মাজত মাত্ৰ চাৰিটা মাহ ৷ তাৰ পূৰ্বে বন্দুকৰ ঝনঝননি বাঢ়িছে চুবুৰীয়া ৰাজ্য মণিপুৰত ৷ বিগত এটা মাহত বন্দুকেৰে চলোৱা আক্ৰমণত বহুকেইজন ৰাজনৈতিক দলৰ নেতা-কৰ্মী আঘাতপ্ৰাপ্ত হৈছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মণিপুৰ চৰকাৰে এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷
মণিপুৰ চৰকাৰৰ গৃহ বিভাগৰ এক নিৰ্দেশনা মৰ্মে পাহাৰীয়া ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশে নিজ নিজ জিলাত বসবাস কৰা লোকক অনুজ্ঞাপত্ৰ থকা সকলো বন্দুক জমা দিবলৈ নিৰ্দেশ দিছে ৷ নিৰ্দেশনা জাৰি কৰাৰ পিছতে তাৎক্ষণিকভাৱে নিজ নিজ অনুজ্ঞাপত্ৰ থকা বন্দুকবোৰ নিজ নিজ অঞ্চলৰ আৰক্ষী থানা বা আৰক্ষী চকীত জমা দিব লাগিব সকলো লোকে ৷ অন্যথা আইনমতে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে ৷
উল্লেখযোগ্য যে বিগত ২৭ অক্টোবৰতে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে ৰাজ্যখনৰ সাম্প্ৰতিক আইন-শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰি অনুজ্ঞাপত্ৰ থকা সকলো বন্দুক শীঘ্ৰে জমা দিব লাগিব বুলি ঘোষণা কৰিছিল ৷ ইয়াৰ পিছতে গৃহ বিভাগৰ নিৰ্দেশনা ক্ৰমে এতিয়া জিলা দণ্ডাধীশসকলে জাৰি কৰিছে বন্দুক জমা দিয়াৰ নিৰ্দেশ ৷
৬০খন আসনযুক্ত মণিপুৰ বিধানসভাৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল অহা ১৯ মাৰ্চত উকলিব ৷ তাৰ পূৰ্বে নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰিব পাহাৰীয়া ৰাজ্যখনত নিৰ্বাচন ৷ BJP নেতৃত্বাধীন মৰ্চা চৰকাৰখন আগন্তুক নিৰ্বাচনত পুনৰ জয়ী হ'বনে নাই, সেই লৈ এতিয়া চলিছে ৰাজনৈতিক মহলত ব্যাপক চৰ্চা ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|