Precautionary Dose: দেশত ৬০ বছৰৰ অধিক বয়সৰ নাগৰিকসকলক সাৱধানতামূলক পালি হিচাপে (Precautionary Dose) কৰোনা ভেকছিনৰ (Corona Vaccine) তৃতীয় পালি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্যসম্পৰ্কীয় কোনো চিকিৎসা প্ৰমাণপত্ৰ বা প্ৰমাণ প্ৰদৰ্শন কৰাৰ প্ৰয়োজন নহ'ব।
দেশত ৬০ বছৰৰ অধিক বয়সৰ নাগৰিকসকলক সাৱধানতামূলক পালি হিচাপে (Precautionary Dose) কৰোনা ভেকছিনৰ (Corona Vaccine) তৃতীয় পালি প্ৰদান কৰা হ'ব। ইয়াৰ বাবে জ্যেষ্ঠ নাগৰিকসকলক স্বাস্থ্যসম্পৰ্কীয় কোনো চিকিৎসা প্ৰমাণপত্ৰ বা প্ৰমাণ প্ৰদৰ্শন কৰাৰ প্ৰয়োজন নহ'ব। তেওঁলোকে পোনপটীয়াকৈ টিকাকৰণ কেন্দ্ৰলৈ যাব পাৰিব আৰু কোভিড-19 ভেকছিনৰ তৃতীয় পালি (Covid-19 Vaccine) গ্ৰহণ কৰিব পাৰিব। অৱশ্যে, এইটো পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকে কৰোনা ভেকছিন সাৱধানতা মূলক পালি গ্ৰহণ কৰাৰ আগতে এবাৰ চিকিৎসা পৰামৰ্শ ল'ব লাগিব। প্ৰধানমন্ত্ৰী মোডীয়ে গুৰুতৰ ৰোগত আক্ৰান্ত স্বাস্থ্য কৰ্মী আৰু ফ্ৰণ্ট লাইন কৰ্মীসহ ৬০ বছৰতকৈ অধিক বয়সৰ লোকসকলক কোভিড-১৯ ভেকছিনৰ সতৰ্কতামূলক পালি ঘোষণা কৰিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assamese
ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে কয় যে ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ আৰু গুৰুতৰ ৰোগত ভুগি থকা আৰু কোভিড-১৯ ভেকছিনৰ দুয়োটা পালি গ্ৰহণ কৰা সকলো নাগৰিকক ১০ জানুৱাৰী, ২০২২ ৰ পৰা চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভেকছিনৰ সাৱধানতামূলক পালি প্ৰদান কৰা হ'ব।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|