Boost Metabolism To Stay Slim And Fit: একে বয়সৰ ( Age) ব্যক্তিয়ে একে ধৰনৰ খাদ্য গ্ৰহণ কৰাৰ পিছতো কিয় এজনৰ ওজন কম, আনজনৰ ওজন বেছি হয়।ইয়াৰ মূল কাৰণেই হৈছে শৰীৰৰ মেটাবলিজিম (Metabolism)।
বহু সময়ত দেখা যায় একে বয়সৰ , একে উচ্চতাৰ আৰু একে লিংগৰ খাদ্যাভ্যাস একে হোৱাৰ পিছতো ওজন কম আৰু কাৰোবাৰ ওজন বেছি হয়।
দৰাচলতে ইয়াৰ মূল কাৰণ হৈছে আমাৰ শৰীৰৰ মেটাবলিজিম বেলেগ বেলেগ ব্যক্তিৰ ক্ষেত্ৰত বেলেগ বেলেগ অৱস্থাত থাকে। Health Link ৰ মতে , যেতিয়া আমি আমাৰ দৈনন্দিন কাম-কাজৰ জৰিয়তে এনাৰ্জি বাৰ্ন কৰো আৰু এক সক্ৰিয় জীৱন যাপন কৰো , তেতিয়া আমাৰ হাৰ্ট বিট আৰু উশাহ নিশাহক মিলাই মেটাবলিজিম ৰেট নিৰ্ধাৰণ কৰা হয়। ইয়াকেই আমি মেটাবলিজিম বুলি ক'ব পাৰো।
এতিয়া প্ৰশ্ন হয় আমি আমাৰ শৰীৰৰ মেটাবলিজিম পৰিৱৰ্তন কৰিব পাৰো নে ?
ইয়াৰ উত্তৰ হ'ল আমি আমাৰ শৰীৰৰ মেটাবলিজিম পৰিৱৰ্তন কৰিব পাৰো।
তেনেহলে জানি লওক কিদৰে আপোনাৰ দেহৰ মেটাবলিজিম পৰিবৰ্তন কৰি আপোনাৰ ফিটনেছ লেভেল উন্নত কৰিব পাৰিব।
১, ৰাতিপুৱা সোনকালে উঠা :
যদি আপোনাৰ ৰাতি সুন্দৰ টোপনিৰ পিছত ৰাতিপুৱা সোনকালে উঠিব পাৰে তেতিয়া হ'লে আপোনাৰ দেহৰ মেটাবলিজিম ভাল হ'ব পাৰে। এই ক্ষেত্ৰত আপুনি ৰাতি ৬ ৰ পৰা ৮ ঘন্টা টোপনি যাব লাগিব আৰু ৰাতিপুৱা সোনকালে উঠি ব্যায়াম অথবা খোজকাঢ়িব (Exercise) লাগিব।
২, সক্ৰিয় জীৱন যাপন:
যদি আপুনি সমগ্ৰ দিন ধৰি সক্ৰিয় হৈ থাকে তেতিয়া হ'লে আপোনাৰ পাচনতন্ত্ৰ সঠিকভাৱে কাৰ্য্যক্ষম হৈ থাকে। যিয়ে আপোনাৰ মেটাবলিজিম ৰেট বুষ্ট কৰিবলৈ সমৰ্থ হয়। যদি আপোনাৰ বহি থকা কাম হয় তেতিয়া হ'লে মাজে মাজে খোজকঢ়াৰ প্ৰয়োজন আছে। ইয়াৰ ফলত আপোনাৰ দেহত ৰক্ত সঞ্চালন সঠিক হৈ থাকিবলৈ সহায় কৰে।
৩, পুষ্টিকৰ খাদ্য :
যিমান দূৰ সম্ভব আপোনাৰ আহাৰত প্ৰটিন, ভিটামিন, ফাইবাৰ, মিনাৰেল্চ আদি ৰাখিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত মেটাবলিজিম সঠিক থাকিব আৰু আপোনাৰ দেহৰ বৰ্ধিত কেলোৰি বাৰ্ন কৰিবলৈ সহায় কৰিব। ফাষ্ট ফুড আৰু জাংক ফুডৰ পৰা দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিব।
৪, প্ৰতিদিনে ব্যয়াম আথবা খোজকঢ়া :
যদি আপুনি প্ৰতিদিনে ব্যয়াম অথবা খোজকাঢ়ে তেতিয়া হ'লে আপোনাৰ দেহৰ কেলোৰি বাৰ্ন হোৱাৰ লগতে মেটাবলিজিম সঠিক ৰূপত বুষ্ট হয়।
৫, আহাৰৰ সময় মতে কৰক :
আমাৰ শৰীৰ সুস্থ ৰাখিবলৈ নিয়ম মতে চলিব লাগে। এইক্ষেত্ৰত যিমান দূৰ সম্ভব নিদিষ্ট সময়ত আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে। কেৱল সেয়াই নহয় সঠিক সময়ত সঠিক পৰিমাণে খাদ্য গ্ৰহণ কৰাৰো প্ৰয়োজন আছে। যদি আপুনি প্ৰতিদিনে একে সময়ত একে পৰিমাণত খাদ্য গ্ৰহণ কৰে তেতিয়া হ'লে আপোনাৰ শৰীৰৰ মেটাবলিজিম বুষ্ট কৰাৰ ক্ষেত্ৰত সহায়ক হয়। ইয়াৰ ফলত অতি সহজে কেলৰি বাৰ্ন হয় আৰু দেহত মেদবহুলতা হ্ৰাস পায়।
৬, আহাৰ ট্ৰেক কৰক:
যেতিয়াই আপুনি আহাৰ প্লেন কৰিব তেতিয়া মনত ৰাখিব আপোনাৰ খাদ্যত কেলৰি কম আৰু ফাইবাৰ বেছি হ'ব লাগিব। এইক্ষেত্ৰত ফলমূল পাচলি আৰু শস্য জাতীয় খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি আহাৰৰ প্লেন তৈয়াৰ কৰক।
৭, পৰ্যাপ্ত পানী সেৱন কৰক :
শৰীৰত পানীৰ পৰিমাণ সঠিক থকা অতিকৈ প্ৰয়োজন। এইক্ষেত্ৰত চেষ্টা কৰিব লাগে প্ৰতিঘন্টাত অলপ অলপ কৈ পানী সেৱন কৰি শৰীৰক হাইড্ৰেড কৰি ৰাখিব লাগে। কাৰণ কম পানী খালে শৰীৰৰ ডি- হাইড্ৰেড হৈ গ'লে শৰীৰৰ মেটাবলিজিমক বিনষ্ট কৰিব পাৰে ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|