• Home
  • »
  • News
  • »
  • health-well-being
  • »
  • Knowledge: প্ৰাচীন ভাৰতীয়সকলে কি খাইছিল? সেই ডায়েটে আমাক কেনেকৈ উপকৃত কৰিব? জানক

Knowledge: প্ৰাচীন ভাৰতীয়সকলে কি খাইছিল? সেই ডায়েটে আমাক কেনেকৈ উপকৃত কৰিব? জানক

This is what ancient Indians used to eat: বৰ্তমান আমি যিবোৰ খাদ্য খাই আছো তাৰ ভিতৰত একাংশ খাদ্য কেবা হাজাৰ বছৰ পূৰ্বে প্ৰাচীন ভাৰতীয়সকলেও খাইছিল।

This is what ancient Indians used to eat: বৰ্তমান আমি যিবোৰ খাদ্য খাই আছো তাৰ ভিতৰত একাংশ খাদ্য কেবা হাজাৰ বছৰ পূৰ্বে প্ৰাচীন ভাৰতীয়সকলেও খাইছিল।

This is what ancient Indians used to eat: বৰ্তমান আমি যিবোৰ খাদ্য খাই আছো তাৰ ভিতৰত একাংশ খাদ্য কেবা হাজাৰ বছৰ পূৰ্বে প্ৰাচীন ভাৰতীয়সকলেও খাইছিল।

  • Share this:
কাঁহীত সজাই পৰাই থোৱা বিভিন্ন সু–স্বাদু ব্যঞ্জন। যিবোৰ খাদ্য দেখিলেই প্ৰাচীন কাললৈ মনটো উৰা মাৰে। আজি কালি বজাৰত গণ্ডাই গণ্ডাই ফাষ্ট ফুড। দুই মিনিটতে প্ৰস্তুত হয় বিভিন্ন ডিচ! কিন্তু প্ৰাচীন ভাৰতীয়সকলে কি খাইছিল? কেনেকৈ কৰা হৈছিল ৰন্ধা–বঢ়া? বৰ্তমান আমি যি খাইছো তাৰ কিছু কিছু খাদ্য সামগ্ৰী প্ৰাচীন ভাৰতীয়সকলেও খাইছিল। (This is what ancient Indians used to eat)।

কি কি খোৱা গৈছিল প্ৰাচীনকালতঃ প্ৰাচীন কালত ফ্ৰীজ নাছিল। স্বাভাৱিকতে খাদ্য তালিকাত সতেজ আঞ্জা–তৰকাৰীৰ ওপৰতে জোৰ দিয়া হৈছিল। লগত আছিল বতৰৰ ফল তথা শাক–সবজী। প্ৰাচীন ভাৰতীয়সকলৰ খাদ্যতালিকাত বেঙেনা, কোমোৰা, মটৰ, কঁঠাল তথা পালেং শাকৰ বৰ্ণনা পোৱা যায়। ফলৰ ভিতৰত আছিল আম, জামু, আঙুৰ, কল, অমিতা, তৰমুজ আনকি খেজুৰো।

শস্য: শস্যও আছিল প্ৰাচীন ভাৰতীয়ৰ প্ৰধান খাদ্য। ঋগবেদতো মচুৰ দালি তথা ইয়াৰ ব্যৱহাৰৰ উল্লেখ আছে। বিশেষকৈ ৰঙা, কলা তথা সেউজীয়া মচুৰ দালি সকলোতকৈ জনপ্ৰিয় আছিল। গম, জৱ, চাউল, মাকৈ, জোৱাৰ, বাজৰা আদি আছিল প্ৰধান শস্য। এই‍বোৰৰ মিশ্ৰনত বৰ্তমানৰ খিচিৰীৰ দৰে এবিধ খাদ্য প্ৰস্তুত কৰা হৈছিল। জৱ, ময়দা আৰু দৈ মিহলাই এক সাধাৰণ ডিচ প্ৰস্তুত কৰা হৈছিল। এই‍বোৰেই আছিল সেই সময়ৰ মানুহৰ পুষ্টিৰ প্ৰধান উৎস।

গাখীৰ তথা দুগ্ধজাত খাদ্য: সেইসময়ত ঘৰে ঘৰে গাই পোহা গৈছিল। ফলত দৈনন্দিন জীৱনৰ খাদ্যতালিকাত গাখীৰ তথা দুগ্ধজাত সামগ্ৰী থাকিবই। দৈ, ঘিঁউ, মাখন তথা পনীৰ আছিল অতি জনপ্ৰিয় খাদ্য।

কেনেকৈ ৰন্ধা–বঢ়া কৰা হৈছিব: প্ৰেচাৰ কুকাৰ তথা নন ষ্টিক পেনে বৰ্তমানৰ জীৱনযাত্ৰা যথেষ্ট মসৃণ কৰি দিছে কিন্তু সেই সময়ত মাটিৰ পাত্ৰৰ বাহিৰে দ্বিতীয় কোনো বিকল্প নাছিল। ইয়াৰ ফলত উপকাৰেই হৈছিল। বিশেষজ্ঞৰ মতে, মাটিৰ পাত্ৰত ৰান্ধিলে শাক–তৰকাৰীৰ পুষ্টিকৰ গুণ অক্ষুণ্ণ থাকে। কেৱল সেয়াই নহয় খাদ্যৰ স্বাদো অটুট থাকে।

খাদ্য অভ্যাস: কেৱল ৰেচিপ নহয় প্ৰাচীন ভাৰতীয়সকলে খাদ্যগ্ৰহণৰ সময়ত কিছুমান নিয়ম মানি চলিছিল যিবোৰ জাতি–ধৰ্ম, মৰ্যাদা নিৰ্বিশেষে সকলোৱে মানি চলিছিল।

মাটিত বহা: সেই সময়তো চকী–টেবুল আছিল। কিন্তু খাদ্য গ্ৰহণৰ সময়ত মাটিত লেপেটা কাঢ়ি বহা গৈছিল। কোৱা হয় যে এনেকৈ খালে সোনকালে হজম হয়।

হাতেৰে খাদ্য গ্ৰহণ: কাঁটা চামুচেৰে খাদ্য খাবলৈ ভাৰতীয়ই পশ্চিমৰ পৰাই শিকিছে। ইয়াৰ আগলৈকে ভাৰতীয়সকলে হাতেৰে খোৱাটো সাধাৰণ কথা আছিল। হাতেৰে খালে খাদ্যৰ সৈতে সংযোগ আৰু ভালকৈ স্থাপন হয়।

নিঃশব্দে খোৱা: খাদ্য গ্ৰহণৰ সময়ত অভদ্ৰ আচৰণ হিচাপে বিবেচনা কৰা হৈছিল কথা পতাটো। খোৱাৰ সময়ত শান্তি বিৰাজ কৰিব লাগে। খাদ্য খোৱাৰ সময়ত মুখেৰে কথা কোৱাটোক অস্বাস্থ্যকৰ আখ্যা দিয়া হৈছে।

খোৱাৰ পূৰ্বে প্ৰাৰ্থনা: ঈশ্বরের কৃপাত সময়ত বৰষুণ হৈছে ফলত শস্যৰ খেতি হৈছে। মানুহে খাবলৈ পাইছে। এই ধাৰণা মানিয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা ৰীতি আছিল। আজিও বহুতো পৰিয়ালত এই নিয়ম মানি চলা হয়।
First published:

শেহতীয়া বাতৰি