মুখ্যপৃষ্ঠা »খবৰ »স্বাস্থ্য »Mahasivratri 2022 : Health benefits of Indian bael fruit :- এতিয়াৰ পৰাই বেল খোৱা আৰম্ভ কৰক, গোটেই বছৰটো সমস্যামুক্ত থাকিব।

Mahasivratri 2022 : Health benefits of Indian bael fruit :- এতিয়াৰ পৰাই বেল খোৱা আৰম্ভ কৰক, গোটেই বছৰটো সমস্যামুক্ত থাকিব।

গোটেই গ্ৰীষ্মকালটোতেই  খাওক পকা বেলৰ চৰবত ৷ কিয়নো পকা বেল খালে শৰীৰ আৰু মন দুয়োটাই ভালে থাকিব ।(Health benefits of Indian bael fruit) 

গোটেই গ্ৰীষ্মকালটোতেই  খাওক পকা বেলৰ চৰবত ৷ কিয়নো পকা বেল খালে শৰীৰ আৰু মন দুয়োটাই ভালে থাকিব ।(Health benefits of Indian bael fruit) 

গোটেই গ্ৰীষ্মকালটোতেই  খাওক পকা বেলৰ চৰবত ৷ কিয়নো পকা বেল খালে শৰীৰ আৰু মন দুয়োটাই ভালে থাকিব ।(Health benefits of Indian bael fruit) 

  • Share this:
প্ৰতিটো ঋতু পৰিৱৰ্তনৰ সময়ত লৈ আহে নানা শাৰীৰিক সমস্যা । কিন্তু ঋতুগত ৰোগবোৰ সেই ঋতুত প্ৰচুৰ পৰিমাণে পোৱা ফলৰ দ্বাৰা প্ৰতিৰোধ কৰিব পৰা যায় । বসন্তকালত ঋতুগত ৰোগৰ অন্ত নাই ৷  সেইবোৰ আৰোগ্য কৰাত বেল ফল  অত্যন্ত  উপকাৰী ৷ বসন্তকালৰ পিছতেই আহে গ্ৰীষ্ম কাল ৷ গোটেই গ্ৰীষ্মকালটোতেই  খাওক পকা বেলৰ চৰবত ৷ কিয়নো পকা বেল খালে শৰীৰ আৰু মন দুয়োটাই ভালে থাকিব । সাধাৰণতে ফাগুনত মহাশিৱৰাত্ৰি ব্ৰতৰ সৈতে  পকা বেলৰ  আগমন ঘটে ৷  তাৰ পিছত বেলৰ গুণাগুণ দীৰ্ঘম্যাদী হয় গোটেই গ্ৰীষ্মজুৰি । (Health Benefits of Indian Bael Fruit)

 চাওঁ আহক আমাৰ শৰীৰক বেল ফলে কেনেদৰে স্বাস্থ্যৱান কৰি ৰাখে :

বেলৰ মুখ্য গুণ হৈছে যে ই পেট শীতল কৰি ৰাখে । গৰমৰ সময়ত বেলৰ চৰবত বা বেলৰ পানী খালে  শৰীৰৰ  ভাগৰ আঁতৰ হয় । ইয়াত ভিটামিন-এ থাকে। ফলস্বৰূপে এই ফলটো চকুৰ বহুতো সমস্যাত কাৰ্যকৰী হয়। ই চকুৰ বিভিন্ন ৰোগৰ পৰা সকাহ দিয়ে।

বেল পেটৰ পুৰণি ৰোগ নিৰাময়ৰ ক্ষেত্ৰতো কাৰ্যকৰী ৷ কেঁচা বেলৰ গুণে পুৰণি আমাশয় আৰু ডায়েৰিয়া ৰোগ আৰোগ্য কৰে ৷ ই পাকস্থলীৰ বাবেও উপকাৰী ৷ খাদ্যৰ সঠিক হজমৰ লগতে কোষ্ঠ্যকাঠিন্যৰ দৰে বেদনাদায়ক সমস্যাবোৰ আঁতৰ কৰে । যিসকলৰ পাইলচ বা হেমৰইড আছে তেওঁলোকেও নিয়মীয়াকৈ বেল খাব লাগে। কাৰণ বেলত থকা ভিটামিন চি গ্ৰীষ্মকালীন ৰোগ নিৰাময়ত কাৰ্যকৰী হয় ।

জণ্ডিচত বেলৰ চৰবত আৰামদায়ক ৷ আকৌ আলচাৰ নিৰাময়ত কুমলীয়া কেঁচা বেল কাৰ্যকৰী হয় ৷ বহুক্ষেত্ৰত আলচাৰ উপশম ৰখাৰ বাবে পকা বেল খাব পাৰে ৷ বেলৰ পাত গোটেই ৰাতি তিতি ৰাখি তাৰ পাছত পুৱা মিশ্ৰণটো খালে আলচাৰ নিৰাময় হয় ৷

চৰবত নকৰি চেনী অবিহনে বেল খালে  আৰামদায়ক হয় ডায়েবেটিচৰ ক্ষেত্ৰতো। ই আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষ হ্ৰাস কৰে । পকা বেল খালে কৰ্ম শক্তি বৃদ্ধি কৰে । লগতে তেজ পৰিষ্কাৰ কৰি ৰাখে, তেজ পৰিষ্কাৰ কৰি ৰক্ত সঞ্চালন স্বাভাৱিক কৰি ৰখাতো সহায় কৰে, বিষাক্ত পদাৰ্থ আঁতৰাই শৰীৰ পৰিষ্কাৰ ৰখাতো সহায় কৰে, সংক্ৰামক ৰোগৰ সমস্যা হ্ৰাস কৰা, ছালৰ আৰ্দ্ৰতা নিয়ন্ত্ৰণত ৰখাত বেল অদ্বিতীয়।

শেহতীয়া বাতৰি