• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • ডায়েবেটিক ৰেটিন'পেথী- আগতীয়া সতৰ্কতা হৈছে বুদ্ধিমানৰ লক্ষণ

ডায়েবেটিক ৰেটিন'পেথী- আগতীয়া সতৰ্কতা হৈছে বুদ্ধিমানৰ লক্ষণ

  • Share this:
NetraSuraksha অনলাইন স্ব-পৰীক্ষা চেক-আপ ইয়াত কৰক

অনেক কথিত ধাৰণাৰ মাজত এইটোও এটা যে ডায়েবেটিচ কেৱল অধিক ওজনৰ, মিঠাই ভাল পোৱা আৰু বয়সস্থ লোকৰ ক্ষেত্ৰত হে হয়। কিন্তু তথ্যবোৰে আন এক কথা হে বৰ্ণনা কৰে। ইণ্টাৰনেশ্যনেল ডায়েবেটিচ ফেডাৰেশ্যন এটলাচ 2021 অনুসৰি 1:

  • 20-79 বছৰ বয়সৰ প্ৰায় 537 নিযুত প্ৰাপ্তবয়স্ক মানুহৰ   আছে। 2030 চনলৈ এই সংখ্যা 643 নিযুত আৰু 2045 চনলৈ 784 নিযুত হ'ব বুলি অনুমান কৰা হৈছে।

  • অনুমানিক 1.2 নিযুত শিশু আৰু কিশোৰৰ (20 বছৰৰ তলৰ) টাইপ 1 ডায়েবেটিচ আছে।

  • অনুমানিক 2021 চনত গৰ্ভাৱস্থাত হাইপাৰগ্লাইচেমিয়াৰ দ্বাৰা প্ৰভাৱিত 21 নিযুত শিশু জন্ম হৈছিল।


ভাৰতৰ ডায়েবেটিচ ৰোগীৰ সংখ্যাবোৰ চোৱাটো সহজ নহয়।  এটলাচৰ অনুসৰি  2021 চনত ভাৰতত 74 নিযুত ডায়েবেটিচৰ ৰোগী আছিল আৰু এই ৰোগীৰ সংখ্যাটো 2030 চনত 93 নিযুত আৰু 2045 চনত 124 নিযুতলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।1 ইয়াৰ উপৰিও ভাৰতত প্ৰায় 39.3 নিযুত লোক ডায়েবেটিচৰ ৰোগী বুলি অনুমান কৰা হৈছে যিসকলৰ ৰোগ নিৰ্ণয় কৰা হোৱা নাই।1

এইটো এক গুৰুত্বপূৰ্ণ চিন্তাৰ বিষয়। বিশেষকৈ যিহেতু ডায়েবেটিচ হৈছে এক নগৰ-কেন্দ্ৰিক ৰোগ। ভাৰতীয়সকল ক্ৰমান্বয়ে নগৰ-কেন্দ্ৰিক আৰু লগতে ক্ৰমান্বয়ে বহি থকা জীৱনশৈলীৰ নাগৰিক হৈ পৰিছে। এয়া প্ৰায়ে ঘটে আমাৰ কাৰ্যালয়ৰ চাকৰিৰ ফলত। টাইপ 2 ডায়েবেটিচক জীৱনশৈলীৰ ৰোগ বুলি গণ্য কৰা হয় আৰু সেয়েহে এয়া সম্পূৰ্ণৰূপে প্ৰতিৰোধ যোগ্য। আমাক মাথো প্ৰয়োজন তথ্যৰ, আৰু আৰু সঠিক সময়ত সঠিক চিকিৎসাৰ হস্তক্ষেপ। দৰাচলতে আজিকালি বেছিভাগ চিকিৎসকে বিশ্বাস কৰে যে ডায়েবেটিচ সোনকালে ধৰা পৰিলে আৰু ভালদৰে নিয়ন্ত্ৰণ কৰিলে ইয়াক নোহোৱা কৰিব পাৰি।

গতিকে অলপ তথ্যৰে আৰম্ভ কৰোঁ আহক। ডায়েবেটিচ হৈছে এনে এক অৱস্থা য'ত শৰীৰে পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰে নাইবা শৰীৰে প্ৰস্তুত কৰি থকা ইনচুলিনখিনি ব্যৱহাৰ কৰিব নোৱাৰে। ইনচুলিন হৈছে অগ্ন্যাশয়ত উৎপন্ন হোৱা এক হৰমন আৰু ই শৰীৰক আমাৰ তেজত গ্লুক'জ ব্যৱহাৰ কৰাত সহায় কৰে। তিনি প্ৰকাৰৰ ডায়েবেটিচ আছে

4। গৰ্ভধাৰণৰ ডায়েবেটিচ মেলিটাছ (গৰ্ভধাৰণৰ সময়ত মাতৃসকলৰ কেতিয়াবা এনে হয়), টাইপ 1 ডায়েবেটিচ (সাধাৰণতে শৈশৱত প্ৰকট হয় আৰু ইয়াৰ আনুবংশিক বৈশিষ্ট্য আছে) আৰু টাইপ 2 ডায়েবেটিচ (প্ৰতিৰোধযোগ্য জীৱনশৈলীৰ ৰোগ যি মুঠ ডায়েবেটিচৰ প্ৰায় 90%)।

আপুনি জানিব লগা ডায়েবেটিচৰ লক্ষণসমূহ হৈছে: সঘনাই প্ৰস্ৰাৱ লগা, অত্যধিক তৃষ্ণা, অস্পষ্ট দৃষ্টি, দেহত শক্তিৰ অভাৱ, ভাগৰ, নিৰন্তৰ ভোক লগা আৰু কেতিয়াবা হঠাতে ওজন হ্ৰাস পোৱা আৰু বিচনাত মূত্ৰত্যাগ 4। যদি আপোনাৰ এই লক্ষণবোৰৰ যিকোনো সংমিশ্ৰণ আছে তেনেহলে আপোনাৰ পৰীক্ষা কৰাৰ সময় হৈছে। ডায়েবেটিচ ৰোগে আপোনাক কেৱল ভাগৰুৱা আৰু মানসিক ভাৰসাম্যহীনেই কৰি নোতোলে। এই ৰোগে আমাৰ শৰীৰৰ সঁচাকৈয়ে ক্ষতি কৰে।

ডায়েবেটিচ আৰু উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ কাৰ্ডিঅ'ভাস্কুলাৰ ৰোগৰ বিপদাশংকা দুগুণ হোৱাৰ সৈতে সম্পৰ্কিত 4। ডায়েবেটিচ যেতিয়া উচ্চ ৰক্তচাপৰ সৈতে লগ হয় তেতিয়া বিশ্বব্যাপী অন্তিম পৰ্যায়ৰ বৃক্কৰ ৰোগৰ 80% সৃষ্টি কৰে 4। বিশ্বজুৰি 40-60 নিযুত লোকে ডায়েবেটিচ-বিষয়ক ভৰি আৰু হাত-ভৰিৰ তলৰ জটিলতা - বিষযুক্ত আলচাৰ আৰু পেৰিফেৰেল ভাস্কুলাৰ ৰোগ নামৰ এক দীৰ্ঘম্যাদী স্থিতিৰ সন্মুখীন হয় যি তেওঁলোকৰ চলাচল গুৰুতৰভাৱে সীমিত কৰে 4।

অৱশ্যে ডায়েবেটিচৰ আটাইতকৈ ভয়াবহ আৰু তথাপিও আটাইতকৈ প্ৰতিৰোধযোগ্য জটিলতা হৈছে ডায়েবেটিক ৰেটিন’পেথী। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ নেচনেল আই ইনষ্টিটিউটৰ মতে ডায়েবেটিচ থকা আধাতকৈ অধিক লোকক তেওঁলোকৰ ৰোগৰ সময়ত ডায়েবেটিক ৰেটিন’পেথীয়ে প্ৰভাৱিত কৰে2। জটিল অংশটো হৈছে ৰোগটোৰ প্ৰাৰম্ভিক পৰ্যায়ত কোনো লক্ষণ দেখা পোৱা নাযায়। কিছুমান লোকে তেওঁলোকৰ দৃষ্টিশক্তিৰ পৰিৱৰ্তন লক্ষ্য কৰে। উদাহৰণ স্বৰূপে দূৰৱৰ্তী বস্তু পঢ়া বা চোৱাত সমস্যা। কিন্তু এই সমস্যা স্থায়ী নহয়। ই আহি থাকে আৰু গৈ থাকে। পিছৰ পৰ্যায়ত ৰেটিনাৰ ৰক্তনলীবোৰত ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰে, ভাঁহি থকা দাগ সৃষ্টি কৰে আৰু কিছুমান শোচনীয় ক্ষেত্ৰত দৃষ্টিশক্তি সম্পূৰ্ণৰূপে লোপ পায়।

2এইকাৰণেই ৰোগৰ পৰীক্ষা গুৰুত্বপূৰ্ণ। দৰাচলতে ডায়েবেটিক ৰেটিন’পেথীৰ বাবে নিয়মীয়া ৰোগৰ পৰীক্ষা নীতি ৰূপায়ণ কৰাৰ মাত্ৰ 8 বছৰৰ ভিতৰত ডায়েবেটিক ৰেটিন’পেথী এতিয়া UK ত কৰ্মৰত বয়সৰ লোকসকলৰ মাজত অন্ধত্বৰ মুখ্য কাৰণ নহয় 4। ইয়াৰ ফলত ৱেলছত দৃষ্টিশক্তিৰ দুৰ্বলতাৰ বাবে দিয়া নতুন প্ৰমাণপত্ৰৰ সংখ্যা 40-50% হ্ৰাস পায়4f।

গতিকে আমি গম পালো যে ৰোগৰ পৰীক্ষাই কাম কৰে। কিন্তু ই কেৱল তেতিয়াহে কাম কৰে যেতিয়া আপুনি অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় ডায়েবেটিচ আৰু ডায়েবেটিক ৰেটিন’পেথী জৰীপ, ভাৰত (2019) অনুসৰি ডায়েবেটিচত ভুগি থকা প্ৰায় 90% ৰোগীয়ে কেতিয়াও ডায়েবেটিক ৰেটিন’পেথীৰ বাবে চকু পৰীক্ষাৰ বাবে যোৱা নাছিল 3।

ইয়েই Network18-ক Novartis India ৰ সহযোগত 'Netra Suraksha’ - India Against Diabetes পদক্ষেপ আৰম্ভ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, যি বিশেষকৈ ডায়েবেটিক ৰেটিন’পেথীৰ ওপৰত গুৰুত্ব দিয়ে। এই উদ্যোগটো 27 নৱেম্বৰ, 2021 ৰ দিনা কেইবাটাও ঘূৰণীয়া মেজৰ মেলৰ সৈতে মুকলি কৰা হৈছিল; তাৰে প্ৰথমটো সেইদিনাই CNN News18 TV ত সন্ধিয়া 6 বজাত টেলিকাষ্ট কৰা হৈছিল। আপুনি এইবোৰ YouTube, News18.com আৰু https://www.facebook.com/cnnnews18/ তো উপভোগ কৰিব পাৰিব।

নাইবা

27 নৱেম্বৰ, 2021 তাৰিখে আৰম্ভ কৰা এই পদক্ষেপটো ডায়েবেটিক ৰেটিন’পেথীৰ ওপৰত কেইবাটাও ঘূৰণীয়া মেজমেলৰ আলোচনাৰ সৈতে আৰম্ভ হৈছিল যাক আপুনি YouTube, News18.com আৰু https://www.facebook.com/cnnnews18/ ত উপভোগ কৰিব পাৰে।



আগন্তুক সপ্তাহবোৰত আৰু দুটা ঘূৰণীয়া মেজমেল অধিৱেশনৰ সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। এই পদক্ষেপটোৱে যুঁজখনত চিকিৎসা সম্প্ৰদায়, চিন্তন গোট আৰু নীতি নিৰ্ধাৰকসকলৰ সহায় লয়। আপুনি News18.com ত কেইবাটাও ব্যাখ্যাকাৰী ভিডিঅ' আৰু প্ৰবন্ধ অধ্যয়ন কৰিব পাৰে।



পদক্ষেপটোৰ উদ্দেশ্য সৰল: আপোনাক প্ৰয়োজনীয় তথ্য দিয়া, নিজকে আৰু আপোনাৰ প্ৰিয়জনক এক সৰল, বেদনাহীন চকু পৰীক্ষাৰ বাবে লৈ যোৱা যি অনাগত বছৰবোৰত আপোনাৰ জীৱনৰ মানদণ্ডত বহুতো পাৰ্থক্য আনিব পাৰে।





ডায়েবেটিক ৰেটিন’পেথীৰ স্ব-দেহৰ পৰীক্ষাকৰণৰ সৈতে ইয়াত আৰম্ভ কৰক আৰু যদি আপুনি কেইদিনমান ধৰি কৰোৱা নাই তেনেহ'লে তেজ পৰীক্ষাও কৰিব পাৰে। বিশেষকৈ ভাৰতীয় চহৰসমূহত আমাৰ কাৰ্যালয়লৈ যোৱা লোকসকলৰ বাবে ডায়েবেটিচ আৰু ডায়েবেটিক ৰেটিন’পেথীত ভুগি থকা ৰোগীৰ সংখ্যাবোৰ চাবলৈ কঠিন। কিন্তু অন্ততঃ আমি তেওঁলোকক চাবলৈ আমাৰ চকু ব্যৱহাৰ কৰাৰ সৌভাগ্য লাভ কৰিছোঁ। আহক আমি ইয়াক এনেদৰেই ৰাখোঁ।



Netra Suraksha - India Against Diabetes পদক্ষেপৰ বিষয়ে অধিক শেহতীয়া তথ্য জানিবৰ বাবে News18.com অনুসৰণ কৰক আৰু ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে ভাৰতৰ যুঁজত নিজকে অন্তৰ্ভুক্ত কৰক।



উৎসসমূহ:

  1. IDF Atlas, International Diabetes Federation, 10th edition, 2021

  2. https://www.nei.nih.gov/learn-about-eye-health/eye-conditions-and-diseases/diabetic-retinopathy

  3. National Blindness and Visual Impairment Survey 2015-2019, Ministry of Health and Family Welfare, Government of India. Dr Rajendra Prasad Centre for Ophthalmic Sciences, AIIMS, New Delhi

  4. IDF Atlas, International Diabetes Federation, 9th edition, 2019

First published: