, 2021, 9:00 PM IST
Mob Sets on Fire Moreh: মণিপুৰৰ সীমান্ত চহৰ মোৰেহত কমাণ্ডো কমপ্লেক্স জ্বলাই দিলে খঙাল জনতাই
কাৰ্ফিউ ভংগৰ অপৰাধত বন্দী কৰা লোকৰ সমৰ্থনত এই উত্তেজনা।

কাৰ্ফিউ ভংগৰ অপৰাধত বন্দী কৰা লোকৰ সমৰ্থনত এই উত্তেজনা।

  • Share this:

ভাৰত–ম্যানমাৰ সীমান্তৰ মণিপুৰৰ চহৰ মোৰেহ কমাণ্ডো কমপ্লেক্স খঙাল জনতাৰ দ্বাৰা জ্বলি উঠিল। মণিপুৰৰ নতুনকৈ সৃষ্টি কৰা টেংনুয়াল জিলাত থকা সীমান্ত চহৰ মোৰেহত জনতাই মোৰেহ পুলিচ কমাণ্ডো কমপ্লেক্সত জুই লগাই দিয়ে। উত্তেজিত জনতাই  কমাণ্ডোৱে এজন লোকক প্ৰহাৰ কৰাৰ লগতে কাৰফিউ উলংঘনৰ বাবে তেওঁক মোৰেহ আৰক্ষী চকীত ৰখাৰ পিছত এই কাণ্ড সংঘটিত কৰে।


জানিব পৰা মতে, টেলিকম কাৰ্যালয়ত কাম কৰা এজন লোকক আবেলি প্ৰায় ৪:৩০ বজাত কৰ্তব্যৰত কমাণ্ডোৱে ৰখাইছিল। ইয়াৰ পিছত লোকজনে ফোনৰ জৰিয়তে কামলৈ যোৱাৰ সময়ত তেওঁক বাধা দিয়া আৰু প্ৰহাৰ কৰাৰ অভিযোগ কৰে ৰাইজক।


অলপ সময়ৰ ভিতৰতে  বিশাল জনতা সমৱেত হয়  আৰক্ষী চকীত।  আৰক্ষীয়ে জনতাক  মাপাও নামৰ উক্ত লোকগৰাকীক পুলিচ ষ্টেচনৰ পৰা বাহিৰলৈ নিয়াৰ কথা কয় যদিও তেওঁলোকে প্ৰস্তাৱটো অস্বীকাৰ কৰে আৰু তেওঁক প্ৰহাৰ কৰাত জড়িত কমাণ্ডোসকলক হস্তান্তৰ কৰিবলৈ দাবী জনায়।



 ইয়াৰ পিছতে জনতাই সম্পত্তি ধ্বংস কৰাৰ লগতে জ্বলন্ত টায়াৰ আৰক্ষী চকীৰ চৌহদত দলিয়াই দিয়ে।

Published by: Gautam Barman
First published: July 27, 2021, 8:54 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি