আমাৰ প্ৰত্যেকৰে শৈশৱত অলপ হ'লেও ঝুলনাত ঝুলাৰ অভ্যাস আছে। কিন্তু আপুনি জানেনে শৈশৱৰ এই অভ্যাসটো স্বাস্থ্যৰ বাবে কিমান উপকাৰী আছিল? হয়, যদি আপুনি গোটেই বছৰটোত কিছু সময়ৰ বাবে প্ৰতিদিনে ঝুলনাত ঝুলিছে তেন্তে ই মানসিক আৰু শাৰীৰিক দুয়োধৰণে আপোনাৰ বাবে অতি উপকাৰী। হিন্দুৰ পঞ্জীকা অনুসৰি শাওন মাহত সাধাৰণতে আমাৰ ঘৰত ঝুলনা স্থাপন কৰা হয়। কিন্তু এতিয়া আধুনিক গৃহ সজ্জাত পৰিকল্পনাই বিভিন্ন আকাৰৰ সুন্দৰ সুন্দৰ ঝুলনাই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে। আৰামদায়ক এই ঝুলনাত বহি সময় কটোৱাৰ কিছুমান লাভাৰ বিষয়ে জোনোঁ আহক।
শাৰীৰিক আৰু মানসিক চাপ দূৰ কৰে:আমাৰ দৈনন্দিন জীৱনত মানসিক চাপ এক নিৰন্তৰ অংশ। অন্ততঃ কিছু সময়ৰ বাবে, যদি আমি প্ৰতিদিনে এখন ঝুলনাত বহি কিছু সময় অতিবাহিত কৰিব পাৰোঁ, আমাৰ মানসিক আৰু শাৰীৰিক চাপ যথেষ্ট পৰিমাণে হ্ৰাস হয়। শাৰীৰিক আৰু মানসিক অৱসাদ দুয়োটাই ঝুলনা ঝুলোতে দূৰ হয়। বিশেষকৈ শৰীৰৰ পিছফালৰ অংশই যথেষ্ট আৰাম অনুভৱ কৰে ঝুলনা ঝুলাৰ পিছত। ফলত আমাৰ মনটোও লাহে লাহে শান্ত হ'বলৈ ধৰে।
শৰীৰৰ পেশীবোৰ সক্ৰিয় কৰে:এটা স্বাস্থ্যৱান মনেই নহয়, নিয়মিত ঝুলনাত ঝুলাৰ অভ্যাসে অমাৰ শৰীৰৰ প্ৰতিটো পেশীকে সক্ৰিয় কৰিব পাৰে। ইয়াৰ বাবে সতৰ্কতাৰে ঝুলনা ঝুলনা প্ৰয়োজন। শৰীৰৰ সকলো অঙ্গ একেটা ছন্দতে একেলগে আগলৈ আৰু পিছলৈ দোলাই থাকিলে শৰীৰৰ সকলো অংগ সমানে সক্ৰিয় হৈ উঠে। যিসকল লোকে দিনটোৰ শেষত নিজকে সকাহ আৰু সজাগ কৰি ৰাখিব বিচাৰে তেওঁলোকৰ বাবে ঝুলনা এটা উত্তম বিকল্প হ'ব পাৰে।
আত্ম বিশ্বাস বৃদ্ধি কৰে :আমি নিজকে অধিক সচেতন কৰি ৰাখিব পাৰোঁ কিয়নো ঝুলি থকাৰ সময়ত আমাৰ মানসিক চাপ বহু পৰিমাণে হ্ৰাস পায়। এই সময়ছোৱাত শৰীৰৰ গাঁঠিবোৰত থকা ৰিচেপ্টৰবোৰ সক্ৰিয় হৈ পৰে যাৰ ফলত আমাৰ আত্মবিশ্বাস বৃদ্ধি হয়।
যোগ আৰু ধ্যান :এইটো বিশ্বাস কৰা হয় যে কিছু সময়ৰ বাবে নিয়মীয়াকৈ দুলি থকাৰ অভ্যাসে আমাৰ মনোযোগ বৃদ্ধি কৰে আৰু লগে লগে পিঠিৰ বিষৰ পৰা সকাহ দিয়ে। গতিকে দিনটোৰ শেষত বা আৰম্ভণিতে, চাহ, পছন্দৰ জলপান কিছু সময়ৰ বাবে ঝুলনাত বহি বহি খোৱাৰ অভ্যাস কৰক। শিশুৰ এই অভ্যাসে পঢ়াৰ লগতে ভাৰসাম্য ৰখাৰ প্ৰৱণতা সহ অন্যান্য বহু বিষয়ৰ ওপৰত তেওঁলোকৰ মনোযোগ বৃদ্ধি কৰে। যদি আপুনি পোনপটীয়াকৈ ঝুলনাত শুবলৈ অভ্যাস কৰে ই শৰীৰত সঠিক ৰক্ত সঞ্চালনত সহায় কৰিব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|