মুখ্যপৃষ্ঠা »খবৰ »ইম্ফল »Manipur | Bomb Blast : নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ মাত্ৰ দুদিন পিছতে মণিপুৰত বোমা বিস্ফোৰণ, নিহত ১

Manipur | Bomb Blast : নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ মাত্ৰ দুদিন পিছতে মণিপুৰত বোমা বিস্ফোৰণ, নিহত ১

 শেহতীয়াকৈ সমাপ্ত মণিপুৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী আছিল।

শেহতীয়াকৈ সমাপ্ত মণিপুৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী আছিল।

শেহতীয়াকৈ সমাপ্ত মণিপুৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী আছিল।

  • Share this:

দ্বাদশ মণিপুৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ মাত্ৰ দুদিন পিছত শনিবাৰে নিশা প্ৰায় ৭.২০ বজাত ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাৰ জিয়ন ষ্ট্ৰীটত অৱস্থিত এখন গ্ৰোচাৰী দোকানৰ সন্মুখত এটা বোমা বিস্ফোৰণ হয় ( ‍Bomb exploded in Manipur)।
বিস্ফোৰণৰ সময়ত দোকানখনৰ কৰ্মচাৰী ২৮ বছৰীয়া দীপক শ্বাহ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যুবৰণ কৰে।


নিৰ্ভৰযোগ্য সূত্ৰ অনুসৰি, দোকানৰ (grocery store) ভৱনটোৰ গৰাকী হৈছে জেমছ খুমা হেজেল (James Khuma Hazel), যি শেহতীয়াকৈ সমাপ্ত মণিপুৰ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী আছিল।


বোমাটো দোকানৰ বাহিৰত থকা ডাষ্টবিনৰ ভিতৰত ৰখা হৈছিল, আৰক্ষী সূত্ৰই কয় যে বিস্ফোৰণ সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে।

শেহতীয়া বাতৰি