দাঁতৰ সমস্যা বয়স বাঢ়ি অহাৰ লগে লগে সকলোৰে মাজত দেখিবলৈ পোৱা যায়। Borgenprojectৰ এক প্ৰতিবেদন অনুসৰি ভাৰতৰ ৮৫-৯০ শতাংশ লোকৰ দাঁত পোকে খোৱা বা দাঁতত ফুটা থাকে। ৩০ শতাংশ শিশুৰ দাঁত আৰু দাঁতৰ গুৰি স্বাভাৱিক নোহোৱাৰ লগতে ভাৰতৰ মাত্ৰ ২৮ শতাংশ লোকেহে দিনত দুবাৰকৈ ব্ৰাছ কৰে।
দাঁতৰ সমস্যা এক গুৰুতৰ সমস্যা। দাঁতৰ বিষত নোভোগা কোনো লোকে এয়া উপলব্ধি কৰিব নোৱাৰে যে ই কিমান যন্ত্ৰণাদায়ক। কিন্তু ইয়াৰ পিছতো দাঁতৰ আন কেতবোৰ সমস্যা থাকে, যাক অৱজ্ঞা কৰিলে আপোনাৰ বিপদ হ'ব পাৰে।
যদি আপুনি আপোনাৰ দাঁত আৰু মুখৰ ক্ষেত্ৰত এনে কিছু লক্ষণ দেখিবলৈ পায়, তেন্তে ইয়াক অৱজ্ঞা নকৰিব। অন্যথা ই আপোনাৰ বাবে ডাঙৰ বিপদ মাতি আনিব পাৰে।
মুখ বা জিভা ফুলা
মুখ বা জিভা ফুলিলে দন্ত চিকিৎসকক দেখুওৱা ভাল। বহু সময়ত এয়া সাধাৰণ অসুখৰ লক্ষণ যদিও ই কেতিয়াবা কেন্সাৰৰো লক্ষণ হ'ব পাৰে।
মুখ বা জিভাত ফোঁহা হোৱা
মুখ বা জিভাত যদি প্ৰায়ে ফোঁহা ওলাই থাকে, তেন্তে ইয়াক অৱজ্ঞা নকৰি চিকিৎসকক দেখুওৱা উচিত। ঔষধ খোৱাৰ পিছত যদি ১০ দিনৰ মূৰত ই ভাল নহয় আৰু কোনো খাদ্য খালে অসুবিধা পায়, তেন্তে ভালদৰে চিকিৎসা বিধান লোৱা ভাল।
দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱাব্ৰাছ কৰিলে দাঁতৰ গুৰিৰ পৰা তেজ ওলোৱা বা এনেও তেজ ওলোৱাৰ লক্ষণ থাকিলে দন্ত চিকিৎসকৰ ওচৰত যাওক। এয়া সাধাৰণ অসুখৰ লক্ষণ যদিও ভিতৰি ডাঙৰ অসুখ হৈ থাকিব পাৰে।
মুখৰ অস্বাভাৱিক লক্ষণ
যদি দাঁত, দাঁতৰ গুৰি বা জিভাৰ বাবে মুখৰ অস্বাভাৱিক লক্ষণ দেখিবলৈ পায়। তেন্তে এয়া অৱজ্ঞা কৰাৰ বিষয় নহয়। এইক্ষেত্ৰতো চিকিৎসাৰ আশ্ৰয় লোৱা দৰকাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|