মুখ্যপৃষ্ঠা » খবৰ

» হায়দৰাবাদ

»Covid vaccine: গৃহহীন, জ্যেষ্ঠ নাগৰিক আৰু হকাৰসকলৰ টীকাকৰণৰ বাবে স্বেচ্ছাসেৱী সংগঠনৰ vaccination on wheels অভিযান ...

Covid vaccine: গৃহহীন, জ্যেষ্ঠ নাগৰিক আৰু হকাৰসকলৰ টীকাকৰণৰ বাবে স্বেচ্ছাসেৱী সংগঠনৰ vaccination on wheels অভিযান ...

News18 Assam | News18-Assam
Updated:May 28, 2021, 3:43 PM IST
Covid vaccine: গৃহহীন, জ্যেষ্ঠ নাগৰিক আৰু হকাৰসকলৰ টীকাকৰণৰ বাবে স্বেচ্ছাসেৱী সংগঠনৰ vaccination on wheels অভিযান ...
Image credits: News18/Mirza Ghani Baig.

৫০ খনতকৈও অধিক মোবাইল ভেকছিনেছন ভানেৰে গৃহহীন, জ্যেষ্ঠ নাগৰিক আৰু হকাৰসকলৰ টীকাকৰণৰ বাবে স্বেচ্ছাসেৱী সংগঠনটোৱে আৰম্ভ কৰিছে vaccineৰ এই অভিযান ।

  • Share this:

ভাৰতে ১৮ৰ পৰা ৪৫ বছৰ বয়সৰ লোকৰ ভেকছিন অভিযান মুকলি কৰাৰ প্ৰায় এমাহ পিছতো এতিয়াও এক গুৰুত্বপূৰ্ণ অংশৰ বাবে ভেকছিন লাভ কৰাটো চিন্তাৰ বিষয় হৈ পৰিছে। বিশেষকৈ সেইসকলৰ বাবে যাৰ ওচৰত পঞ্জীয়ন কৰিবলৈ কোউইন (CoWin)ৰ দৰে প্ৰযুক্তিৰ সুবিধা নাই। এই অৱস্থাটো উন্নত কৰাৰ প্ৰচেষ্টাৰে হায়দৰাবাদস্থিত এনজিঅ' ছাকিনা ফাউণ্ডেচনে (Sakina Foundation) প্ৰয়োজনীয় লোকসকলক অত্যাৱশ্যকীয় ভেকছিন লাভ কৰাত সহায় কৰিবলৈ হাতত লৈছে বিশেষ প্ৰচেষ্টা ।


ছাকিনা ফাউণ্ডেশ্যনৰ অধ্যক্ষ আচিফ হুছেইন চোহেলৰ নেতৃত্বত ৫০ খনতকৈও অধিক মোবাইল ভেকছিনেছন ভানেৰে এনজিঅ'টোৱে গৃহহীন, জ্যেষ্ঠ নাগৰিক আৰু পথৰ কাষৰ হকাৰসকলক ভেকছিন লাভত সহায় কৰিবলৈ চেষ্টা কৰিছে। ৫০ খন মোবাইল ভেকছিনেছন ভান (Mobile Vaccination Van) হায়দৰাবাদৰ চাৰিওটা অঞ্চলৰ লগতে আদিলাবাদ, কৰিমনগৰ, সূৰ্যপেট, নালগোণ্ডা আৰু তেলেংগানাৰ নিৰ্মল জিলাত অৱস্থিত।


ছাকিনা ফাউণ্ডেচন দলে টিকাকৰণ কেন্দ্ৰলৈ লোকসকলক পৰিবহন কৰাত সহায় কৰে। এই 'vaccination on wheels' অভিযানত জড়িত থকা ১০০ জন স্বেচ্ছাসেৱকৰ বাবে এইটো সম্ভৱ হৈছে।



ছাকিনা ফাউণ্ডেশ্যনৰ অধ্যক্ষ আচিফ হুছেইন চোহেলে News18ক কৈছিল যে তেওঁলোকে হেল্পলাইনৰ জৰিয়তে ভেকছিন লাভ কৰিবলৈ আগ্ৰহী লোকসকলৰ পৰিচয় পত্ৰ সংগ্ৰহ কৰে, ইয়াৰ পিছত ওচৰৰ চৰকাৰী বা ব্যক্তিগত ভেকছিন কেন্দ্ৰত পঞ্জীয়ন কৰা হয়। পঞ্জীয়ন সম্পূৰ্ণ হোৱাৰ পিছত, তেওঁলোকক নিকটতম ভেকছিন কেন্দ্ৰলৈ লৈ যোৱা হয়। এই পদ্ধতিটোৱে লোকসকলক দীঘলীয়া শাৰীত অপেক্ষা কৰিব নলগাটো নিশ্চিত কৰে। ভেকছিন কেন্দ্ৰত থকা পঞ্জীয়ন দলটোক প্ৰয়োজনীয় নথিপত্ৰ প্ৰদান কৰা হয়।


আচিফ হুছেইন চোহেলে লগতে কয় যে তেওঁলোকে কল্যাণ সংস্থা আৰু বস্তি সমিতিৰ সহায়ত এলেকা অনুসৰি ভেকছিনৰ প্ৰয়োজন হোৱা লোকসকলৰ এখন তালিকা প্ৰস্তুত কৰি আছে। এনজিঅ’টোৰ এই উদ্যোগৰ অংশগ্ৰহণ কৰিবলৈ তেওঁলোকে অকলশৰে বাস কৰা জ্যেষ্ঠ নাগৰিকসকলৰ পৰা বহুতো ফোন পাইছে।


এই অভিযানৰ লক্ষ্য সম্পৰ্কে সোধাত আচিফ হুছেইন চোহেলে কয় যে ছাকিনা ফাউণ্ডেচনৰ একমাত্ৰ উদ্দেশ্য আছিল জ্যেষ্ঠ নাগৰিক, গৃহহীন আৰু তেলেংগানাত লকডাউনৰ সময়ত ভেকছিন প্ৰদান কৰাত অসুবিধা হোৱা দুৰ্বল লোকসকলৰ জীৱন সুৰক্ষিত কৰা। তেওঁ লগতে কয় যে লকডাউনৰ বাবে, বহুলোকে বাহিৰলৈ আহি ভেকছিন ল'বলৈ ভয় কৰে। সেয়েহে ছাকিনা ফাউণ্ডেচনে মানুহৰ বাবে টিকাকৰণ সহজ কৰি তুলিবলৈ 'vaccination on wheels' অভিযান মুকলি কৰিছিল।


চাকিনা ফাউণ্ডেচনে সৰ্বাধিক সংখ্যক লোকৰ ওচৰলৈ যাব বিচাৰে যিসকলে বিনামূলীয়াকৈ এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰিও ফাউণ্ডেচনে চিকিৎসালয়ত কোভিড-১৯ ৰোগীসকলক বিনামূলীয়া অক্সিজেন আৰু খাদ্য প্ৰদান কৰে। ছাকিনা ফাউণ্ডেচনে দাবী কৰিছিল যে এতিয়ালৈকে এশৰো অধিক লোক এই পদক্ষেপৰ জৰিয়তে লাভান্বিত হৈছে।




আচিফ হুছেইন চোহেলে আশা কৰে যে ফাউণ্ডেচনে শীঘ্ৰেই টিকাকৰণ অভিযানৰ বাবে সজাগতা সৃষ্টিৰ বাবে ঘৰে ঘৰে অভিযান আৰম্ভ কৰিব, আৰু ভাৰতে কোভিডৰ বিৰুদ্ধে যুদ্ধত জয়ী হ'ব।

Published by: Kokil Sarma
First published: May 28, 2021, 3:43 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি