আমাৰ শৰীৰ শ মিলিয়নৰো অধিক কোষেৰে গঠিত। সকলো প্ৰকাৰৰ কেঞ্চাৰে কোষক প্ৰভাৱিত কৰে আৰু যিকোনো কেঞ্চাৰ কোষসমূহৰ সৰু গোটৰ পৰা আরম্ভ হয়। সকলো ব্ৰেইন কেঞ্চাৰ টিউমাৰ হয়, কিন্তু সকলো ব্ৰেইন টিউমাৰ কেঞ্চাৰ নহয়। কেঞ্চাৰহীন ব্ৰেইন টিউমাৰক সামান্য ব্ৰেইন টেউমাৰ (Benign brain Tumors) কোৱা হয়। বৰ্তমান সময়ত বহু লোকৰ ব্ৰেইন টিউমাৰৰ সমস্যা হয়। ব্ৰেইন টিউমাৰ মস্তিষ্কৰ কোষসমূহৰ অসামান্য বৃদ্ধিৰ কাৰণে হয়। ব্ৰেইন টিউমাৰ ১৩০ৰো অধিক প্ৰকাৰৰ হয়। টিউমাৰ আগলৈ গৈ কেঞ্চাৰৰ ৰূপো লয়। ব্ৰেইন টিউমাৰৰ লক্ষণ খুব দুৰ্লভ হয় যাক বহুতেই উপেক্ষা কৰে, কিন্তু এনেকুৱা কৰা উচিত নহয়। আহক জানো ব্ৰেইন টিউমাৰৰ কি লক্ষণ থাকে?
টিউমাৰ আৰু কেঞ্চাৰ কেনেকৈ বুজিব
সামান্য ব্ৰেইন টিউমাৰ সাধাৰণতে লাহে লাহে বৃদ্ধি পায় আৰু ই মস্তিষ্কৰ কিছু অংশৰ ক্ষতি কৰিব পাৰে। ই মস্তিষ্কক সৰু কৰিব পাৰে যাৰ পৰিণতি গুৰুতৰ হ’ব পাৰে। মেনিংগিয়োমা, ভেষ্টিবুলাৰ শ্বানোমা আৰু পিটুইটেৰী এডেনোমা সামান্য টিউমাৰ হয়।
ইয়াৰ ভিতৰত মেনিংগিয়োমা ব্ৰেইন টিউমাৰ কেঞ্চাৰৰ প্ৰকাৰ। ই সাধাৰণতে দ্ৰুতগতিত বৃদ্ধি পায় আৰু মস্তিষ্কত আক্ৰমণ কৰে। এই ব্ৰেইন কেঞ্চাৰ অতি ভয়ংকৰ। মস্তিষ্ক বা তাৰ আশে–পাশে হোৱা ভয়ংকৰ টিউমাৰ হ’ল নিউৰোব্লাষ্টোমা, চৌনড্ৰোছাৰকোমা আৰু মেডুলোব্লাষ্টোমা।
ব্ৰেইন টিউমাৰৰ মুখ্য লক্ষণ
বিশেষজ্ঞৰ মতে, ব্ৰেইন টিউমাৰ চিনাক্ত কৰা খুব জটিল কাম। বহুক্ষেত্ৰত ব্ৰেইন টিউমাৰ প্ৰাণনাশক হ’ব পাৰে আৰু ইয়াৰ লক্ষণৰ আধাৰত বহু খোকোজা থাকিব পাৰে। উদাহৰণ হিচাপে একেৰাহে মূৰৰ বিষ আৰু কডিনেচন সম্বন্ধীয় সমস্যা ব্ৰেইন টিউমাৰৰ দুটা সামান্য লক্ষণ হ’ব পাৰে। ব্ৰেইন টিউমাৰৰ লক্ষণ বয়োজ্যেষ্ঠ আৰু শিশুৰ ক্ষেত্ৰত পৃথক পৃথক হ’ব পাৰে। যেনে :
বয়োজ্যেষ্ঠৰ ব্ৰেইন টিউমাৰ বা কেঞ্চাৰৰ লক্ষণ
প্ৰচণ্ড মূৰৰ বিষ
অস্পষ্ট দেখা পোৱা
মূৰ ঘূৰণি
স্মৰণ শক্তি সম্পৰ্কীয় সমস্যা
বমি ভাৱ হোৱা
কথা কোৱাত সমস্যা হোৱা
হাত–ভৰি জিনজিন কৰা
সোৱাদ আৰু গোন্ধ কমকৈ পোৱা
শিশুৰ ব্ৰেইন কেঞ্চাৰৰ প্ৰাথমিক লক্ষণ
কডিনেচনৰ অভাৱ
মূৰৰ অসামান্য স্থিতি
অধিক পিয়াহ লগা
বাৰে বাৰে প্ৰস্ৰাৱ লগা
প্ৰচণ্ড মূৰৰ বিষ
অস্পষ্ট দেখা
মূৰঘূৰণি
ভাগৰুৱা হোৱা
সোৱাদ আৰু গোন্ধ কম পোৱা
যদি এনেধৰণৰ লক্ষণ অধিক সময়লৈ দেখা দিয়ে শীঘ্ৰে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|