শেহতীয়াকৈ কেৰালাত জনপ্ৰিয় খাদ্য শৱাৰমা (shawarma)ত শিগেলা (Shigella) আৰু ৰোগসৃষ্টিকাৰী চালমোনেলা (Salmonella Bacteria) বেক্টেৰিয়া পোৱাৰ পিছৰে পৰা দেশজুৰি আতংকৰ সৃষ্টি হৈছে। কেৰালা (Kerala)ৰ কাচাৰাগোড জিলাৰ এটা ভোজনালয়ৰ পৰা শৱাৰমাৰ নমুনা সংগ্ৰহ কৰা হৈছিল কিয়নো দোকানত খাদ্য গ্ৰহণ কৰাৰ পিছত ৫৮ জন লোক অসুস্থ (Food Poisoning)হৈ পৰিছিল আৰু এগৰাকী কিশোৰীৰ মৃত্যু হৈছিল। ১৬ বছৰীয়া কিশোৰী গৰাকীক কাৰিভালোৰৰ বাসিন্দা দেৱানন্দা বুলি চিনাক্ত কৰা হৈছে। কানহাঙ্গাদ জিলা চিকিৎসালয়ত খাদ্যৰ বিষক্ৰিয়া হৈ চিকিৎসাধীন অৱস্থাত ১ মে'ত কিশোৰীগৰাকীৰ মৃত্যু হৈছিল।
বিষয়াসকলে কৈছিল যে ছোৱালীজনী দোকানত কুকুৰাৰ শৱাৰমা (Chicken shawarma) খোৱাৰ পিছত অসুস্থ হৈ পৰিছিল। একেখন দোকানৰ পৰা খাদ্য খোৱাৰ পিছত আন ৫৮ জন লোক অসুস্থ হৈ পৰিছিল। ৪ মে'ত বিষয়াসকলে কৈছিল যে পাঁচজন ৰোগীৰ অৱস্থা আটাইতকৈ গুৰুতৰ আছিল।
স্বাস্থ্য মন্ত্ৰী বীণা জৰ্জে এক বিবৃতিত কৈছিল যে ৰেষ্টুৰেণ্টৰ শৱাৰমা তৈয়াৰ কৰিবলৈ ব্যৱহৃত জালুক (Black Pepper)ৰ গুৰিত ৰোগসৃষ্টিকাৰী চালমোনেলা ধৰা পৰে আৰু খাদ্য সুৰক্ষা আৰু গুণগত মানদণ্ড আইনৰ অধীনত খাদ্যৰ নমুনাবোৰ "অসুৰক্ষিত" বুলি চিনাক্ত কৰা হৈছে।
শিগেলা বেক্টেৰিয়াৰ ফলত শিগেলাওচিছ নামৰ সংক্ৰমণ হয় যাৰ ফলত ডায়েৰিয়া, জ্বৰ আৰু পেটৰ বিষ হয়। ৰোগীসকলৰ বমি বমি অহা ভাব আহিছিল। যদিও বেছিভাগ ৰোগী নিজে আৰোগ্য হয়, যিসকলৰ গুৰুতৰ সংক্ৰমণ হৈছে তেওঁলোকক আৰোগ্য হ'বলৈ এণ্টিবায়টিক (Antibiotic)ৰ প্ৰয়োজন হ'ব পাৰে। সংক্ৰমণটো ২ৰ পৰা ৭ দিনলৈ থাকিব পাৰে জনাইছে চিকিৎসকসকলে।
চিকিৎসা কেন্দ্ৰ ক্লিভলেণ্ড ক্লিনিকৰ মতে বিশ্বজুৰি প্ৰতি বছৰে প্ৰায় ১৮৮ নিযুত সংক্ৰমণৰ সৈতে শিগেলা হৈছে এক অতি সচৰাচৰ হোৱা ৰোগ আৰু যাৰ ভিতৰত প্ৰায় ১ নিযুত লোকৰ মৃত্যু হয়। উন্নত দেশবোৰত প্ৰতি বছৰে প্ৰায় ১.৫ নিযুত শিগেলাওচিছ সংক্ৰমণ দেখা যায়। শিগেলা দূষিত খাদ্য আৰু পানীৰ জৰিয়তে বিয়পে আৰু কেঁচা পাচলি আৰু ছেলফিছতো পোৱা যায়।
এই বেক্টেৰিয়া ৰোধ কৰাৰ কিছু পৰামৰ্শ : খাদ্য ভালদৰে ধুব আৰু কেঁচা বস্তুবোৰ ভালদৰে ৰান্ধিব । আপোনাৰ হাত নিয়মীয়াকৈ ধুব, বিশেষকৈ খোৱাৰ আগতে আৰু বাথৰুম ব্যৱহাৰ কৰাৰ পিছত চাবোনেৰে ভালদৰে ধুব। পুখুৰীৰ লগতে হ্ৰদৰ পানী নাখাব। অস্বাস্থ্যকৰ স্থানৰ পৰা, খাদ্য সুৰক্ষা নিয়ম অনুসৰণ নকৰা পথৰ কাষৰ খাদ্য আৰু ৰেষ্টুৰেণ্টৰ খাদ্য নাখাব ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|