உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • health-well-being
    • »
    • Side Effects of Frozen Food: পছন্দ কৰে নেকি ফ্ৰ'জেন ফুড? তেন্তে জানি লওক স্বাস্থ্যৰ বাবে কেনে ক্ষতিকাৰক এই খাদ্য

    Side Effects of Frozen Food: পছন্দ কৰে নেকি ফ্ৰ'জেন ফুড? তেন্তে জানি লওক স্বাস্থ্যৰ বাবে কেনে ক্ষতিকাৰক এই খাদ্য

    ফ্ৰোজেন খাদ্য সংৰক্ষণ ৰখাৰ বাবে হাইড্ৰ'জেনাৰেটেড পাম তেল ব্যৱহাৰ কৰা হয়।

    ফ্ৰোজেন খাদ্য সংৰক্ষণ ৰখাৰ বাবে হাইড্ৰ'জেনাৰেটেড পাম তেল ব্যৱহাৰ কৰা হয়।

    ফ্ৰোজেন খাদ্য সংৰক্ষণ ৰখাৰ বাবে হাইড্ৰ'জেনাৰেটেড পাম তেল ব্যৱহাৰ কৰা হয়।

    • Share this:
    ফ্ৰোজেন ফুড বা হিমায়িত খাদ্য (Frozen food) আজিৰ দিনত বহুতে গ্ৰহণ কৰে। এইক্ষেত্ৰত কিছুমানৰ বাবে এয়া এক চখ, আনহাতে কিছুমানৰ বাবে বাধ্যবাধকতা। দৰাচলতে, আজিৰ ব্যস্ত জীৱনশৈলীত সঠিক স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিবলৈ কাৰো যেন সময় নাই। তাকৰীয়া সময়ৰ বাবে মানুহে ফ্ৰোজেন খাদ্যকে বিকল্প ৰূপে বাছনি কৰে। কিন্তু আপুনি জানেনে এনে হিমায়িত খাদ্যই আপোনাৰ স্বাস্থ্যৰ কেনে ক্ষতি কৰিব পাৰে?

    আপুনি জানি লোৱা ভাল যে ফ্ৰোজেন খাদ্য সংৰক্ষণৰ বাবে ব্যৱহৃত বস্তুবোৰ আপোনাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আৰু ফ্ৰোজেন খাদ্য সেৱনে আপোনাৰ বিভিন্ন ধৰণৰ ৰোগৰ আশংকা বৃদ্ধি কৰে।

    ডায়েবেটিছ ৰোগীৰ বাবে ক্ষতিকাৰক

    ফ্ৰ'জেন খাদ্য কেইবাদিনো সংৰক্ষণ কৰিব পাৰি আৰু এই খাদ্যত শ্বেতসাৰ ব্যৱহাৰ কৰি সেইবোৰ সতেজ কৰি ৰাখিব পাৰি। যি ডায়েবেটিচ ৰোগীৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

    অগ্ন্যাশয়ৰ কৰ্কট ৰোগৰ আশংকা
    ফ্ৰোজেন খাদ্য, বিশেষকৈ দীৰ্ঘদিনীয়া মাংস খোৱাৰ অভ্যাসে অগ্ন্যাশয়ৰ কৰ্কট ৰোগত আক্ৰান্ত কৰাৰ আশংকা থাকে।

    হৃদযন্ত্ৰৰ সমস্যা হ'ব পাৰে

    ফ্ৰোজেন খাদ্যই হৃদযন্ত্ৰৰ সমস্যাও বৃদ্ধি কৰিব পাৰে। দৰাচলতে, হিমায়িত খাদ্যত থকা ট্ৰেন্স চৰ্বিয়ে ধমনীবোৰৰ সমস্যা বৃদ্ধি কৰে। শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি কৰি ভাল কলেষ্টেৰল হ্ৰাস কৰে। ই হৃদৰোগীৰ বাবে যথেষ্ট বিপদাশংকাৰ সৃষ্টি কৰে।

    ওজন বৃদ্ধি হ'ব পাৰে

    দীঘলীয়া সময় ধৰি হিমায়িত খাদ্য খোৱাৰ ফলত শৰীৰৰ ওজন বৃদ্ধি হ'ব পাৰে। ইয়াৰ কাৰণ হৈছে ইয়াত চৰ্বিৰ পৰিমাণ অধিক। য'ত কাৰ্বোহাইড্ৰেট বা প্ৰ'টিনতকৈ দুগুণ কেলৰি থাকে।

    ফ্ৰোজেন খাদ্য এনেদৰে সংৰক্ষণ কৰা হয়

    ফ্ৰোজেন খাদ্য সংৰক্ষণ ৰখাৰ বাবে হাইড্ৰ'জেনাৰেটেড পাম তেল ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত ফ্ৰোজেন খাদ্যত ট্ৰেন্স চৰ্বি থাকে, যি স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। ফ্ৰোজেন খাদ্য সংৰক্ষণ ৰখাৰ বাবে গ্লুকোজ আৰু ষ্টাৰ্চৰ পৰা তৈয়াৰ কৰা কৰ্ণ চিৰাপো ব্যৱহাৰ কৰা হয়। ফ্ৰোজেন খাদ্যত যথেষ্ট পৰিমাণৰ ছডিয়াম থাকে। এইকাৰণে ফ্ৰোজেন খাদ্য গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হ'ব পাৰে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Gautam Barman
    First published: