শকত হোৱাটো এক সাধাৰণ সমস্যা আৰু আজিকালি প্ৰায়বোৰ মানুহে শকত হোৱাৰ পৰা বাচিবলৈ বা খীনাবলৈ বিভিন্ন পন্থা গ্ৰহণ কৰা দেখা যায়। ইয়াৰ কাৰণে সকলোতকৈ ভাল তথা জনপ্ৰিয় পদ্ধতি হৈছে গ্ৰীণ টী বা লেমন টী সেৱন। প্ৰায়ে মানুহে পুৱা ওজন কম কৰিবলৈ এই দুবিধ চাহ গ্ৰহণ কৰা দেখা যায়। মানুহৰ মনত প্ৰশ্ন উঠিব পাৰে যে গ্ৰীণ টী নে লেমন টী অধিক ভাল, খীনাবলৈ। জানো আহক দুইটাৰে ভাল আৰু উপকাৰী গুণঃ
গ্ৰীণ টীয়ে কেনেকৈ কাম কৰেঃ
শৰীৰত মেটাবলিজম বঢ়াবলৈ সহায় কৰে। ইয়াত থকা ‘এল–থিয়ানাইন’ (L-Theanine) নামৰ এমিন’ এচিডে শৰীৰৰ চৰ্বি বৃদ্ধি ৰোধ কৰে। মেটাবলিজম বাঢ়িলে শৰীৰত ফেট সহজে নাবাঢ়ে। আনহাতে এমিন’ এচিডে আমাৰ নাৰ্ভাচ চিষ্টেম শান্ত কৰি ৰাখে আৰু পেটৰ সৈতে জৰিত হৰমনছ যেনে কাৰ্টিচলৰ (Cortisol) পৰা উৎপন্ন অৱসাদ কম কৰি ৰাখে। গ্ৰীণ টীত পলিফিন’ল (Polyphenols) থাকে যিয়ে শৰীৰৰ চৰ্বি গলোৱাত সহায় কৰে। ইয়াৰ লগতে ডায়বেটিজ নিয়ন্ত্ৰণত ৰাখে আৰু হাই ব্লাড প্ৰেচাৰৰ পৰাও মুক্তি দিয়ে।
গ্ৰীণ টী খোৱাৰ পদ্ধতিঃইয়াক আহাৰ খোৱাৰ এঘণ্টা পূৰ্বে খালে ভাল। দিনত তিনিকাপতকৈ অধিক খাব নালাগে। গ্ৰীণ টীত আদা, নেমু, মৌ, তুলসী আদি মিহলাব পাৰে। আহাৰ খোৱাৰ পিছতে গ্ৰীণ টী নাখাব। ৰাতি শোৱাৰ আগতে গ্ৰীণ টী খালে ওজন সোনকালে কমে।
লেমন টীৰ কামঃলেমন টীয়ে সাধাৰণ চাহৰ তুলনাত যথেষ্ট কম কেলৰি আপোনাৰ শৰীৰলৈ কঢ়িয়াই নিয়ে। ইয়াত চেনীৰ পৰিৱৰ্তে মৌ মিহলালে দুগুণে কাম কৰে। নেমুত ভিটামিন চি থাকে যি তেজৰ পৰা লেতেৰা নিষ্কাষণ কৰে। এই চাহ খালে সতেজতা বাঢ়ে। ইয়াৰ পৰা হজম শক্তিও বাঢ়ে। নেমুত পটাচিয়াম থাকে যিয়ে আমাৰ মেটিবলিজম আৰু পাচন ক্ৰিয়া তীব্ৰতৰ কৰে। ভিটামিন–চিয়ে ওজন কমোৱাত সহায় কৰে।
লেমন টী খোৱাৰ পদ্ধতিঃৰঙা চাহত নেমুৰ ৰস মিহলাই খালে শৰীৰৰ কাৰণে ভাল লগতে ওজন কমোৱাতো সহায় হয়। লেমন টীত আদা, দালচেনী, তুলসী মিহলাই খালে ঔষধি গুণ পোৱা যায়।
দুয়োটাৰ ভিতৰত কোনটো ভালঃবিশেষজ্ঞৰ মতে গ্ৰীণ টীত থকা এল থিয়ানাইন (L-Theanine) আৰু পলিফিনলৰ দৰে (Polyphenols) তত্বই ওজন দ্ৰুত হাৰত কমোৱাত সহায় কৰে। অৱশ্যে ইয়াৰ লগতে সঠিক এক্সাৰচাইজ আৰু ডায়েট পালন কৰাও জৰুৰী। অৱশ্যে সেইবুলি গ্ৰীণ টী মাত্ৰাধিক ল’বও নালাগে। লেমন টীতো ওজন কমোৱাৰ গুণ আছে কিন্তু গ্ৰীণ টী অধিক লাভদায়ক এইক্ষেত্ৰত।
(Disclaimer: এই লেখাৰ কথাখিনি সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। News18ঃ এ ইয়াৰ নিশ্চিতি প্ৰদান নকৰে। এইসমূহ মানি চলাৰ আগতে সম্বন্ধিত বিশেষজ্ঞৰ সৈতে সম্পৰ্ক কৰি ল’ব।)
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|