• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Monkeypox : মাংকীপক্স ৰোগক গ্লোবেল ইমাৰ্জেন্সী ঘোষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

Monkeypox : মাংকীপক্স ৰোগক গ্লোবেল ইমাৰ্জেন্সী ঘোষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

সাংকেতিক ছবি

সাংকেতিক ছবি

Monkeypox : কোৰোণা মহামাৰীৰ প্ৰকোপৰ এতিয়াও সম্পূৰ্ণ মুক্ত নোহোৱা পৃথিবীত মাংকীপক্সৰ সংক্ৰমণে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে।

  • Share this:
মাংকীপক্স (Monkeypox) ৰোগক বিশ্ব হেল্থ ইমাৰ্জেন্সী ৰূপে ঘোষণা কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই। আজি WHOৰ মূৰব্বী Dr Tedros Adhanomএ এই ঘোষণা কৰে।

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ মূৰব্বীজনৰ মতে মাংকীপক্স ৰোগ পৃথিৱীৰ প্ৰায় ৭০খন দেশত বিয়পি পৰিছে আৰু এই মুহূৰ্তত ইয়াক গ্লোবেল ইমাৰ্জেন্সী ঘোষণা কৰাৰ বিকল্প নাই।

উল্লেখ্য যে কোৰোণা মহামাৰীৰ প্ৰকোপৰ এতিয়াও সম্পূৰ্ণ মুক্ত নোহোৱা পৃথিবীত মাংকীপক্সৰ সংক্ৰমণে ভূতৰ ওপৰত দানহ পৰাদি পৰিছে। ভাৰততো এই ৰোগৰ সংক্ৰমণ ধৰা পৰিছে।

ভাৰতত এই পৰ্যন্ত কেৱল কেৰালা (Kerala)ত তিনিজন লোক মাংকীপক্সত আক্ৰান্ত হৈছে আৰু তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি কোৱা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে মাংকীপক্স হৈছে ভাইৰাছজনিত জুন’ছিছ (viral zoonosis- জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা ভাইৰাছ), যাৰ লক্ষণসমূহ পূৰ্বৰ স্মলপক্স বা সৰুআইৰ ৰোগীৰ ক্ষেত্ৰত দেখা পোৱাৰ দৰেই একে, যদিও ই ক্লিনিকেলভাৱে কম গুৰুতৰ।

WHOয়ে কয় - “জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা এটা আন্তৰ্জাতিক উদ্বেগৰ বিষয়" - এটা সতৰ্কতা ডিজাইন কৰা হৈছে যে এই সময়ত এক সমন্বিত আন্তঃৰাষ্ট্ৰীয় সঁহাৰিৰ প্ৰয়োজন আৰু যাতে ই ভেকচিন আৰু চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ বাবে পুঁজি আৰু বিশ্বব্যাপী প্ৰচেষ্টাৰ দুৱাৰ মুকলি কৰিব পাৰে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি