Vitamin B12 Deficiency: স্বাস্থ্যৱান হৈ থাকিবলৈ লাইফষ্টাইল ঠিক হোৱাৰ লগতে খোৱা–লোৱাৰ ওপৰতো বিশেষ গুৰুত্ব দিব লাগে। শৰীৰত ডেইলী ডাইটৰ জৰিয়তে যদি পৰ্যাপ্ত মাত্ৰাত ভিটামিন আৰু মিনাৰেল পোৱা যায় তেন্তে শৰীৰৰ দীৰ্ঘ সময় ধৰি ৰোগৰ সৈতে যুঁজাৰ ক্ষমতা থাকে। ভিটামিন চি, ই আৰু কেৰ দৰে ভিটামিন বি১২ শৰীৰ বাবে অতি প্ৰয়োজনীয়। বয়সস্থ লোকৰ আটাইতকৈ ডাঙৰ সমস্যা হ’ল পাহৰণি অথবা স্মৃতিশক্তি হ্ৰাস। বৰ্ধিত বয়সৰ সৈতে মনত ৰখা শক্তি কম হৈ যায় আৰু পৰিস্থিতি অধিক অৱনতি ঘটিলে এই সমস্যাই Dementiaৰ ৰূপ ল’ব পাৰে। স্মৃতিশক্তি হ্ৰাস পোৱা আৰু Dementia হোৱাৰ মূল কাৰণ হ’ল শৰীৰত ভিটামিন বি১২ৰ অভাৱ।
ইউএছ নেচনেল লাইব্ৰেৰী অব মেডিচিন নেচনেল ইনষ্টিটিউট অব হেল্থৰ ৰিপ’ৰ্ট অনুসৰি, শৰীৰত ভিটামিন বি১২ৰ অভাৱৰ ফলত মিনিমেল কগনিটিভ ইম্পেৰিমেণ্ট (Minimal Cognitive Impairment) আৰু ডিমেনছিয়াৰ সমস্যা ঙ’ব পাৰে।
tododisca ৰ খবৰ অনুসৰি ভিটামিন বি১২ আমাৰ শৰীৰৰ বাবে কেইবাটাও কাৰণত খুব প্ৰয়োজনীয়। ইয়াৰ বৈজ্ঞানিক নাম কোবেলেমিন (Cobalamin)। ই বিশেষকৈ লিভাৰ (Liver)ত জমা হয় আৰু দেহৰ কেইবাটাও গুৰুত্বপূৰ্ণ কৰ্ম কৰে।
ভিটামিন বি১২ৰ অভাৱত হোৱা সমস্য়া
– ভিটামিন বি১২ৰ অভাৱে আমাৰ ডিএন ছিন্থেছিছক বেয়াকৈ প্ৰভাৱিত কৰিব পাৰে। ইয়াৰ ফলত ৰেড ব্লাড চেল্ছ (Red Blood Cells) সৃষ্টিৰ গতি লেহেমীয়া হয়। ইয়াৰ ফলত ঘাতক ৰোগ মেগ্লোব্লাষ্টিক এনিমিয়া (Megaloblastic Anemia) হোৱাৰ সম্ভাৱনাৰ সৃষ্টি হয়।
– ভিটামিন বি১২ৰ অভাৱত ডাইজেষ্টিভ ছিষ্টেম বেয়া হোৱাৰ ফলতো অভাৱ হ’ব পাৰে। কিয়নো ইয়াৰ ফলত ভিটামিনৰ সঠিকভাৱে এবজাৰ্ভেচন হ’ব নোৱাৰে। ভেজিটেৰিয়ান বা Vegan Diet লোৱাসকলৰ ভিটামিন বি১২ কম হোৱা দেখা যায়। যিয়ে ডিমেনছিয়াৰ দৰে ৰোগৰ জন্ম দিব পাৰে।
এই লক্ষণক লৈ সাৱধান হওক
– স্মৃতি শক্তি হেৰুৱাই পেলোৱা, কথা কোৱাত সমস্যা অনুভৱ হোৱা।
– সদায় মন বিচলিত হোৱা অনুভৱ কৰা।
– ভাগৰুৱা অনুভৱ কৰা, দুৰ্ব, ভ্ৰম আদি।
– ছালৰ ৰং হালধীয়া হোৱা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|