Heart Diseases in Women : প্ৰতি বছৰে মহিলাসকল হৃদৰোগত আক্ৰান্তৰ সম্ভাৱনা অধিক হৈ আহিছে, কাৰণবোৰ জানক
Heart Diseases in Women : প্ৰতি বছৰে মহিলাসকল হৃদৰোগত আক্ৰান্তৰ সম্ভাৱনা অধিক হৈ আহিছে, কাৰণবোৰ জানক
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ (Centres of Diseases Control and Prevention)ৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰ (United States)ত পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ (Centres of Diseases Control and Prevention)ৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰ (United States)ত পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
আজিকালি হৃদৰোগ (Heart diseases) সচৰাচৰ দেখা যায়। যদিও যোৱা কেইবছৰমানত হৃদযন্ত্ৰৰ স্বাস্থ্যৰ অৱনতি হোৱাত জীৱনশৈলী (lifestyle)য়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, শেহতীয়াকৈ কোভিড-19 (COVID-19)য়েও হৃদযন্ত্ৰ দুৰ্বল কৰি তুলিছে। পুৰুষ আৰু মহিলা উভয়ে হৃদৰোগত আক্ৰান্ত হয় যদিও কাৰণবোৰ দুয়োৰে বাবে পৃথক হ'ব পাৰে। বহুতো অধ্যয়নে দেখুৱাইছে যে মহিলাসকলৰ হৃদৰোগ হোৱাৰ সম্ভাৱনা অধিক। ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰ (Centres of Diseases Control and Prevention)ৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰ (United States)ত পাঁচগৰাকী মহিলাৰ ভিতৰত এগৰাকীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়।
যোৱা বছৰ দ্য লেঞ্চেট (The Lancet)ত প্ৰকাশিত এক প্ৰতিবেদনত এইটোও উল্লেখ কৰা হৈছিল যে ভাৰত (India)কে ধৰি সকলো দেশৰ মহিলাসকলৰ মাজত হৃদধমনীয় ৰোগ (cardiovascular diseases) বৃদ্ধি পাইছে।