உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • ২৫বছৰ পূৰ্বে ধনীৰাম বৰুৱাই সিঁচি থৈ যোৱা চিন্তাৰ আমেৰিকাত ৰূপায়ণ, গাহৰিৰ বৃক্কৰ পিছত এইবাৰ হৃৎপিণ্ডৰ মানৱ দেহত সফল সংৰোপন

    ২৫বছৰ পূৰ্বে ধনীৰাম বৰুৱাই সিঁচি থৈ যোৱা চিন্তাৰ আমেৰিকাত ৰূপায়ণ, গাহৰিৰ বৃক্কৰ পিছত এইবাৰ হৃৎপিণ্ডৰ মানৱ দেহত সফল সংৰোপন

    ১৯৯৭চনত বৰুৱাই যি কৰিছিল; তাকেই কৰি ইতিহাস ৰচিলে আমেৰিকাৰ বিজ্ঞানীয়ে।

    ১৯৯৭চনত বৰুৱাই যি কৰিছিল; তাকেই কৰি ইতিহাস ৰচিলে আমেৰিকাৰ বিজ্ঞানীয়ে।

    ১৯৯৭চনত বৰুৱাই যি কৰিছিল; তাকেই কৰি ইতিহাস ৰচিলে আমেৰিকাৰ বিজ্ঞানীয়ে।

    • Share this:
    ১৯৯৭চনত মানৱ দেহত গাহৰিৰ হৃৎপিণ্ড সংৰোপনৰ কৰাৰ প্ৰচেষ্টাত হাতত লৈ গুৱাহাটীত জেলৰ ভাত খাইছিল ডাঃ ধনীৰাম বৰুৱাই । কিন্তু বৰুৱাই সিঁচি থৈ যোৱা চিন্তাৰ অতি সম্প্ৰতি সফল ৰূপায়ণ হৈছে মাৰ্কিন যুক্তৰাষ্ট্ৰত । ২০২১চনৰ অক্টোবৰ মাহত গাহৰিৰ বৃক্ক পৰীক্ষামূলক   ভাৱে মানৱ দেহত সংৰোপন কৰি সফল হোৱাৰ পিছত; এইবাৰ সফল ভাৱে মানৱ দেহত সংৰোপন হ’ল Genetically Modified গাহৰিৰ হৃৎপিণ্ড । মাৰ্কিন চিকিৎসা বিজ্ঞানীয়ে এগৰাকী ৫৭বছৰীয়া ব্যক্তিৰ লগত এই অসাধ্য সাধন কৰিলে ।

    যোৱা  শুক্ৰবাৰে University of Maryland Medical Schoolৰ শল্য চিকিৎসক সকলে ডেভিড বেনেট নামৰ ৰোগীজনৰ শৰীৰত genetically modified গাহৰিৰ হৃৎপিণ্ড স্থাপন কৰে । ঠিক একেটাই কাম বৰুৱাই এগৰাকী ৩২ বছৰীয়া ৰোগীৰ ওপৰত কৰিছিল । উল্লেখযোগ্য যে মাৰ্কিন ৰোগী গৰাকীয়ে মানৱ হৃৎপিণ্ড গ্ৰহণ কৰিব পৰা অৱস্থাত নাছিল আৰু বহু দিন heart-lung bypass machineৰ সহযোগত শয্যাগত হৈ আছিল । ৰোগী গৰাকীয়ে সন্মতি প্রদান কৰাৰ পিছত যোৱা ১ জানুৱাৰীৰ আমেৰিকাৰ Food and Drug Administrationএ এই অস্ত্ৰোপচাৰৰ কাৰণে সেউজ সংকেত প্ৰদান কৰিছিল । চিকিৎসা মহাবিদ্যালয় খনৰ চিকিৎসা বিজ্ঞানী সকলে জনোৱা মতে ব্যক্তিগৰাকী ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে ।

    এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ জড়িত হৈ থকা চিকিৎসা বিজ্ঞানী বাৰ্টলে গ্ৰিফিটে কয় – ইতিহাসত প্ৰথমবাৰৰ কাৰণে হোৱা এই অস্ত্ৰোপচাৰে মানৱ সমাজক অংগ সংৰোপনৰ দিশত আৰু এক খোজ আগুৱাই লৈ গ’ল । অংগৰ অভাৱৰ সমস্যা এই উদ্ভাৱনে দূৰ কৰিব । চিকিৎসা মহাবিদ্যালয়ৰ খনৰ Caridiac Xenotransplantation ৰ মূৰব্বী মহম্মদ মহিউদ্দীনে জনোৱা মতে এইয়া বহু বছৰৰ গৱেষণাৰ ফচল; গাহৰিৰ হৃৎপিণ্ড বান্দৰৰ শৰীৰত লগাই; বান্দৰটোক ৯ জীয়াই ৰাখিব পৰা গৈছিল বুলিও মন্তব্য কৰে মহম্মদ মহিউদ্দিনে ।
    First published: