চীনৰ উহান চহৰত ২০১৯ চনত প্ৰথমবাৰৰ বাবে কোভিড-১৯ হোৱাৰ খবৰ আহিছিল। তেতিয়াৰ পৰা এই ভাইৰাছে পৃথিৱীজুৰি বহুতো নতুন প্ৰকাৰৰ জন্ম দিছে। স্বাস্থ্যকৰ্মীসকলৰ বাবে গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা কোভিড (Covid-19) পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বিশেষজ্ঞসকলে সকলোকে টিকাকৰণৰ আহ্বান জনাইছিল। আনকি দুয়োটা পালি গ্ৰহণ কৰাৰ পিছতো লোকসকল সম্পূৰ্ণৰূপে সুৰক্ষিত নহয় বাবে দিয়া হৈছিল বুষ্টাৰ ড'জ। পিছত দেখা গৈছিল যে সংক্ৰমণৰ তীব্ৰতা আঁতৰাই ৰাখিবলৈও বুষ্টাৰ ড'জৰ (Booster Dose) প্ৰয়োজন আছে।
ইয়াৰ মাজতে প্ৰিক'চন ড'জক লৈ এটা ডাঙৰ সত্য পোহৰলৈ আহিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জামা নেটৱৰ্ক অ'পেনৰ গৱেষণা অনুসৰি বুষ্টাৰ ড'জ অত্যন্ত শক্তিশালী। ইয়াক গ্ৰহণ কৰাৰ পিছত বহুপ্ৰকাৰৰ পাৰ্শ্বক্ৰিয়াত ভুগিব লগা হ'ব পাৰে।
অধ্যয়ন অনুসৰি, বুষ্টাৰ ড'জৰ লাভালাভৰ সৈতে আছে কিছুমান পাৰ্শ্বক্ৰিয়া। ভেকচিনটোৱে শৰীৰত প্ৰভাৱ পেলোৱাৰ এয়া এটা সাধাৰণ লক্ষণো। কিন্তু কেতিয়াবা ইয়াৰ প্ৰভাৱ ইমান শক্তিশালী হ'ব পাৰে যি শৰীৰক কিছু সময়ৰ বাবে দুৰ্বল কৰি তুলিব। একে সময়তে ভেকচিনটোৰ কিছুমান লোকৰ ওপৰত পাৰ্শ্বক্ৰিয়া নহয়।
ভেকচিনত থকা বীজাণুবিশেষজ্ঞসকলৰ মতে ভেকচিনত বীজাণু থাকে। যেতিয়া ই শৰীৰলৈ আহে ই প্ৰতিক্ৰিয়া কৰে। এই পাৰ্শ্বক্ৰিয়াবোৰ এটা ভাল লক্ষণ বুলি গণ্য কৰা হয়। প্ৰতিষেধকত থকা বীজাণু চিনাক্ত কৰি ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে প্ৰতিক্ৰিয়া কৰে, তাৰ অৰ্থ হৈছে যে শৰীৰে ভেকচিনৰ ওপৰত প্ৰভাৱ পেলাইছে।
বুষ্টাৰ ড'জৰ পাৰ্শ্বক্ৰিয়া কেনেদৰে পৰিহাৰ কৰিব লাগেকোভিড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া হ্ৰাস কৰিবলৈ এক সন্তুলিত আহাৰ আৰু পৰ্যাপ্ত টোপনি অত্যাৱশ্যকীয়। যোগ আৰু ব্যায়াম কৰিব। বুষ্টাৰ ড'জৰ পিছত কোনোধৰণৰ নিচা নল'ব। লগতে যদি কোনো বিষ আৰু অসুবিধা হয়, তেন্তে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। উল্লেখ্য, বুষ্টাৰ ড'জে মানুহক গুৰুতৰ কোৰোনা ভাইৰাছ ৰোগৰ পৰা শক্তিশালী সুৰক্ষা বজাই ৰখাত সহায় কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|