உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • Methi Benefits: ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে সদায়ে এনেদৰে খাওক মেথি গুটি, কেতিয়াও নাবাঢ়ে ছুগাৰ লেভেল

    Methi Benefits: ডায়েবেটিছ নিয়ন্ত্ৰণৰ বাবে সদায়ে এনেদৰে খাওক মেথি গুটি, কেতিয়াও নাবাঢ়ে ছুগাৰ লেভেল

    মেথিৰ প্ৰ'বায়োটিক্স গুণ আছে। ই শৰীৰত ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

    মেথিৰ প্ৰ'বায়োটিক্স গুণ আছে। ই শৰীৰত ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

    মেথিৰ প্ৰ'বায়োটিক্স গুণ আছে। ই শৰীৰত ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।

    • Share this:

    মেথি গুটি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। আনকি ডায়েবেটিচৰ সমস্যাতো ইয়াক নিয়মীয়াকৈ খালে নিয়ন্ত্ৰণত ৰাখিব পাৰি। মেথিৰ প্ৰ'বায়োটিক্স গুণ আছে। ই শৰীৰত ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰে।


    ব্লাড ছুগাৰৰ স্তৰ নিয়ন্ত্ৰণত থাকিব
    মেথি গুটিত এমিনো এচিড থাকে। এমিনো এচিডে তেজত থকা ছুগাৰ ভঙাৰ লগতে ইয়াৰ স্তৰ হ্ৰাস কৰাত সহায় কৰে। ই তেজত ইনচুলিনৰ পৰিমাণো বৃদ্ধি কৰে, যি ডায়েবেটিচ ৰোগীসকলক লাভান্বিত কৰে।


    মেটাবলিজমত সহায় কৰে
    নিয়মীয়াকৈ মেথি গুটি গ্ৰহণে বিপাক বা মেটাবলিজম বৃদ্ধি কৰে। ই টাইপ ১ আৰু টাইপ ২ ডায়বেটিচ ৰোগীক লাভান্বিত কৰে। মেথি খোৱাৰ ফলত খাদ্য হজম হোৱাৰ পিছত অৱশোষণ প্ৰক্ৰিয়া উন্নত হয়। ই ডায়েবেটিছ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।


    ওজন হ্ৰাস কৰে
    মেথি গুটি খোৱাটোও ওজন হ্ৰাসৰ ক্ষেত্ৰত উপকাৰী। আঁহ সমৃদ্ধ বাবে ই মেদবহুলতা হ্ৰাস কৰাত সহায় কৰে। মেথি গুটিৰ পানী খালে ওজন হ্ৰাস হয়। মেথি গ্ৰহণে ইনচুলিন আৰু গ্লুকোজ নিয়ন্ত্ৰণত ৰাখে।


    কেনেদৰে খাব লাগে?
    ৰন্ধাৰ সময়ত পাচলিত মেথি গুটি দিব পাৰে। ই পাচলিৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে ডায়েবেটিচৰ সমস্যাৰ পৰা আপোনাক উপকাৰ কৰিব।


    দ্বিতীয় উপায়টো হ'ল ৰাতি পানীত এচামুচ মেথিগুটি তিয়াই ৰাতিপুৱা খালী পেটত খাব লাগে। পানী খোৱাৰ পিছত মেথিৰ গুটি চোবাওক আৰু সেইবোৰ খাওক। ৩০ মিনিটৰ পিছত আপুনি ৰাতিপুৱাৰ আহাৰ খাব পাৰে।


    মেথি গুটি ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী, কিন্তু কেৱল সীমিত পৰিমাণৰহে খোৱা দৰকাৰ। বিশেষজ্ঞসকলৰ মতে, ডায়েবেটিচ ৰোগীয়ে দৈনিক ১০ গ্ৰাম মেথি গুটি খাব লাগে। নিয়ম মানি খাব জানিলে ডায়েবেটিছৰ স্তৰ নিয়ন্ত্ৰণ কৰাত নিশ্চিতভাৱে সহায় কৰিব পাৰে।

    Published by:Gautam Barman
    First published: