মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »World Heart Day 2020: এই সমস্যাবোৰ থাকিলে হাৰ্ট ফেইল হোৱাৰ আশংকা প্ৰৱল, চাওক

World Heart Day 2020: এই সমস্যাবোৰ থাকিলে হাৰ্ট ফেইল হোৱাৰ আশংকা প্ৰৱল, চাওক

বয়সজনিত কাৰণত বহুতৰে হার্ট ফেইল হোৱা দেখা যায়। তাৰ মাজত যিসকল কমবয়সীয়া লোকৰো ডায়বেটিচ তথা হাইপাৰটেনশ্যনৰ দৰে ৰোগ আছে তেওঁলোকৰ ক্ষেত্ৰতো হাৰ্ট ফেইল হোৱা দেখা যায়।

বয়সজনিত কাৰণত বহুতৰে হার্ট ফেইল হোৱা দেখা যায়। তাৰ মাজত যিসকল কমবয়সীয়া লোকৰো ডায়বেটিচ তথা হাইপাৰটেনশ্যনৰ দৰে ৰোগ আছে তেওঁলোকৰ ক্ষেত্ৰতো হাৰ্ট ফেইল হোৱা দেখা যায়।

  • Share this:
কলকাতাঃ সমগ্ৰ বিশ্বৰ লগতে ভাৰততো দিনৰ পিছত দিন ধৰি হৃদযন্ত্ৰজনিত মৃত্যুৰ সংখ্যা বাঢ়িবলৈ ধৰিছে। হাইপাৰটেনশ্যন, কোৰোণাৰী হাৰ্ট ডিজিজ, মেদবহুলতা, ডায়বেটিছ, ৰিউমেটিক হাৰ্ট ডিজিজ এই সকলোবোৰ অসুবিধা যিসকল লোকৰ মাজত আছে তেওঁলোকৰ মাজত হাৰ্ট ফেইল হোৱাৰ আশংকা প্ৰৱল। ইয়াৰ বাহিৰেও দৈনন্দিন জীৱনৰ চাপ, ষ্ট্ৰেছ আদিৰ লগতে ৰক্তচাপজনিত সমস্যা তথা অনিয়ন্ত্ৰিত জীৱন শৈলীও মানুহৰ হাৰ্ট ফেইল হোৱাৰ অন্যতম কাৰণ হৈ পৰিছে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

হার্ট ফেইল কেনেকৈ হয় আৰু ইয়াৰ কাৰণঃ

বয়সজনিত কাৰণত বহুতৰে হাৰ্ট ফেইল হয়। তাৰ বাহিৰেও যিসকল কমবয়সীয়া লোকৰো ডায়বেটিচ তথা হাইপাৰটেনশ্যনৰ দৰে ৰোগ আছে তেওঁলোকৰ ক্ষেত্ৰতো হাৰ্ট ফেইল হোৱা দেখা যায়। ইয়াৰ বাহিৰেও পৰিয়ালৰ কাৰোবাৰ পূৰ্বে হাৰ্ট এটেক হৈ মৃত্যু হোৱাৰ ইতিহাস থাকিলে পৰৱৰ্তী প্ৰজন্ম ইয়াৰ চিকাৰ হ’ব পাৰে।

হার্ট ফেইলৰ লক্ষণ:

১. এনার্জী হ্ৰাস পোৱাৰ লগতে শৰীৰ দুৰ্বল হয়। ২. শ্বাস লোৱাত কষ্ট পাব পাৰে। ৩. ভৰিৰ তলুৱা ঘামিব পাৰে। ৪. শ্বাসকষ্টৰ কাৰণে টোপনিত ব্যাঘাত। ৫. ৰাতি ঘনে ঘনে প্ৰস্ৰাৱ হোৱ।

বিশেষজ্ঞসকলৰ মতে, হার্ট পাম্পিঙৰ কাম দুৰ্বল হ’লে হাৰ্ট ফেইল হোৱাৰ আশংকা দেখা যায়। নিউয়ৰ্ক হাৰ্ট এছ’চিয়েশ্যনৰ মতে, হাৰ্ট ফেইলাৰক ৪টা ভাগত ভাগ কৰিব পাৰি। ষ্টেজ ১ তথা ষ্টেজ ২ ক প্রী হার্ট ফেইলাৰ অধ্যায় কোৱা হয়। যিসকল হার্ট ফেইল কৰা ৰোগীৰ হৃদযন্ত্ৰজনিত দুৰ্বলতা আছে তেওঁলোকক ষ্টেজ ৩ত ৰখা হয়। যিসকলৰ হাৰ্ট ফেইল কৰাৰ আশংকা প্ৰৱল তেওঁলোকক ষ্টেজ ৪ৰ অন্তৰ্ভুক্ত কৰা হয়। জীৱনযাত্ৰাৰ পৰিৱৰ্তন, সঠিক চিকিৎসা তথা মেডিকেল ট্ৰিটমেণ্টৰ জৰিয়তে হাৰ্ট ফেইলৰ দৰে ৰোগৰ পৰা হাত সাৰিব পৰা যায়। হার্ট ট্রান্সপ্লেণ্ট, এলভিএডি ইমপ্ল্যেন্টশ্যন পদ্ধতিৰ জৰিয়তে হাৰ্ট ফেইল হোৱাৰ পৰা হাত সাৰিব পৰা যায়।

হার্ট ফেইল কৰাৰ পৰা বাচি থকাৰ উপায়ঃ

হৃদযন্ত্রঘটিত দুর্ঘটনাৰ পৰা বাচি থাকিলে মানুহৰ এটা সুন্দৰ জীৱনযাপনৰ অভ্যাস কৰা প্ৰয়োজন। এই নিয়মসমূহ মানি চলাটো দৰকাৰঃ

১. ধূমপায়ীসকলে চিগাৰেট এৰি দিয়া, ড্রাগছ সেৱন বাদ দিয়া। ২. সৃষ্টিশীল বিভিন্ন কামত নিয়োজিত হৈ থকা তথা নিয়মীয়াকৈ ব্যায়াম কৰা। ৩.নিয়মিত সুষম আহাৰ খোৱা যাতে শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰে। ৪. লগতে হার্ট ফেইল কৰাৰ লক্ষণ তথা কাৰণসমূহক লৈ সতৰ্ক হৈ থকা।

শেহতীয়া বাতৰি