• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • সঠিক কামৰ বাবে এখন যুদ্ধ- ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে ভাৰত

সঠিক কামৰ বাবে এখন যুদ্ধ- ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে ভাৰত

ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে ভাৰতৰ এই যুঁজত নিজকে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুত হওক।

ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে ভাৰতৰ এই যুঁজত নিজকে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুত হওক।

ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে ভাৰতৰ এই যুঁজত নিজকে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুত হওক।

  • Share this:
NetraSuraksha অনলাইন স্ব-পৰীক্ষা চেক-আপ ইয়াত কৰক

এই কথাত কোনো সন্দেহ নাই যে ভাৰতত ডায়েবেটিচ বৃদ্ধি পাইছে। ইণ্টাৰনেশ্যনেল ডায়েবেটিচ ফেডাৰেশ্যন Atlas 2021-এ অনুমান কৰিছে যে 2021 চনলৈকে ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ মাজত প্ৰায় 74 নিযুত লোক ডায়েবেটিচত আক্ৰান্ত। লগতে এইটোও ভৱিষ্যতবাণী কৰিছে যে এই সংখ্যা 2030 চনত 93 নিযুত আৰু 2045 চনত 124 নিযুতলৈ বৃদ্ধি হ'ব।

ডায়েবেটিচৰ আটাইতকৈ ভয়ানক জটিলতাবোৰৰ ভিতৰত এটা হৈছে ডায়েবেটিক ৰেটিন’পেথী। এইমছ, হায়দৰাবাদ বিশ্ববিদ্যালয় আৰু ৰাষ্ট্ৰীয় অন্ধত্ব আৰু দৃষ্টিশক্তিৰ দুৰ্বলতা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ দ্বাৰা 21 খন ভাৰতীয় জিলাত কৰা এক জৰীপত প্ৰকাশ পাইছে যে ডায়েবেটিচ থকা প্ৰায় 17% ৰোগী ৰেটিন’পেথীত1 ভুগি আছে। ডায়েবেটিক ৰেটিন’পেথী এবিধ জটিল ৰোগ। প্ৰাৰম্ভিক পৰ্যায়ত, কোনো নিৰ্দিষ্ট লক্ষণ নাথাকে - কিছু লোকৰ ক্ষেত্ৰত হয়তো পঢ়াত সমস্যা হ’ব পাৰে, কিন্তু ই ঠিক হৈ যায়, আৰু পুনৰ হয়। পৰৱৰ্তী পৰ্যায়ত, ৰেটিনাৰ ৰক্তনলীৰ ৰক্তক্ষৰণ হ'বলৈ আৰম্ভ কৰে, যাৰ ফলত ভাঁহি থকা দাগ সৃষ্টি হয়, আৰু অত্যধিক হ’লে কিছু ক্ষেত্ৰত, দৃষ্টিশক্তি2 সম্পূৰ্ণৰূপে হেৰুওৱাৰ সম্ভাৱনাও থাকে।



ৰাষ্ট্ৰীয় নেত্ৰ সংস্থাৰ (আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় স্বাস্থ্য প্ৰতিষ্ঠানৰ এক অংশ)2, মত অনুসৰি ডায়েবেটিচে সমগ্ৰ শৰীৰৰ ৰক্তনলীৰ ক্ষতিসাধন কৰে। যেতিয়া চকুৰ ৰক্তনলী ক্ষতিগ্ৰস্ত হয়, তেতিয়া সেইবোৰ লীক হ’বলৈ ধৰে বা ৰক্তক্ষৰণ হয়। কিছু ৰক্তনলী অৱৰুদ্ধ হৈ পৰে। ডায়েবেটিক ৰেটিন’পেথীৰ ফলত ডায়েবেটিক মেকুলাৰ ইডিমাও হ'ব পাৰে- যিটো স্থিতি ডায়েবেটিচত ভোগা 15 জন ৰোগীৰ ভিতৰত 1 জনৰ ক্ষেত্ৰত ঘটে আৰু ইয়াৰ ফলত দৃষ্টি অস্পষ্ট হৈ পৰে। ডায়েবেটিক ৰেটিন’পেথীৰ ফলত ৰেটিনাৰ পৰা অস্বাভাৱিক ৰক্তনলীৰো সৃষ্টি হ’ব পাৰে, যাৰ ফলত চকুৰ পৰা তৰল নিষ্কাশন একেবাৰে বন্ধ হ'ব পাৰে। ইয়াৰ ফলত এক প্ৰকাৰৰ গ্লুক’মা আৰম্ভ হয়, যাৰ ফলত অন্ধত্ব নামি আহে।



যদি আমি সংখ্যাৰ দিশৰ পৰা ক’বলৈ যাওঁ, আমি অনুমানিক 12.5 নিযুত লোকৰ ওপৰত দৃষ্টি ৰাখিছোঁ যিকেৱল 2021 চনটোতে ডায়েবেটিক ৰেটিন’পেথীত ভুগিব পাৰে।



যদিও এই সংখ্যাবোৰ চিন্তনীয়, ৰোগটো কিন্তু দুৰ্লভ নহয়। ডায়েবেটিক ৰেটিন’পেথী দৰাচলতে নিয়মীয়া চকু পৰীক্ষা আৰু কিছু জীৱনশৈলীৰ পৰিৱৰ্তনৰ জৰিয়তে সম্পূৰ্ণৰূপে প্ৰতিৰোধ কৰিব পৰা যায়। কেইবাখনো দেশত প্ৰণালীবদ্ধ স্ক্ৰীণিঙৰ কাম গ্ৰহণ কৰা হৈছে। যুক্তৰাজ্যত কৰ্মৰত বয়সৰ লোকৰ মাজত ডায়েবেটিক ৰেটিন’পেথী আৰু অন্ধত্বৰ মুখ্য কাৰণ হৈ থকা নাই। আনকি, ৱেলছত নিয়মীয়া স্ক্ৰীণিং3 ৰূপায়ণ কৰাৰ পাছত মাত্ৰ 8 বছৰৰ ভিতৰতে দৃষ্টিশক্তিৰ দুৰ্বলতাৰ নতুন ঘটনা 40-50% ৰ ভিতৰলৈ নামি আহিছে।

এইটো কাৰণতে Network18-এ Novartis-ৰ সহযোগত 'Netra Suraksha' - India Against Diabetes নামৰ উদ্যোগটি আৰম্ভ কৰিছে, যাৰ উদ্দেশ্য হৈছে সজাগতা বৃদ্ধি কৰা, আৰু এই ৰোগৰ সৈতে ভালদৰে মোকাবিলা কৰাৰ বাবে ভাৰতীয় চিকিৎসা সম্প্ৰদায়, বুদ্ধিজীৱীসকল আৰু নীতি নিৰ্মাতাসকলৰ সৈতে কাৰ্যকৰী অংশীদাৰীত্ব গঢ়ি তোলা। এই উদ্যোগটো 27 নৱেম্বৰ, 2021 ৰ দিনা কেইবাটাও ঘূৰণীয়া মেজৰ মনোজ্ঞ আলোচনাৰ সৈতে মুকলি কৰা হৈছিল; তাৰে প্ৰথমটো সেইদিনাই CNN News18 TV ত সন্ধিয়া 6 বজাত টেলিকাষ্ট কৰা হৈছিল। আপুনি এয়া YouTube, News18.com আৰু https://www.facebook.com/cnnnews18/ তো চাব পাৰিব। এই বাৰ্তালাপসমূহত চিনাক্তকৰণ, সময়মতে প্ৰতিৰোধ আৰু উপলব্ধ চিকিৎসাৰ ওপৰত গুৰুত্ব দিয়া হ’ব। ইয়াৰ পাছৰ সপ্তাহবোৰত আৰু 2 টা ঘূৰণীয়া মেজৰ অধিৱেশন অনুষ্ঠিত কৰা হ'ব। আমি ৰোগটোৰ বিভিন্ন দিশ আলোকিত কৰিবৰ বাবে ব্যাখ্যামূলক ভিডিঅ' আৰু প্ৰবন্ধ ব্যৱহাৰ কৰিম, আৰু আশা কৰোঁ যে ডায়েবেটিচত ভুগি থকা ৰোগীয়ে নিজাকৈ পদক্ষেপ ল'বলৈ অনুপ্ৰাণিত হ’ব।



এইবিষয়ে আলোচনা কৰি আৰু এই ৰোগটো সহজে কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে সজাগতা গঢ়ি তুলি, আমি এই চিন্তনীয় সংখ্যাবোৰ নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়োজনীয় আৰু আমাৰ কৰণীয়খিনি কৰাৰ আশা কৰিছোঁ।



ইয়াতেই আপোনাৰ ভূমিকা আহি পৰে। যদি আপুনি কোনো ভাৰতীয় চহৰত বাস কৰে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, সহকৰ্মী আৰু চিনাকি চক্ৰৰ কোনোবা নহয় কোনোবা হয়তো ডায়েবেটিচ ৰোগী। এই প্ৰচেষ্টাটোৰ বিষয়ে তেওঁলোকৰ সৈতে কথা পাতক (বা এই প্ৰবন্ধটো ভাগ বতৰা কৰক!), আৰু তেওঁলোকক সোধক যে তেওঁলোকৰ চকু শেহতীয়াকৈ কেতিয়া পৰীক্ষা কৰা হৈছিল। যদি কেইমাহমান বা তাতকৈ অধিক দিন হৈছে, তেওঁলোকক ইয়াত (hyperlink) ডায়েবেটিক ৰেটিন’পেথীৰ চেল্ফ চেক-আপ এটা কৰাবলৈ অনুৰোধ কৰক আৰু এক সৰল, বিষহীন নেত্ৰ পৰীক্ষাৰ বাবে তেওঁলোকৰ চিকিৎসকৰ ওচৰলৈ যাবলৈ কওক।



এইখিনি আলোচনা কৰাৰ মাজতে, নিজকেও পৰীক্ষা কৰক। ইণ্টাৰনেশ্যনেল ডায়েবেটিচ ফেডাৰেশ্যন Atlas 2021-ৰ মতে ভাৰতত চিনাক্ত নোহোৱা 39.3 নিযুত লোক আছে, যিসকল ডায়েবেটিচ-3 ৰোগী। নিজকে এনে এটা পৰিসংখ্যাৰ অংশ হৈ পৰিবলৈ নিদিব। Netra Suraksha উদ্যোগৰ বিষয়ে অধিক আপডেটৰ বাবে News18.com অনুসৰণ কৰি থাকক, আৰু ডায়েবেটিক ৰেটিন’পেথীৰ বিৰুদ্ধে ভাৰতৰ এই যুঁজত নিজকে অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুত হওক।



  1. National Blindness and Visual Impairment Survey 2015-2019, Ministry of Health and Family Welfare, Government of India. Dr Rajendra Prasad Centre for Ophthalmic Sciences, AIIMS, New Delhi

  2. https://www.nei.nih.gov/learn-about-eye-health/eye-conditions-and-diseases/diabetic-retinopathy

  3. IDF Atlas, International Diabetes Federation, 10th edition, 2021


Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
First published: