உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • Weak Eyesight: চশমাৰ হাই পাৱাৰৰ লগতে চকুৰ অন্য সমস্যাও দূৰ কৰিব পাৰে এই যাদুকৰী পানীয়ই, জানক সবিশেষ

    Weak Eyesight: চশমাৰ হাই পাৱাৰৰ লগতে চকুৰ অন্য সমস্যাও দূৰ কৰিব পাৰে এই যাদুকৰী পানীয়ই, জানক সবিশেষ

    Weak Eyesight: চকু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ উপৰি এই ক্ষেত্ৰত ঘৰুৱাভৱেও প্ৰতিকাৰৰ ব্যৱস্থা ল'ব পাৰি। পুষ্টিবিদ জুহি কাপুৰ (Nutritionist Juhi Kapoor)-এ নিজৰ ইনষ্টাগ্ৰামত তেনে এটা ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে শ্বেয়াৰ কৰিছে।

    • Share this:
    কোভিড-১৯ মহামাৰীৰ পৰিস্থিতিয়ে আমাক গৃহবন্দী হৈ থাকিবলৈ বাধ্য কৰিছে। এই সময়ত আমাৰ স্ক্ৰীণ টাইম অনাকাংক্ষিতভাৱে যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ফলস্বৰূপে চকুৰ ওপৰত চাপ যথেষ্ট বৃদ্ধি হৈছে। বহুলোকৰ চকু ৰঙা পৰা, মূৰৰ বিষ, চকুত পানী উলাই থকা আদি সমস্যাবোৰ হ'বলৈ ধৰিছে। এই লক্ষণবোৰ থাকিলে প্ৰথমে চকু বিশেষজ্ঞৰ পৰামৰ্শ ল'বলৈ বুলি বেলেগকৈ হয়তো কোৱাৰ প্ৰয়োজন নাই। (Magical mixture to keep your eyesight strong)

    চকু বিশেষজ্ঞৰ পৰামৰ্শ লোৱাৰ উপৰি এই ক্ষেত্ৰত ঘৰুৱাভৱেও প্ৰতিকাৰৰ ব্যৱস্থা ল'ব পাৰি। পুষ্টিবিদ জুহি কাপুৰ (Nutritionist Juhi Kapoor)-এ নিজৰ ইনষ্টাগ্ৰামত তেনে এটা ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে শ্বেয়াৰ কৰিছে। জুহিয়ে লিখিছে যে বাদাম, মিচিৰি আৰু চফৰ মিশ্ৰণ গাখীৰৰ সৈতে মিহলি কৰি খালে দৃষ্টিশক্তি উন্নত হয়। অৱশ্যে, কাঠবাদাম, মিচিৰি আৰু চফৰ পৰিমাণ সমান হ'ব লাগে। জুহিৰ মতে, এই পানীয়টোৱে চশমা ব্যৱহাৰ কৰা শিশু আৰু দুৰ্বল দৃষ্টিৰ বয়স্কলোকসকলৰ বাবেও আদৰ্শ।

    জুহিৰ মতে, মিশ্ৰণটোৰ আধা চামুচ গাখীৰত মিহলি কৰিব লাগে। দিনটোৰ যিকোনো সময়তে এই পানীয় খাব পাৰি। অৱশ্যে, তেওঁ আৰু কয় যে, ইয়াক গাখীৰৰ সৈতে মিহলি কৰি খালে অতিশয় লাভজনক ফল পাব পাৰি। অন্যথা, ইয়াক মুখশুদ্ধি হিচাপেও খাব পাৰি।

    অৱশ্যে, এই পানীয় সকলোৰে বাবে নিৰাপদ নহয়। সেই মৰ্মে জুহিয়ে পৰামৰ্শও আগবঢ়াইছে। মেদবহুলতা আৰু ইনচুলিন ৰেজিষ্টান্স (Insulin Resistance)ৰ সমস্যা থকা সকলৰ বাবে এই পানীয়টো সুৰক্ষিত নহয়। আনকি আপুনি পিচিঅ' সম্পৰ্কীয় সমস্যা (Suffering from PCO related problems)ত ভুগি থাকিলেও, ইয়াক গ্ৰহণ কৰিব নোৱাৰিব।

    একে সময়তে তেওঁ কয় যে যদি আপুনি প্ৰতিদিনে নিয়মীয়াকৈ এই পানীয় গ্ৰহণ কৰে তেন্তে আপুনি মিঠা খাব নোৱাৰিব। আকৌ, যদি কোনো লোক ডায়েবেটিচ ৰোগত আক্ৰান্ত, তেওঁ মিচিৰিৰ সলনি কাঠবাদাম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে। কিন্তু তেওঁ এইটোও উল্লেখ কৰিবলৈ নাই পাহৰা যে  এই ক্ষেত্ৰত চফ আলমণ্ডতকৈ কৈ বহুত বেছি কাৰ্যকৰী।
    Published by:Manjumoni Borah
    First published: