বাৰ্পি (Burpees)ক আটাইতকৈ কঠিন কাৰ্ডিওভাস্কুলাৰ ব্যায়াম (cardiovascular exercises) বুলি কোৱা হয় যিটো কৰিবলৈ শক্তি আৰু দৃঢ়তাৰ প্ৰয়োজন। ই হৈছে দুটা ব্যায়ামৰ মিশ্ৰণ – পুছ-আপ আৰু জাম্প (push-ups and jumps)।
বাৰ্পিবোৰ প্ৰথমে পুছ-আপ কৰি তাৰ পিছত জাপ মাৰি সম্পাদন কৰা হয়। একেৰাহে কেইবাটাও বাৰ্পি কৰাটো অতি ক্লান্তিকৰ হ'ব পাৰে, কিন্তু বাৰ্পীৰ ইতিবাচক এনে বহু প্ৰভাৱ আছে যে আপুনি ভাবিবও নোৱাৰে। বাৰ্পিৰ সঠিক কৌশল আৰু লাভালাভবোৰ চাওঁ আহক যিয়ে ইয়াক আপোনাৰ দৈনিক কাৰ্ডিঅ' ৰুটিনত অন্তৰ্ভুক্ত কৰিবলৈ অনুপ্ৰাণিত কৰিব।
বাৰ্পি কেনেদৰে কৰিব লাগে
- আপোনাৰ শৰীৰ পোন কৈ থিয় হওক।
- এতিয়া, আপোনাৰ হাত মাটি স্পৰ্শ কৰি স্কোয়াট স্থিতি (squat position) লওক।
- আপোনাৰ ভৰি পিছলৈ লৈ যাওক, স্কোয়াট স্থিতিটো পুছ-আপ স্থিতিলৈ ৰূপান্তৰ কৰক।
- এতিয়া, বলপূৰ্বকভাৱে, একে ঠাইতে হাত ৰাখি স্কোয়াট স্থিতিত ঘূৰি আহক।
- এটা দীঘল জাঁপ লওক আৰু স্কোয়াট স্থিতিলৈ ঘূৰি যাওক।
বাৰ্পিৰ লাভালাভবোৰ (benefits of burpees) কি?
একাধিক পেশীৰ বাবে কাম কৰে
বাৰ্পিক শৰীৰৰ এক সম্পূৰ্ণ ব্যায়াম বুলি কোৱা হয় যি শৰীৰৰ বেছিভাগ বিশিষ্ট পেশীৰ বাবে কাম কৰে। ই কান্ধ, বাহু, কেন্দ্ৰ, গ্লুট আৰু পেট শক্তিশালী কৰাত সহায় কৰে।
হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে
এই ব্যায়ামটো হাই ইনটেনচিটী ইণ্টাৰ্বেল ট্ৰেইনিং(High-Intensity Interval Training (HIIT) ৰুটিনৰ এটা অংশ বুলি কোৱা হয়। ই আপোনাৰ হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে বুলি কোৱা হয় যি তেজ সঠিকভাৱে পাম্প কৰা, ঘাম ওলোৱা, আৰু হাঁওফাঁও খোলাত সহায় কৰে।
কেলৰি দহন কৰক (Burn Calories)
যিহেতু ই গোটেই শৰীৰৰ বাবে কাম কৰে, ই চৰ্বি ভাঙি অতিৰিক্ত কেলৰি দ্ৰুতগতিত দহন (burning extra calories) কৰাত সহায় কৰে। যিহেতু ইয়াৰ বাবে শক্তিৰ প্ৰয়োজন আৰু ই একাধিক পেশী ব্যৱহাৰ কৰে, ই সম্পাদন কৰিবলৈ অধিক কেলৰি লয় যাৰ ফলত ওজন হ্ৰাস (Weight Loss) কৰাত সহায় হয়।
মূল শৰীৰ শক্তিশালী কৰে
কেলৰি দহন কৰাৰ উপৰিও, বাৰ্পিবোৰে আমাৰ শৰীৰৰ মূল পেশীবোৰক শক্তি প্ৰদান কৰি শক্তিশালী কৰে বুলিও জনা যায়। যদি আপুনি এবছ টাৰ্গেট কৰি আছে, তেনেহ'লে বাৰ্পীয়ে আপোনাৰ বাবে আশ্চৰ্যকৰ কাম কৰিব পাৰে।
ভঙ্গী আৰু ভাৰসাম্য উন্নত কৰে
যিহেতু বাৰ্পি কৰোঁতে ষ্টেপ বাই ষ্টেপ বিভিন্ন প্ৰকাৰৰ ভংগীক এটাত একত্ৰিত কৰাৰ এক প্ৰক্ৰিয়াৰ প্ৰয়োজন, সেয়ে ই শৰীৰলৈ ভাৰসাম্য আৰু সমন্বয় অনাত সহায় কৰে। ফলত বাৰ্পিয়ে শৰীৰ ভঙ্গী আৰু গতিশীলতা উন্নত কৰাত সহায় কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|