আয়ুষ্মান ভাৰত (Ayushman Bharat) আঁচনিক লৈ ডাঙৰ খবৰ লৈ আহিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে (Union Minister for Health and Family Welfare)। নেচনেল হেল্থ অথৰিটী (National Health Authority) যি আয়ুষ্মান ভাৰতৰ সকলো কাম কাজৰ চোৱা–চিতা কৰে এক নিৰ্দেশনা দিছে যিটোৱে সাধাৰণ লোকসকসক বাৰুকৈয়ে উপকৃত কৰিব। এই নিৰ্দেশনা অনুসৰি এতিয়াৰে পৰা আয়ুষ্মান ভাৰত ৱালেটত বাকী থকা ধন সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিব পাৰিব হিতাধিকাৰীয়ে।
উল্লেখ্য যে বৰ্তমান নীতি অনুসৰি আয়ুষ্মান ভাৰতৰ অধীনত অহা কোনো ৰোগৰ বাবে একোটা নিৰ্দিষ্ট ধনৰ পেকেজ থাকে। মুঠ ৫ লাখ টকাৰ পৰা পূৰ্বে যদি কোনো ঝন ব্যৱহাৰ কৰা হয় তেন্তে আয়ুষ্মান ভাৰত ৱালেটত ধন কমি গৈ থাকে। সেয়ে কেতিয়াবা কোনো ৰোগৰ বাবে পৰ্যাপ্ত ধন ৱালেটত নাথাকিব পাৰে। বৰ্তমানৰ নিয়ম অনুসৰি যদি ৱালেটত ধন কম থাকে তেন্তে সেইজন হিতাধিকাৰীয়ে নিৰ্দিষ্ট ৰোগৰ চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰত ৱালেট ব্যৱহাৰ কৰিব নোৱাৰে। এতিয়া নেচনেল হেল্থ অথৰিটীয়ে এই নিয়মত সংশোধন আনিছে।
অথৰিটীয়ে চৰকাৰক জনাইছে যে এতিয়াৰ পৰা হিতাধিকাৰীয়ে এনেকৈ জমা হৈ থকা ধন নিৰ্দিষ্ট ৰোগৰ বাবে ব্যৱহাৰ কৰিব পাৰিব যদিহে হিতাধিকাৰীয়ে পেকেজটো সম্পূৰ্ণ হ’বলৈ দৰকাৰী অতিৰিক্ত ধনখিন নিজে পৰিশোধ কৰাৰ দায়িত্ব লয়। ইয়াৰ জৰিয়তে হিতাধিকাৰীয়ে আয়ুষ্মান ভাৰতৰ সম্পূৰ্ণ ৫ লাখ টকা ব্যৱহাৰ কৰিব পাৰিব।
ধৰি লওক যে আপুনি কিবা এটা মেডিকেল প্ৰয়োজনত আয়ুষ্মান ভাৰতৰ ৫ লাখ টকাৰ ৪ লাখ টকা ব্যৱহাৰ কৰিলে আৰু আপোনাৰ পৰিয়ালৰ ৱালেটত ১ লাখ টকা থাকি গ’ল। ধৰি লওক আপোনাক আকৌ জৰুৰীভাৱে ২ লাখ টকাৰ পেকেজ এটাৰ চিকিৎসা কৰাবলগীয়া হ’৸ল। কিন্তু যিহেতু আপোনাৰ ৱালেটত ১ লাখ টকাহে আছে সেয়ে আপুনি আয়ুষ্মান ভাৰতৰ অধীনত চিকিৎসা কৰাব নোৱাৰে আৰু আপোনাৰ ১ লাখ টকাটো এনেই থাকি যায়। কিন্তু এতিয়া নতুন নিয়ম মতে আপুনি যদি বাকী ১ লাখ টকা আপুনি নিজে দিয়ে তেন্তে আয়ুষ্মান ভাৰতৰ বাকী থকা ১ লাখ টকাও আপুনি লাভ কৰিব।
আকৌ যদি কোনো ৰোগৰ বাবে ৫ লাখৰো অধিক টকা দৰকাৰ হয় তেন্তে একেই নিয়মত বাকী টকাখিনি হিতাধিকাৰীয়ে দি আয়ুষ্মান ভাৰতৰ সম্পূৰ্ণ ৫ লাখ টকা ব্যৱহাৰ কৰিব পাৰিব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|