পুষ্টি আৰু শক্তিৰে সমৃদ্ধ কণী (Benefits of Egg)অৱশ্যে স্বাস্থ্যৰ বাবে অতি উপকাৰী। অৱশ্যে, কিছুমান বস্তুৰ লগত কণী খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক (Harmful Egg) হ'ব পাৰে।
পুষ্টি আৰু শক্তিৰে সমৃদ্ধ কণী (Benefits of Egg)অৱশ্যে স্বাস্থ্যৰ বাবে অতি উপকাৰী। অৱশ্যে, কিছুমান বস্তুৰ লগত কণী খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক (Harmful Egg) হ'ব পাৰে।
কণীক সাধাৰণতে প্ৰ'টিনৰ এক ভাল উৎস বুলি গণ্য কৰা হয়। সেয়েহে বহুলোকে তেওঁলোকৰ আহাৰত কণী (Egg) অন্তৰ্ভুক্ত কৰে। পুষ্টি আৰু শক্তিৰে সমৃদ্ধ কণী (Benefits of Egg)অৱশ্যে স্বাস্থ্যৰ বাবে অতি উপকাৰী। অৱশ্যে, কিছুমান বস্তুৰ লগত কণী খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক (Harmful Egg) হ'ব পাৰে। সেয়েহে কণী খোৱাৰ আগতে, কণীৰ সৈতে কি কি বস্তু খাব নালাগে জনাটো অতি গুৰুত্বপূৰ্ণ।
ভজা মাংসৰ সৈতে কণী নাখাব
কিছুমান লোকে অধিক স্বাস্থ্যকৰ খোৱাৰ ধামখুমিয়াত একেলগে ভজা মাংস আৰু কণী খায়। ই আপোনাৰ আহাৰত প্ৰ'টিনৰ পৰিমাণ বৃদ্ধি কৰে যদিও একে সময়তে, অধিক চৰ্বিৰ বাবে ইয়াক হজম কৰাত অসুবিধা হ'বলৈ আৰম্ভ কৰে। সেয়ে একেলগে কণী আৰু মাংস খালে আপুনি ভাগৰুৱা আৰু এলেহুৱা অনুভৱ কৰিব পাৰে।
মিঠাৰ সৈতে কণী খোৱা পৰিহাৰ কৰক
মিঠাই খাবলৈ ভাল পোৱা লোকসকলে মিঠা খাদ্যৰ সৈতেও কণী খোৱাৰ পৰা বিৰত নাথাকে। কিন্তু একেলগে চেনী আৰু কণী সেৱন কৰিলে শৰীৰত এমিনো এচিডৰ ফলত বিষাক্ত পদাৰ্থ উৎপন্ন হয়। একে সময়তে ই ৰক্ত সঞ্চালন নষ্ট কৰে আৰু শিৰাবোৰত তেজ জমা হ'বলৈ আৰম্ভ কৰে।
ছয়া গাখীৰ আৰু কণী একেলগে নাখাব
কণীৰ উপৰি ছয়া গাখীৰত বহু প্ৰ'টিন থাকে। এনে পৰিস্থিতিত, দুয়োটা একেলগে খালে শৰীৰত প্ৰ'টিনৰ পৰিমাণ অধিক হৈ পৰে। এইটোৱে আমাৰ শৰীৰক প্ৰ'টিন সঠিকভাৱে শোষণ কৰিবলৈ অক্ষম কৰি তোলে।
চাহৰ সৈতে কণী নাখাব
কিছুমান মানুহে ৰাতিপুৱাৰ আহাৰত চাহৰ সৈতে কণী বা অমলেট খাবলৈ পছন্দ কৰে। পিছে এনে কৰাৰ ফলত পাকস্থলীত কোষ্ঠকাঠিন্য, গেছ আৰু এচিডিটিৰ সমস্যা আৰম্ভ হ'ব পাৰে। গতিকে চাহৰ সৈতে কণী ভুলতো নাখাব।
দুগ্ধজাত সামগ্ৰীৰ সৈতে কণী নাখাব
দুগ্ধজাত সামগ্ৰী যেনে গাখীৰ, দৈ, বাটাৰমিল্ক আৰু চীজৰ সৈতে কণী একেবাৰে খাব নালাগে। লগতে, তৰমুজ আৰু বীনৰ সৈতে কণী নাখাব। এই বস্তুবোৰৰ সৈতে কণীৰ সংমিশ্ৰণ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|