মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »ফাগুন মাহত আপোনাৰ চুলি ফাটে নেকি? ঘৰতে বহি এই কেইটা উপাদানেৰে কৰক সমাধান

ফাগুন মাহত আপোনাৰ চুলি ফাটে নেকি? ঘৰতে বহি এই কেইটা উপাদানেৰে কৰক সমাধান

ফাগুন মাহৰ বতৰত আমাৰ চুলি খুব শুকান হয়। চুলিৰ আগবোৰো বৰকৈ ফাটি যায়। এনে ক্ষেত্ৰত আমি সহজলভ্য প্ৰাকৃতিক উপাদানেৰে  চুলিৰ  যত্ন ল'ব পাৰোঁ।

ফাগুন মাহৰ বতৰত আমাৰ চুলি খুব শুকান হয়। চুলিৰ আগবোৰো বৰকৈ ফাটি যায়। এনে ক্ষেত্ৰত আমি সহজলভ্য প্ৰাকৃতিক উপাদানেৰে  চুলিৰ  যত্ন ল'ব পাৰোঁ।

ফাগুন মাহৰ বতৰত আমাৰ চুলি খুব শুকান হয়। চুলিৰ আগবোৰো বৰকৈ ফাটি যায়। এনে ক্ষেত্ৰত আমি সহজলভ্য প্ৰাকৃতিক উপাদানেৰে  চুলিৰ  যত্ন ল'ব পাৰোঁ।

  • Share this:
ফাগুনৰ এক সুকীয়া বৈশিষ্ট্য আছে৷ এই মাহত জলবায়ুৰ যথেষ্ট পৰিৱর্তন হয়৷ পৰিৱেশ শুকান হৈ পৰাৰ লগতে বতাহ, কেতিয়াবা ধুমুহাও হয়৷ সেয়েহে ফাগুনৰ বতাহজাকক ‘ফাগুনী পছোৱা’ বুলিও কোৱা হয়৷

ফাগুন মাহৰ বতৰত আমাৰ চুলি খুব শুকান হয়। চুলিৰ আগবোৰো বৰকৈ ফাটি যায়। এনে ক্ষেত্ৰত আমি সহজলভ্য প্ৰাকৃতিক উপাদানেৰে  চুলিৰ  যত্ন ল'ব পাৰোঁ। তাৰেই উপায় কেইটামান আগবঢ়ালো-

কণীৰ কুহুম দুটা, পকা কল এটা, গাখীৰ দুই চামুচ, নাৰিকল তেল একাপ, কমলাৰ ৰস এচামুচ। এই আটাইখিনি মিক্সিত মিহলাই ল’ব।তাৰ পিছত চুলিত ভালদৰে লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। ২০ মিনিটৰ পাছত শ্বেম্পু কৰিলে ইয়াৰ সুফল পোৱা যাব৷

শুকান চুলিৰ বাবে মৌ আৰু গাখীৰৰ ক্ৰীম সমানে মিহলাই ব্যৱহাৰ কৰিলে চুলি কোমল হয়। মৌ, গাখীৰৰ ক্ৰীম আৰু এলোভেৰা ভালদৰে মিহলাই চুলিত লগাই এটা শ্বাৱাৰ কেপ পিন্ধিব। পাছত ছালফেট ফ্রী শ্বেম্পুৰ দ্বাৰা শ্বেম্পু কৰি  দিব।

ফাগুন মাহত অলপ চুলি ট্রীম কৰিব লাগে। এই সময়ত শুকান বতাহৰ বাবে আমাৰ চুলিৰ আগ খুব ফাটি যায়। সেই বাবে চুলিৰ আগবোৰ কাটি দিলে চুলি সোনকালে দীঘল হয়।

চুলিত আমি কৰ্দৈৰ ৰস আৰু মিথি পাউডাৰৰ গুড়ি ভালদৰে মিহলাই লগালে চুলিৰ গুৰি পৰিষ্কাৰ হয়। উফিও নাইকিয়া হয়। চুলিৰ বাবে সেউজীয়া শাক-পাচলি,গাজৰ, ঔটেঙা আদি নিয়মিত খালে চুলিৰ স্বাস্থ্য ভালে থাকে।
এইদৰেই  ফাগুন মাহত  চুলিৰ যত্ন ললে ফটাৰ সমস্যাৰ লগতে চুলিৰ স্বাস্থ্য ভালে থাকিব।

শেহতীয়া বাতৰি