உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • Diabetes: শুকান ফলেও বঢ়াব পাৰে ডায়েবেটিচ ৰোগীৰ ছুগাৰৰ পৰিমাণ, জানক কোনবোৰ শুকান ফল খাব নালাগে ডায়েবেটিচ ৰোগীয়ে

    Diabetes: শুকান ফলেও বঢ়াব পাৰে ডায়েবেটিচ ৰোগীৰ ছুগাৰৰ পৰিমাণ, জানক কোনবোৰ শুকান ফল খাব নালাগে ডায়েবেটিচ ৰোগীয়ে

    ডায়েবেটিচ ৰোগীকো শুকান ফল (Dry Fruits for Diabetic Patients)খাবলৈ পৰামৰ্শ দিয়া হয়, কিন্তু সকলো শুকান ফল ডায়েবেটিচ ৰোগীৰ বাবে উপযোগী নহয়। কিছুমান শুকান ফল আছে যিবোৰ খালে তেজত শৰ্কৰা বা ছুগাৰ (Blood Suger)ৰ পৰিমাণ বৃদ্ধি কৰে।

    ডায়েবেটিচ ৰোগীকো শুকান ফল (Dry Fruits for Diabetic Patients)খাবলৈ পৰামৰ্শ দিয়া হয়, কিন্তু সকলো শুকান ফল ডায়েবেটিচ ৰোগীৰ বাবে উপযোগী নহয়। কিছুমান শুকান ফল আছে যিবোৰ খালে তেজত শৰ্কৰা বা ছুগাৰ (Blood Suger)ৰ পৰিমাণ বৃদ্ধি কৰে।

    ডায়েবেটিচ ৰোগীকো শুকান ফল (Dry Fruits for Diabetic Patients)খাবলৈ পৰামৰ্শ দিয়া হয়, কিন্তু সকলো শুকান ফল ডায়েবেটিচ ৰোগীৰ বাবে উপযোগী নহয়। কিছুমান শুকান ফল আছে যিবোৰ খালে তেজত শৰ্কৰা বা ছুগাৰ (Blood Suger)ৰ পৰিমাণ বৃদ্ধি কৰে।

    • Share this:
    যদি আপুনি ডায়েবেটিচ (diabetes)ৰ পৰা সুৰক্ষা বিচাৰে তেন্তে আপুনি খাদ্যৰ (Food For Diabetic Patients) যত্ন ল'বই লাগিব। যদি ডায়েবেটিচ ৰোগীয়ে সঠিক আহাৰ গ্ৰহণ নকৰে তেনেহ'লে তেওঁলোকৰ শৰীৰত দুৰ্বলতা আহিব। শুকান ফল (Dry Fruits) সেৱন কৰাটো শৰীৰক স্বাস্থ্যৱান আৰু সুস্থ কৰি ৰাখিবলৈ অত্যন্ত উপকাৰী। ডায়েবেটিচ ৰোগীকো শুকান ফল (Dry Fruits for Diabetic Patients)খাবলৈ পৰামৰ্শ দিয়া হয়, কিন্তু সকলো শুকান ফল ডায়েবেটিচ ৰোগীৰ বাবে উপযোগী নহয়। কিছুমান শুকান ফল আছে যিবোৰ খালে তেজত শৰ্কৰা বা ছুগাৰ (Blood Sugar)ৰ পৰিমাণ বৃদ্ধি কৰে।

    ডায়েবেটিচ ৰোগীৰ ছুগাৰ নিয়ন্ত্ৰণ কৰাৰ বাবে লগতে শৰীৰ সুস্থ ৰাখিবলৈ এনে শুকান ফল গ্ৰহণ কৰিব লাগে যিবোৰে ছুগাৰ নিয়ন্ত্ৰণত ৰাখে আৰু শৰীৰো স্বাস্থ্যৱান হয়। ডায়েবেটিচ হৈছে এনে এক ৰোগ যি খাদ্যৰ বিকাৰৰ ফলত হয় য'ত যদি ছুগাৰ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে আন বহুতো ৰোগৰ চিকাৰ হ'ব পাৰে। ডায়েবেটিচ ৰোগীৰ বাবে শুকান ফল সুৰক্ষিত আৰু স্বাস্থ্যকৰ বিকল্প, কিন্তু সকলো শুকান ফল এই ৰোগীৰ বাবে উপকাৰী নহয়। কোনবোৰ শুকান ফলে তেজত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰিব পাৰে আৰু কোনবোৰে ডায়েবেটিচ ৰোগীসকলক উপকৃত কৰিব পাৰে জানোঁ আহক।

    ক্ষতিকাৰক শুকান ফল: কিচমিচ সেৱনে ডায়েবেটিচ ৰোগীৰ ছুগাৰ বৃদ্ধি কৰিব পাৰে, সেয়েহে ডায়েবেটিচ ৰোগীয়ে কিচমিচ পৰিহাৰ কৰাই উত্তম।

    ডায়েবেটিচ ৰোগীসকলে ছুগাৰ নিয়ন্ত্ৰণ কৰিবলৈ এই শুকান ফলবোৰ আহাৰত অন্তৰ্ভুক্ত কৰিব লাগে

    আখৰোট: ডায়েবেটিচ ৰোগীৰ বাবে আখৰোট অত্যন্ত উপকাৰী। ভিটামিন E সমৃদ্ধ আখৰোটত কেলৰি অত্যন্ত কম। ই কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখে। বহুতো অধ্যয়নে দেখুৱাইছে যে এমুঠি আখৰোট খালে টাইপ ২ ডায়েবেটিচ ৪৭ শতাংশলৈকে হ্ৰাস কৰিব পাৰে।

    বাদামেৰে কৰক ছুগাৰ নিয়ন্ত্ৰণ: ডায়েবেটিক ৰোগীৰ বাবে বাদাম খোৱা উপকাৰী। বহুতো অধ্যয়নত এইটো প্ৰকাশ পাইছে যে বাদাম খোৱাৰ ফলত শৰীৰত ইনচুলিন হয়, যি ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে।

    কাজু খোৱা: কাজু হৈছে এক শুকান ফল যি শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে। কাজু বাদাম সেৱনে কলেষ্টেৰল সঠিক ৰাখে, যি হৃদৰোগৰ আশংকা হ্ৰাস কৰে। বহুতো অধ্যয়নত, এইটো প্ৰকাশ পাইছে যে কাজুবাদাম খোৱাটোৱে ডায়েবেটিচ ৰোগীৰ ছুগাৰ নিয়ন্ত্ৰণত ৰাখে। 2018 চনৰ এক অধ্যয়নত, গৱেষকসকলে টাইপ 2 ডায়বেটিচ থকা 300 জন অংশগ্ৰহণকাৰীক কাজু সেৱন কৰিবলৈ দিছিল। অধ্যয়নটোত দেখা গৈছিল যে কাজু খাই থকা ৰোগীসকলৰ তেজত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত আছিল।

    ডায়েবেটিচ ৰোগীসকলে পিস্তা খাব লাগে: ছুগাৰৰ ৰোগীসকলে আহাৰত পিস্তা খাব লাগে। ডায়েবেটিক ৰোগীৰ বাবে পিস্তা সৰ্বশ্ৰেষ্ঠ। পিস্তাত আঁহ, প্ৰ'টিন, ভিটামিন চি, জিংক, কপাৰ, পটাছিয়াম, আইৰণ, কেলচিয়াম আদি পুষ্টি থাকে যি শৰীৰ স্বাস্থ্যৱান ৰাখে।
    Published by:Manjumoni Borah
    First published: