• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Intestinal Tuberculosis: আভ্যন্তৰীণ যক্ষ্মা ৰোগৰ বিষয়ে জানেনে ! শৰীৰত হোৱা এই লক্ষণবোৰ হ'ব পাৰে যক্ষ্মা ৰোগৰ লক্ষণ...

Intestinal Tuberculosis: আভ্যন্তৰীণ যক্ষ্মা ৰোগৰ বিষয়ে জানেনে ! শৰীৰত হোৱা এই লক্ষণবোৰ হ'ব পাৰে যক্ষ্মা ৰোগৰ লক্ষণ...

অন্ত্ৰৰ যক্ষ্মা ই পাচন তন্ত্ৰৰ যিকোনো অংশ বিস্তৰ ক্ষতি কৰিব পাৰে। যুৱ আৰু মধ্যবয়স্ক লোকৰ ক্ষেত্ৰত এই ৰোগৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক।

অন্ত্ৰৰ যক্ষ্মা ই পাচন তন্ত্ৰৰ যিকোনো অংশ বিস্তৰ ক্ষতি কৰিব পাৰে। যুৱ আৰু মধ্যবয়স্ক লোকৰ ক্ষেত্ৰত এই ৰোগৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক।

অন্ত্ৰৰ যক্ষ্মা ই পাচন তন্ত্ৰৰ যিকোনো অংশ বিস্তৰ ক্ষতি কৰিব পাৰে। যুৱ আৰু মধ্যবয়স্ক লোকৰ ক্ষেত্ৰত এই ৰোগৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক।

  • Share this:
ৰোগআভ্যন্তৰীণ যক্ষ্মা (Intestinal Tuberculosis) ৰোগ সকলো বয়সৰ লোকৰে হ'ব পাৰে, কিন্তু যুৱ আৰু মধ্যবয়স্ক লোকৰ ক্ষেত্ৰত এই ৰোগৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ উপৰিও, এই ৰোগ ডায়েবেটিচ  (Diabetes) আৰু এইচ.আই.ভি. পজিটিভ (HIV Positive) ৰোগীৰ শৰীৰলৈও দ্ৰুত সংক্ৰমণ হয়। দৈনিক জাগৰণত প্ৰকাশিত অ'নলি মাই Health.comৰ এক প্ৰতিবেদন অনুসৰি, বমি আৰু পেটৰ তলৰ বিষ অন্ত্ৰৰ যক্ষ্মাৰোগ(হৃদযন্ত্ৰৰ যক্ষ্মা)ৰ  লক্ষণ হ'ব পাৰে।

বিশেষজ্ঞসকলে কৈছে যে, সংক্ৰমিত স্পুটাম (থু-খেকাৰ)ৰ সংস্পৰ্শলৈ অহা, যক্ষ্মা বেক্টেৰিয়াৰ দ্বাৰা দূষিত খাদ্য গ্ৰহন আৰু অন্ত্ৰৰ যক্ষ্মা ৰোগ হাঁওফাঁওত সংক্ৰমণৰ ফলতো এই ৰোগ হয়। প্ৰতিবেদনঅনুসৰি, অন্ত্ৰৰ যক্ষ্মা ৰোগে পাচন তন্ত্ৰৰ যিকোনো অংশ (Digestive Track)ৰ  বিস্তৰ ক্ষতি কৰিব পাৰে আৰু  ক্ষুদ্ৰ আৰু বৃহদান্ত্ৰ (Small and large intestine) নষ্ট কৰিবলৈ ধৰে। অন্ত্ৰৰ যক্ষ্মা মাইকোবেক্টেৰিয়াম যক্ষ্মা (Mycobacterium tuberculosis)  আৰু মাইকোবেক্টেৰিয়াম বোভিছ (Mycobacterium bovis)ৰ কাৰণে হয়।

প্ৰতিবেদনত কোৱা হৈছে যে, অন্ত্ৰৰ যক্ষ্মাৰোগৰ লক্ষণবোৰ অন্যান্য যক্ষ্মা সংক্ৰমণতকৈ সাধাৰণতে কিছু কম দেখা যায়। গতিকে কেতিয়াবা ইয়াক চিনাক্ত কৰাত পলম হয়। দৰাচলতে, অন্ত্ৰৰ যক্ষ্মা সাধাৰণ যক্ষ্মাৰ দৰে একে আৰু উপযুক্ত চিকিৎসা কৰিলে সহজে নিৰাময় কৰিব পাৰি, কিন্তু এই বিষয়ত অৱহেলা কৰিলে  অন্ত্ৰৰ গুৰুতৰ ক্ষতি হ'ব পাৰে। এই ৰোগৰ কিছুমান লক্ষণ হ'ল-

শৰীৰৰ ওজন হ্ৰাস পোৱা :

দৰাচলতে, অন্ত্ৰত যক্ষ্মা সংক্ৰমণৰ ফলত খাদ্য হজম কৰা কঠিন হয় আৰু হজম শক্তি নষ্ট হ'বলৈ ধৰে। ই শৰীৰক খাদ্যৰ পৰা প্ৰয়োজনীয় পুষ্টি পোৱাত বাধা দিয়ে আৰু শৰীৰ দুৰ্বল কৰি তুলে, লগে লগে শৰীৰৰ ওজন হ্ৰাস হ'বলৈ ধৰে।

জ্বৰ উঠা :

প্ৰতিবেদন অনুসৰি, মৃদু জ্বৰ যক্ষ্মা ৰোগৰ এটা লক্ষণ। এই জ্বৰ কেতিয়াবা ৰাতি অতি তীব্ৰ হৈ উঠে আৰু তাৰ পিছত খুব ঘামিবলৈ ধৰে। যদি নিশা একেৰাহে মৃদু জ্বৰ আৰু ঘাম ওলায়, ইয়াক একেবাৰে উপেক্ষা নকৰিব আৰু চিকিৎসকৰ পৰামৰ্শ ল'ব।

খাদ্যাভ্যাসৰ পৰিৱৰ্তন :

অন্ত্ৰই খাদ্য হজম কৰাত সহায় কৰে। অন্ত্ৰত যক্ষ্মা হ'লে খোৱা আৰু খোৱাৰ অভ্যাস সলনি হ'ব পাৰে। ভোক হ্ৰাস পাব পাৰে আৰু খাদ্যৰ প্ৰতি অনীহা আহিব পাৰে।

অনবৰতে পেটৰ বিষ :
যেতিয়া এজনলোকৰ অন্ত্ৰত যক্ষ্মা হয় তেতিয়া তেওঁৰ পেটত অনবৰতে মৃদু বিষ হ'বলৈ ধৰে। এই বিষ কেতিয়াবা কম আৰু কেতিয়াবা বেছিও হ'ব পাৰে। ইয়াৰ ফলত সংক্ৰমিত ব্যক্তিজনৰ কোষ্ঠকাঠিন্যৰ সমস্যাই দেখা দিয়ে। যাৰ ফলত গেছ আৰু বদহজমৰ ৰোগ সঘনাই হ'ব পাৰে।

পেট টান হৈ থকা :

তীক্ষ্ণ পেটৰ টান অন্ত্ৰৰ যক্ষ্মাৰ ৰোগৰ এটা প্ৰধান লক্ষণ আৰু ইয়াক কেতিয়াও উপেক্ষা কৰিব নেলাগে। এই ধৰণৰ পেটৰ বিষ মাজে মাজে হ'ব পাৰে আৰু কেতিয়াবা ই বঢ়ি নাভিৰ চাৰিওফালে তীব্ৰ বিষ সৃষ্টি কৰিব পাৰে।

বমি আৰু পাইখানা :

বমি আৰু পাইখানা বা ডায়েৰিয়া হৈছে অন্ত্ৰৰ যক্ষ্মা ৰোগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ লক্ষণ। অন্ত্ৰৰ যক্ষ্মা ৰোগত আক্ৰান্ত তিনিজনৰ ভিতৰত এজনৰ ডায়েৰিয়া হয়েই। বমি বা বমি ভাব অনুভৱ কৰাটোও ইয়াৰ এটা মুখ্য লক্ষণ। কিছুমান ৰোগীয়ে আহাৰ খোৱাৰ লগে লগে বমিৰ ভাব অনুভৱ কৰে, আনহাতে আন কিছুমানে পানী খালেও বমি কৰিবলৈ ধৰে।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি