• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Purity of Paneer: স্বাস্থ্যৰ বাবে পনীৰ অতি উপকাৰী, কিন্তু প্ৰকৃত আৰু নকল পনীৰ চিনাক্ত কৰিব কিদৰে?

Purity of Paneer: স্বাস্থ্যৰ বাবে পনীৰ অতি উপকাৰী, কিন্তু প্ৰকৃত আৰু নকল পনীৰ চিনাক্ত কৰিব কিদৰে?

পনীৰক কেৱল সোৱাদৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়।

পনীৰক কেৱল সোৱাদৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়।

পনীৰক কেৱল সোৱাদৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়।

  • Share this:

বজাৰত যিদৰে খাদ্যদ্ৰব্য উভৈনদী, সেইদৰে এনে সামগ্ৰীৰ বহুততে ভেজালকৰণৰ মাত্ৰাও অধিক বৃদ্ধি হোৱা দেখা গৈছে। এইক্ষেত্ৰত যদি নিজে সচেতন হোৱা নাযায়, তেন্তে আপুনি ঠগ খোৱাতকৈও ভেজাল খাদ্যৰ বাবে স্বাস্থ্যজনিত অসুবিধাত পৰিব পাৰে। কিন্তু আপুনি সেইবোৰ চিনাক্ত কৰাৰ উপায় আছে।


সম্প্ৰতি ভেজালকৰণৰ কবলত পৰা এবিধ সামগ্ৰী হৈছে পনীৰ। পনীৰ হৈছে গাখীৰৰ দ্বাৰা তৈয়াৰ কৰা সামগ্ৰী। ই স্বাস্থ্যৰ বাবে অতি ভাল বুলি গণ্য কৰা হয়। গতিকে প্ৰকৃত আৰু নকল পনীৰ চিনাক্ত কৰাটো স্বাস্থ্যৰ বাবে প্ৰয়োজনীয় কথা।


প্ৰকৃত আৰু নকল পনীৰ চিনাক্ত কৰাৰ উপায়–


 –পনীৰ টুকুৰা সামান্য বল দি পিটিকি দিয়ক, যদি ই ভাঙি যায়, বুজিব পনীৰ নকল, কিয়নো ইয়াত থকা স্কিমড মিল্ক পাউডাৰে বেছি চাপ সহ্য কৰিব নোৱাৰে।


–পনীৰৰ প্ৰকৃত আৰু নকল চিনাক্ত কৰাৰ দ্বিতীয় উপায় হৈছে পনীৰ সাধাৰণতে কোমল বা নৰম হয়, কিন্তু কোনো পনীৰ যদি টান হয়, তেন্তে ই ভেজাল পনীৰ।


–পনীৰৰ ভেজালকৰণ চিনাক্তকৰণৰ তৃতীয় উপায় হৈছে আয়োডিন টিঞ্চাৰ। প্ৰথমে পনীৰ পানীত উতলাই ঠাণ্ডা কৰক। এতিয়া ইয়াত কেইটোপালমান আয়োডিন টিঞ্চাৰ যোগ দিয়ক। যদি আপোনাৰ পনীৰ নীলা হয়, জানিব ইয়াৰ ভেজাকৰণ হৈছে।


পনীৰৰ স্বাস্থ্যজনিত লাভালাভ


পনীৰক কেৱল সোৱাদৰ বাবেই নহয় স্বাস্থ্যৰ বাবেও উপকাৰী বুলি গণ্য কৰা হয়। ৰাতিপুৱা কেঁচা পনীৰ খালেও শৰীৰ লাভান্বিত হয়। পনীৰত চেলেনিয়াম, কেলচিয়াম, ফছফৰাছ আৰু পটাছিয়াম থাকে। ইয়াত পোৱা কেলচিয়ামে হাড় শক্তিশালী কৰাত সহায় কৰিব পাৰে। লগতে পনীৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধিতো সহায়ক।


যদি আপুনি মেদবহুলতাত ভুগি আছে আৰু ওজন হ্ৰাস কৰিব বিচাৰে, আপুনি পনীৰ খাব পাৰে। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত পনীৰ খাই চৰ্বি দহন কৰিব পাৰি। কিয়নো ইয়াত লিনোলিক এচিড থাকে, যি আমাৰ শৰীৰত চৰ্বি দহন প্ৰক্ৰিয়াটো দ্ৰুত কৰাত সহায় কৰিব পাৰে।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি