সন্তানৰ স্বাস্থ্যক লৈ সকলো পিতৃ–মাতৃয়েই সচেতন। বেছিভাগ অভিভাৱকে তেওঁলোকৰ সন্তানৰ স্বাস্থ্য, পুষ্টি আৰু বুদ্ধিমত্তাৰ বিকাশৰ বিষয়ে সদায়ে সচেতন। এনেস্থলত শিশুৰ মগজুৰ বিকাশৰ বাবে কেনে পুষ্টি প্ৰয়োজনীয়? বিশেষজ্ঞসকলে কয় যে কেঁচুৱাটোৰ মগজুৰ বিকাশৰ বাবে সঠিক আহাৰ যথেষ্ট। আপোনাৰ সন্তানৰ বুদ্ধিমত্তাৰ বিকাশত কোনবোৰ খাদ্যই সহায় কৰিব পাৰে এবাৰ জানি লওক (Foods for Child)।
কণীঃ সন্তুলিত আহাৰ হিচাপে এযোৰ কণী। বিশেষজ্ঞসকলৰ মতে, কণীত যথেষ্ট পৰিমাণে কোলিন থাকে। কোলিনে মগজুৰ ভাল স্বাস্থ্য বজাই ৰখাত আৰু স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে।
ওটছঃ ওটছত ভিটামিন ই, ভিটামিন বি, পটাছিয়াম আৰু জিংকৰ দৰে উপাদান থাকে। এই উপাদানবোৰ মগজুৰ বিকাশত অতি গুৰুত্বপূৰ্ণ। গতিকে প্ৰতিনিশা পুৱা ওটছ খোৱাটো শিশুসকলৰ বাবে যথেষ্ট স্বাস্থ্যসন্মত।
ৰঙীন পাচলিঃ পাচলি যেনে বিলাহী, ৰঙীন আলু, ৰঙালাউ বা গাজৰত অন্যান্য অত্যাৱশ্যকীয় উপাদানৰ সৈতে কেৰোটিনয়েড সদৃশ উপাদান থাকে। এই উপাদানে স্নায়ু ভাল ৰখাত সহায় কৰে। কেৰোটিনয়েড চকুৰ স্বাস্থ্য ভালদৰে বজাই ৰখাত বিশেষভাৱে উপযোগী। ইয়াৰ উপৰি এই প্ৰকাৰৰ পাচলিত যথেষ্ট পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে, যি মস্তিষ্কৰ কোষবোৰৰ বিকাশ আৰু স্বাস্থ্য সুৰক্ষিত কৰাত সহায় কৰে। স্থানীয় ব্ৰাহ্মী শাকো মগজুৰ বিকাশৰ ক্ষেত্ৰত অন্যতম উপাদান।
গাখীৰঃ শিশুৰ মস্তিষ্কৰ কোষৰ গঠন আৰু কাৰ্য বৃদ্ধি কৰাৰ বাবে গাখীৰ (Milk) আৰু দুগ্ধজাত সামগ্ৰীও অতি গুৰুত্বপূৰ্ণ। গাখীৰত ভিটামিন ডি থাকে। এই ভিটামিনে স্নায়ুতন্ত্ৰৰ স্বাস্থ্য সুৰক্ষিত কৰাত আৰু নিউৰনৰ জীৱন বৃদ্ধি কৰাত সহায় কৰে।
ছালমন মাছঃ আগতে ভাৰতীয় বজাৰত ছালমন মাছৰ (Salmon Fish) অভাৱ আছিল, কিন্তু এতিয়া এই মাছ পোৱাটো বৰ কঠিন নহয়। ছালমন মাছত যথেষ্ট 'অমেগা ৩ ফেটি এচিড' থাকে। ইয়াৰ উপৰি এই মাছত 'ডিএইচএ' আৰু 'ইপিএ' নামৰ দুটা উপাদান থাকে, যিবোৰ মস্তিষ্কৰ বিকাশ আৰু কাৰ্যকলাপ সুৰক্ষিত কৰাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ফলস্বৰূপে, যদি শিশুসকলক এই মাছ খুৱাই দিয়া হয়, ই তেওঁলোকৰ মগজুৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ বাবে এক 'ছুপাৰফুড' হ'ব পাৰে।
বিঃদ্ৰঃ এই তথ্য সাধাৰণ তথ্যৰ ওপৰত আধাৰিত। NEWS18 অসমে ইয়াক নিশ্চিত নকৰে। কোনো ৰোগত আক্ৰান্ত শিশুৰ বাবে এনেক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰা যুগুত।অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|