১১ বছৰৰ পাছত দেশত এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈছে। কাৰণ নলা-নৰ্দমাৰ পানীত পলিঅ’ ভাইৰাছ (polio virus)ৰ নমুনা ধৰা পৰিছে আৰু সেয়াও কলকাতাত। ২০১৪ চনত বিশ্ব স্বাস্থ্য সংস্থা (World Health Organisation (WHO)ই ভাৰতক পলিঅ’মুক্ত দেশ হিচাপে ঘোষণা কৰিছিল। কিন্তু পুনৰ এক দশকৰো অধিক সময়ৰ পাছত মেটিয়াব্ৰুজ (Metiabruz) অঞ্চলত ধৰা পৰিছে পলিঅ’ ভাইৰাছ। এই তথ্য লাভ কৰাৰ পিছতে স্বাস্থ্য বিভাগে অঞ্চলটোত পৰ্যবেক্ষণ বৃদ্ধি কৰিছে। আশংকা কৰা হৈছে যে দেশত পুনৰ পলিঅ’ৰ উত্থান ঘটিব নেকি।