உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • এইবিলাক কাৰণৰ বাবে আপুনি আপোনাৰ যকৃতৰ পুষ্টিৰ প্ৰতি মনোযোগ দিয়া উচিত

    এইবিলাক কাৰণৰ বাবে আপুনি আপোনাৰ যকৃতৰ পুষ্টিৰ প্ৰতি মনোযোগ দিয়া উচিত

    আমাৰ শৰীৰত যকৃতৰ বহুমুখী কাৰ্যপ্ৰণালী আছে। শৰীৰৰ অন্যান্য৫০০ টা গুৰুত্বপূৰ্ণ কাৰ্যৰ ভিতৰত যকৃতে আমাৰ শৰীৰৰ পৰা আৱৰ্জনা সামগ্ৰী ফিল্টাৰ কৰা, ভিটামিন আৰু খনিজ সংৰক্ষণ কৰা আৰু হজম আৰু বিকাশত সহায় কৰাৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্য্য সমাপন কৰে।

    আমাৰ শৰীৰত যকৃতৰ বহুমুখী কাৰ্যপ্ৰণালী আছে। শৰীৰৰ অন্যান্য৫০০ টা গুৰুত্বপূৰ্ণ কাৰ্যৰ ভিতৰত যকৃতে আমাৰ শৰীৰৰ পৰা আৱৰ্জনা সামগ্ৰী ফিল্টাৰ কৰা, ভিটামিন আৰু খনিজ সংৰক্ষণ কৰা আৰু হজম আৰু বিকাশত সহায় কৰাৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্য্য সমাপন কৰে।

    আমাৰ শৰীৰত যকৃতৰ বহুমুখী কাৰ্যপ্ৰণালী আছে। শৰীৰৰ অন্যান্য৫০০ টা গুৰুত্বপূৰ্ণ কাৰ্যৰ ভিতৰত যকৃতে আমাৰ শৰীৰৰ পৰা আৱৰ্জনা সামগ্ৰী ফিল্টাৰ কৰা, ভিটামিন আৰু খনিজ সংৰক্ষণ কৰা আৰু হজম আৰু বিকাশত সহায় কৰাৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্য্য সমাপন কৰে।

    • Share this:
    আমি সকলোৱে সেই পুৰণি প্ৰবাদটোৰ বিষয়ে জানো য'ত কোৱা হৈছে, 'আমি যি খাওঁ সেয়াই আমি'৷ অৱশ্যে শৰীৰৰ এনে এটা অংগ আছে যিটোৱে সেই প্ৰবাদটো খুব ভালদৰেই মানি চলে। সেই অংগটো আপোনাৰ হৃদয় নহয়। সেই অংগটো
    প্ৰকৃততে হৈছে আপোনাৰ যকৃত৷ আমাৰ শৰীৰত যকৃতৰ বহুমুখী কাৰ্যপ্ৰণালী আছে। শৰীৰৰ অন্যান্য৫০০ টা গুৰুত্বপূৰ্ণ কাৰ্যৰ ভিতৰত যকৃতে আমাৰ শৰীৰৰ পৰা আৱৰ্জনা সামগ্ৰী ফিল্টাৰ কৰা, ভিটামিন আৰু খনিজ সংৰক্ষণ কৰা আৰু হজম আৰু বিকাশত সহায় কৰাৰ দৰে গুৰুত্বপূৰ্ণ কাৰ্য্য সমাপন কৰে।
    সেয়েহে এই গুৰুত্বপূৰ্ণ অংগটোৰ যত্ন লোৱাটো আমাৰ বাবে গুৰুত্বপূৰ্ণ!
    বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, যকৃতৰ ৰোগে প্ৰতি 5 জন ভাৰতীয়ৰ ভিতৰত এজনক প্ৰভাৱিত কৰিব
    পাৰে। তাৰোপৰি সেই তথ্যই লগতে এইটোও দেখুৱাইছে যে ভাৰতত প্ৰতি বছৰে প্ৰায় 1 নিযুত যকৃতৰ চিৰ’ছিছ
    ৰোগী নতুনকৈ ধৰা পৰে। যকৃতৰ ৰোগ হৈছে ভাৰতত সচৰাচৰ হোৱা মৃত্যুৰ দশম সৰ্বাধিক কাৰণ।
    আপোনাৰ যকৃতৰ বাবে সঠিক পুষ্টি জনাটো গুৰুত্বপূৰ্ণ। সাৱধান হোৱা আৰু প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ
    কৰাটো সদায়েই উৎকৃষ্ট। এটা স্বাস্থ্যৱান যকৃতৰ বাবে মনত ৰাখিবলগীয়া কেইটামান কথা তলত আলোচনা
    কৰা হৈছে।
    যকৃতৰ পুষ্টি আৰু ই কিয় গুৰুত্বপূৰ্ণ –
    সংসাধিত/ফাষ্ট ফুডে অধিক অগ্ৰাধিকাৰ লাভ কৰা এক বহিৰাগত জীৱনশৈলীয়ে যকৃতৰ ওপৰত ইয়াৰ কাম কৰি
    থাকিবলৈ যথেষ্ট পৰিমাণৰ চাপ প্ৰদান কৰে। চমুকৈ কবলৈ গলে আমি আমাৰ যকৃতক প্ৰয়োজনতকৈ অধিক
    কাম কৰোৱাই আছোঁ যাতে ই আপোনাৰ শৰীৰৰ পৰা বিষাক্ত সামগ্ৰীসমূহক আঁতৰ কৰিব পাৰে। দীৰ্ঘম্যাদী সময়ত অত্যাধিক কাম কৰাটো ক্ষতিকাৰক পৰিগণিত হয়। সেয়েহে, যকৃতক ভাল অৱস্থাত ৰাখিবলৈ বিভিন্ন
    গেষ্ট্ৰ'ইনটেষ্টিনেল (GI) বিকাৰৰ ব্যৱস্থাপনাৰ বাবে সঠিক পুষ্টি অতিকৈ গুৰুত্বপূৰ্ণ।
    যকৃতৰ ৰোগীৰ লক্ষণ আৰু যত্ন –
    যকৃতৰ ৰোগৰ লক্ষণবোৰ ব্যক্তি বিশেষে বেলেগ বেলেগ হয়। যকৃতৰ ৰোগৰ কিছুমান আটাইতকৈ গুৰুত্বপূৰ্ণ
    লক্ষণৰ ভিতৰত আছে- ওকালি অহা, বমি, সোঁফালে ওপৰৰ ভাগত পেটৰ বিষ আৰু ভাগৰ, খজুৱতি, দুৰ্বলতা,
    আৰু ওজন হ্ৰাসৰ সৈতে জণ্ডিচ।
    যেতিয়া যকৃতৰ ৰোগ পলম পৰ্যায়ত গৈ উপনীত হয় তেতিয়া ইয়াৰ ফলত সাধাৰণতে যকৃতৰ চিৰ’ছিছ হোৱা বুলি
    কোৱা হয়। ৰোগৰ আৰম্ভণিতে ৰোগীয়ে কোনো ধৰণৰ লক্ষণ অনুভৱ নকৰিব পাৰে কিন্তু ৰোগৰ অৱনতি
    হোৱাৰ লগে লগে ৰোগী এজনে ভাগৰ, ছালৰ খজুৱতি, বিভ্ৰান্তি আৰু অলসতা অনুভৱ কৰিব পাৰে।
    যকৃতক স্বাস্থ্যৱান কৰি ৰাখিবলৈ এক সন্তুলিত আহাৰ আৰু ব্যায়াম, বিশেষভাৱে ওজন বহন/প্ৰশিক্ষণ
    ব্যায়াম সহায়ক বুলি জনা যায়৷ এইবোৰে হেৰুওৱা পেশীৰ ভৰ পুনৰ প্ৰাপ্ত কৰাত সহায় কৰে। যিহেতু যকৃতৰ
    ৰোগ বাঢ়ি অহাৰ লগে লগে পেশীৰ নিৰ্মাণক্ষমতা হ্ৰাস পায় সেয়েহে যিমান সম্ভৱ সোনকালে ৰোগ নিৰ্ণয় কৰা
    আৰু পদক্ষেপ লোৱা অতিকৈ গুৰুত্বপূৰ্ণ। (4)
    তাৰোপৰি খাদ্য আৰু জীৱনশৈলীৰ অভ্যাস নিয়ন্ত্ৰণত ৰখা আৰু সুৰা আৰু ধূমপানৰ পৰা বিৰত থকাটো
    প্ৰয়োজনীয়।
    স্বাস্থ্যৱান যকৃতৰ বাবে পৰামৰ্শ –
    যকৃতৰ ৰোগ পৰিহাৰ কৰাৰ সঠিক উপায় হ'ল স্বাস্থ্যৱান জীৱনৰ দিশত সক্ৰিয় পদক্ষেপ

    লোৱা।
    আপোনাক নিয়মীয়া ব্যায়াম, এক সক্ৰিয় জীৱনশৈলী, সুৰাপানত সংযম আৰু ধূমপান হ্ৰাস কৰাৰ প্ৰয়োজন।
    আপোনাৰ খাদ্যত অধিক আঁহজাতীয় আৰু কম চৰ্বি থকা উচিত। (3)
    আপুনি আপোনাৰ বয়স আৰু লিংগৰ ওপৰত আধাৰিত কৰি সঠিক শৰীৰ-ভৰ সূচক প্ৰাপ্ত কৰাৰ লক্ষ্য ৰাখিব
    লাগে। সেয়েহে এক অনুকূল ওজন বজাই ৰখাৰ পৰামৰ্শ দিয়া হয়। লগতে যকৃতৰ সৈতে সম্পৰ্কিত বিভিন্ন ৰোগ
    যেনে হেপাটাইটিছ বা ভাইৰেল সংক্ৰমণ প্ৰতিৰোধ কৰাটো গুৰুত্বপূৰ্ণ। শেষত, নিশ্চিত কৰিব যাতে আপুনি
    আপোনাৰ ডায়েবেটিচ, উচ্চ ৰক্তচাপ আৰু উচ্চ কলেষ্টেৰল আহাৰ, ব্যায়াম আৰু/বা ঔষধৰ দ্বাৰা নিয়ন্ত্ৰণত
    ৰাখে যিয়ে যকৃতৰ ক্ষতি সীমিত আৰু প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে।

    Dr. DESTINATION:

    Dr. Pranjal Deka, Consultant Gastroenterologist, Hepatobiliary & Liver Transplant Specialist, Pancreas Liver Gastro Clinic and Down Town Hospital, Guwahati



    References –

    1. GE Port J Gastroenterol. 2015;22(6):268---276
    2. Bemeur C, et al. J Nutr Metab. 2010;2010:1-12
    3. J. Clin. Med. 2019, 8, 1065
    4. Plauth M, et al. Clin Nutr. 2019;38(2):485-521 (ESPEN/international guidelines for nutritional recommendation)
    5. EASL Clinical Practice Guidelines on nutrition in chronic liver disease. J Hepatol. 2019;70(1):172-
    193. (EASL/international guidelines for nutritional recommendation)
    6. Gottschlich MM, et al. The A.S.P.E.N. NUTRITION SUPPORT CORE CURRICULUM: A CASE-BASED
    APPROACH—THE ADULT PATIENT. United States of America. ASPEN. 2007 (ASPEN/international
    guidelines for nutritional recommendation))
    IND2214612 (v1.2)

    The information provided in this article is meant for the awareness only and this article should not be
    considered as a substitute for doctor’s advice. Please consult your doctor for more details. Abbott
    India Limited shall not be liable in any manner whatsoever for any action based on the information
    provided in this article and does not hold itself liable for any consequences, legal or otherwise, arising
    out of information in this article. This article has been produced on behalf of Abbott India’s
    #ULivStrong initiative, by Network18 team.
    APPROACH—THE ADULT PATIENT. United States of America. ASPEN. 2007 (ASPEN/international
    guidelines for nutritional recommendation)) IND2214612 (v1.2)
    First published: