ভাৰতত গ্ৰীষ্মকালৰ এটা শ্ৰেষ্ঠ অৱদান হ'ল সুস্বাদু আম (mangoes)। কেৱল আমাৰ দেশতে নহয়, ফলৰ ৰজা আম হৈছে পৃথিৱীৰ সকলো লোকৰে আটাইতকৈ প্ৰিয় ফল। আম কেৱল সোৱাদৰ বাবে সুপৰিচিত হ'লেও বেছিভাগ লোকে আমৰ সমৃদ্ধ পুষ্টিগত মূল্যৰ বিষয়ে অজ্ঞাত। আম প্ৰাকৃতিকভাবে চেনী বহনকাৰী বুলি বিবেচনা কৰি বহু লোকে বিশ্বাস কৰে যে ডায়েবেটিচ (diabetes) থকা লোকসকলে আম সেৱন কৰাটো উপযুক্ত নহয়। যদি আপুনিও এইটো বিশ্বাস কৰে তেন্তে আপুনিও সঠিক স্থানতে আছে।
ডায়েবেটিক লোকৰ বাবে আম বেয়া নেকি?এইটো কোনেও অস্বীকাৰ কৰিব নোৱাৰে যে চেনীৰ পৰা অহা আমৰ কেলৰিবোৰে ডায়েবেটিক লোকসকলৰ ৰক্ত শৰ্কৰা (blood sugar) বৃদ্ধিত অৰিহণা যোগাব পাৰে। লগতে, আমত পোৱা অত্যাৱশ্যকীয় ভিটামিন আৰু খনিজ পদাৰ্থৰ গুণো উপেক্ষা কৰিব নোৱাৰি। এয়া কেৱল পুষ্টিকৰ গুণৰ কথাই নহয়, ডায়েবেটিচ থকা লোকসকলে জানিব লগা কথাটো হ'ল আমে আঁহ (fibre) আৰু বিভিন্ন এণ্টিঅক্সিডেণ্টো (antioxidants) বহন কৰে।
ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (Centers for Disease Control and Prevention (CDC) মতে, আঁহে সামগ্ৰিকভাৱে ৰক্ত শৰ্কৰাৰ প্ৰভাৱ হ্ৰাস কৰে আৰু লগতে আপোনাৰ ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। যিহেতু আঁহবোৰে শৰীৰত তেজৰ প্ৰবাহত শৰ্কৰাৰ হাৰ লেহেম কৰে বুলি জনা যায়। নেচনেল চেণ্টাৰ ফৰ বায়োটেকন'লজী ইনফৰ্মেচনে কোৱা মতে আমত থকা এণ্টিঅক্সিডেণ্টে ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধিৰ সৈতে সম্পৰ্কিত চাপ হ্ৰাস কৰে।
ডায়েবেটিক লোকসকলে কি জনা উচিত?আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল গ্লাইচেমিক ইণ্ডেক্স (Glycemic Index (GI)। যদি আপুনি ৰক্ত শৰ্কৰাৰ ওপৰত সেইবোৰৰ প্ৰভাৱ অনুসৰি খাদ্যৰ ৰেংক কৰিব বিচাৰে, তেনেহ'লে জিআই মাপকাঠি ব্যৱহাৰ কৰা উচিত। ইয়াৰ স্কেল 0-100 লৈকে হয়, য'ত 55 বা তাতকৈ কম থকাটো নিম্ন GI বুলি গণ্য কৰা হয়, 56-69 মধ্যম আৰু 70 আৰু অধিক হ'লে হাই GI বুলি গণ্য কৰা হয়। তথ্য অনুসৰি আমৰ গ্লাইচেমিক ইণ্ডেক্স হৈছে 51, যিয়ে ইয়াক কাৰিকৰীভাৱে নিম্ন জিআই খাদ্য (low GI food) হিচাপে শ্ৰেণীবদ্ধ কৰে।
সেয়েহে, ৰক্ত শৰ্কৰা বা ডায়েবেটিচৰ সমস্যা থকা লোকেও আচলতে আম খাব পাৰে। অৱশ্যে, ডায়েবেটিক লোকে দিনে এক বা দুই টুকুৰাতকৈ অধিক আম খোৱাটো উচিত নহয়। আহাৰৰ আগত ছুগাৰ পৰীক্ষা কৰি আৰু আম খাই উঠি ছুগাৰ পৰীক্ষা কৰিলে আপুনি সহজে জানিব পাৰিব যে আম খোৱাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|